কৰ’না প্রতিৰোধত একত্রিত শাসক-বিৰোধী

কৰ’না প্রতিৰোধত একত্রিত শাসক-বিৰোধী
COVID-19

কৰ’না ভাইৰাছৰ পৰিপ্রেক্ষিতত ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ যথোচিত সিদ্ধান্ত গ্রহণৰ বাবে আজি অনুষ্ঠিত হয় সর্বদলীয় বৈঠক৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় সর্বদলীয় বৈঠক৷ মুখ্যমন্ত্রীৰ আহবানত অনুষ্ঠিত সর্বদলীয় বৈঠকত প্রায়কেইটা ৰাজনৈতিক দলৰ প্রতিনিধিয়ে অংশগ্রহণ কৰি কৰ’না ভাইৰাছ প্রতিহত কৰা আৰু অর্থনৈতিক পৰিকাঠামো সুস্থিৰ কৰি ৰখাৰ ক্ষেত্রত যথোচিত ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক আহবান জনায়৷

ইতিমধ্যে স্বাস্থ্য বিভাগ বা তাৰ লগত জড়িত সংশ্লিষ্ট বিভাগকেইটাই গ্রহণ কৰা পদক্ষেপত ৰাজনৈতিক দলসমূহৰ প্রতিনিধিয়ে সন্তুষ্টি ব্যক্ত কৰে যদিও প্রয়োজন সাপেক্ষে আৰু দৃঢ় কার্যব্যৱস্থা হাতত ল’বলৈ চৰকাৰক আহবান জনায়৷ সর্বদলীয় বৈঠকে অসম চৰকাৰৰ কর্মকর্ বিশেষকৈ স্বাস্থ্য বিভাগৰ বিষয়া-কর্মচাৰী, চিকিৎসক,নার্ছ, আশাকর্মীৰ উপৰি আৰক্ষী, যোগান বিভাগৰ বিষয়া-কর্মচাৰীক ধন্যবাদ জ্ঞাপন কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

সোণোৱালে কয় যে এই দুযোর্গৰ সময়ত ৰাইজৰ স্বার্থত সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে আজি সর্বদলীয় বৈঠকে সংকল্প গ্রহণ কৰে৷ কৰ’না প্রতিৰোধৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰা পদক্ষেপত ৰাজনৈতিক দলসমূহ উৎসাহিত হোৱাৰ লগতে পার্যমানে সহযোগিতা আগবঢ়াই যাব বুলিও আজিৰ সভাত প্রতিশ্রুতি দিয়াৰ কথা মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ মুখ্যমন্ত্রীয়ে লগতে জনায় যে ৩৩খন জিলাৰ ৰাইজৰ সুৰক্ষাৰ বাবে চৰকাৰে ইতিপূর্বে গ্রহণ কৰাপদক্ষেপ সন্দর্ভত আজি আটাইকেইটা দলৰ প্রতিনিধিৰ পৰা পুনৰ পৰামর্শ বিচাৰে আৰু আটাইকেইটা দলে পৰামর্শ আগবঢ়ায়৷ ৰাজনৈতিক দলকেইটাৰ পৰামর্শ কার্যকৰী কৰাৰ বাবে মুখ্যমন্ত্রীয়ে প্রতিশ্রুতি দিয়াৰ লগতে মুখ্যমন্ত্রী হিচাপে তেওঁ আটাইকেইটা দলকে কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইফালে সর্বদলীয় বৈঠকত অংশগ্রহণ কৰি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এই দুর্দিনৰ সময়ত চৰকাৰক সকলো দিশত সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে৷

গগৈয়ে কয় যে এতিয়া সমানে দুখন যুদ্ধ কৰিব লগা হৈছে৷ কৰ’না প্রতিৰোধৰ বাবে যুদ্ধ দিয়াৰ লগতে ৰাজ্যৰ অর্থনৈতিক পৰিকাঠামো যাতে ভাঙি নাযায়, সেই ক্ষেত্রতো চৰকাৰে যুঁজ দিব লগা হৈছে৷ স্বাস্থ্যৰ সমান্তৰালকৈ অর্থনৈতিক পৰিকাঠামো ধৰি ৰখাৰ যুদ্ধ নকৰিলে ৰাজ্যৰ অর্থনীতিয়ে ভয়ংকৰ ৰূপ ল’ব বুলিও তৰুণ গগৈয়ে আশংকা ব্যক্ত কৰি এইক্ষেত্রত যাৱতীয় পদক্ষেপ লোৱাত চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে৷ কৰ’না প্রতিৰোধৰ বাবে চৰকাৰে গ্রহণ কৰা ব্যৱস্থা সন্তোষজনক যদিও এতিয়াও এই ভাইৰাছ সংক্রমণৰ প্রতিৰোধ নিশ্চিত কৰি ৰখাৰ ক্ষেত্রত পর্যাপ্ত পৰিমাণৰ প্রতিৰোধ কীটৰ অভাৱ হৈ থকা বুলি বিষয়টো চৰকাৰক আঙুলিয়াই দিয়ে আৰু যাৱতীয় ব্যৱস্থা ল’বলৈ আহবান জনায়৷

উল্লেখযোগ্য যে মুখ্যমন্ত্রীয়ে আহবান জনোৱা আজিৰ এই সর্বদলীয় বৈঠকত বিজেপিৰ লগতে কংগ্রেছ, অগপ, বি পি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম-এল), এন চি পি, আৰ জে ডি, তৃণমূল কংগ্রেছ, ইউ পি পি এলকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্রতিনিধিয়ে অংশগ্রহণ কৰি কৰ’না ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত ল’ব লগা কার্যব্যৱস্থাৰ ওপৰত পৰামর্শ আগবঢ়ায়৷ বৈঠকত অংশগ্রহণ কৰি স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে গ্রহণ কৰা আৰু অনাগত সময়ত গ্রহণ কৰিব লগা বিভিন্ন পদক্ষেপ সন্দর্ভত ৰাজনৈতিক দলৰ প্রতিনিধিসকলৰ সন্মুখত বিস্তৰ ব্যাখ্যা দাঙি ধৰে৷ সর্বদলীয় বৈঠকখনত কৃষি মন্ত্রী অতুল বৰা, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, বিৰোধী দলপতি দেৱব্রত শইকীয়া, এ আই ইউ ডি এফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ, সাংসদ বিশ্বজিৎ দৈমাৰী, বিধানসভাৰ প্রাক্তন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষিকেশ গোস্বামী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃৃষ্ণ, আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তকে ধৰি ভালেসংখ্যক শীর্ষ বিষয়াই অংশগ্রহণ কৰে৷