বোকাখাত মহকুমাৰ বাঘেখোৱা চাপৰিত মহিলাৰ এটা বেগ উদ্ধাৰ : নিমাতী নাওঁ দুৰ্ঘটনাৰ কোনো যাত্ৰীৰ বুলি সন্দেহ :

বোকাখাত মহকুমাৰ বাঘেখোৱা চাপৰিত মহিলাৰ এটা বেগ উদ্ধাৰ  : নিমাতী নাওঁ দুৰ্ঘটনাৰ কোনো যাত্ৰীৰ বুলি সন্দেহ  :
Photo by Aiidesh.
বোকাখাত মহকুমাৰ বাঘেখোৱা চাপৰিত মহিলাৰ এটা বেগ উদ্ধাৰ  : নিমাতী নাওঁ দুৰ্ঘটনাৰ কোনো যাত্ৰীৰ বুলি সন্দেহ  :

বোকাখাত মহকুমাৰ বাঘেখোৱা চাপৰিত মহিলা এটা বেগ উদ্ধাৰ  : নিমাতী নাওঁ দুৰ্ঘটনাৰ কোনো যাত্ৰীৰ বুলি সন্দেহ  :

Aiidesh news:  16 September  :

বোকাখাত মহকুমাৰ ভক্তে চাপৰিৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত বাঘেখোৱা নামৰ চাপৰিত বুধবাৰৰ দিনা বিয়লি স্থানীয় মাছমৰীয়াই এটা বেগ উদ্ধাৰ কৰে ৷ পানীত উটি আহি বালিত পৰি ৰোৱা অৱস্থাত পাই বগা ৰঙৰ লেডাৰৰ বেগটো ৷ 
বেগটোৰ ভিতৰত মহিলাই ব্যৱহাৰ কৰা কাপোৰ, এটা নীলা জেকেট, আপেলৰ দুটা টোপোলা, কনমানি এজোৰ চেণ্ডেল আৰু এখন আধাৰ কাৰ্ড পোৱা গৈছে ৷ আধাৰ কাৰ্ডখন যোৰহাট বালি গাওঁৰ নয়নমনি পায়েংৰ বুলি জানিব পৰা গৈছে ৷
পানীত উটি অহি বালিত লাগি থকা বেগটো বুধবাৰৰ দিনা স্থানীয় মাছমৰীয়াই দেখি ভক্তে চাপৰিত থকা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন শিৱিৰৰ বনকৰ্মীক জনায় ৷ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে বিষয়টো বোকাখাত আৰক্ষীক অৱগত কৰাত বোকাখাত আৰক্ষীয়ে বৃহস্পতি বাৰৰ দিনা বনকৰ্মীৰ সহযোগত যন্ত্ৰচালিত নাৱেৰে গৈ বাঘেখোৱা চাপৰিৰ পৰা সামগ্ৰীৰে সৈতে বেগটো উদ্ধাৰ কৰে ৷ 


উদ্ধাৰ হোৱা বেগটো নিমাতীৰ শোকাবহ নাওঁ দুৰ্ঘটনাৰে কোনো যাত্ৰীৰ বুলি স্থানীয় লোক আৰু উদ্ধাৰকাৰী দলে সন্দেহ কৰিছে ৷ বেগৰ লগত পোৱা নয়নমনি পায়েংৰ সন্ধানত বোকাখাত আৰক্ষীয়ে এতিয়া অনুসন্ধান আৰম্ভ কৰিছে ৷

********