ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমন : ৰাষ্ট্ৰীয় উদ্যানখনৰ এনিমেল কৰিডৰত ছাত্ৰ ছাত্ৰীৰ পৰিস্কাৰ অভিযান :

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমন  : ৰাষ্ট্ৰীয় উদ্যানখনৰ এনিমেল কৰিডৰত ছাত্ৰ ছাত্ৰীৰ পৰিস্কাৰ অভিযান  :
Aiidesh photo

Aiidesh News :  25 February  :

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ২৬ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমনৰ লগত সংগতি ৰাখি আজি বোকাখাতৰ জে ডি এছ জি মহাবিদাযলয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ২৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ দুটা এনিমেল কৰিডৰত আৱৰ্জনা পৰিস্কাৰ কৰে ৷ মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ  তত্বাৱধায়ক অধ্যাপক প্ৰশান্ত শইকীয়া আৰু অধ্যাপ মতিৰাম দাসৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীৰ দলটোয়ে কাজিৰঙাৰ গুৰুত্বপুৰ্ণ পানবাৰী আৰু হালধিবাৰী এনিমেল কৰিডৰ আৰু মিহিমুখৰ পৰ্যটক কেন্দ্ৰত আৱৰ্জনা সমুহ পৰিস্কাৰ কৰে ৷

ৰাষ্ট্ৰপতি গৰাকীৰ ভ্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰী সকলে এনিমেল কৰিডৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত যানবাহন আৰু যাত্ৰীয়ে পেলাই যোৱা প্লাষ্টিকৰ বটল,  খাদ্য সামগ্ৰীৰ টোপোলা ইত্যাদি বুটলি চফা কৰি এনিমেল কৰিডৰ দুটা অৱৰ্জনা মুক্ত কৰি তোলে ৷ ইয়াৰ লগতে ৰাষ্ট্ৰপতি গৰাকীয়ে হাতী চাফাৰীৰ বাবে যাব লগা মিহিমুখ অঞ্চলো পৰিস্কাৰ কৰে ছাত্ৰ ছাত্ৰীৰ দলটোয়ে ৷ ছাত্ৰ ছাত্ৰী সকলৰ এই পৰিস্কাৰ অভিযানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়া তৰুণ গগৈ আৰু জেষ্ঠ সাংবাদিক উত্তম শইকীয়াৰ উপৰিও বন বিভাগৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ বন বিষয়া দিব্যধৰ গগৈ, ডি এফ অ' ৰমেশ কুমাৰ গগৈ আৰু বোকাখাতৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱালেও সহযোগ কৰে ৷

৪১ বছৰৰ পিচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৰাষ্ট্ৰ প্ৰধানৰ আগমনত আমি উৎফুল্লিত ৷ ৰাষ্ট্ৰপতি গৰাকীৰ এই ভ্ৰমন কালত এনিমেল কৰিডৰ বা বন্যপ্ৰাণীৰ বুলনি সমুহ পৰিস্কাৰ কৰি পৰিদৰ্শ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো বুলি মন্তব্য কৰে অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলে ৷

*******