বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত গোলাঘাটৰ শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীৰ দল : গীতে মাতে শৈক্ষিক অনুষ্ঠান :

 

Aiidesh News  : 2nd November :

এক বিশেষ ক্ষেত্ৰ অধ্যয়নৰ কাৰ্যসুচীৰে গোলাঘাটৰ শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ ৬০ জনীয়া শিক্ষাৰ্থী দলে আজি বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰলৈ পৰিদৰ্শন কৰে ৷ মহাবিদ্যালয় খনৰ প্ৰবক্তা পাৰিজাত নেওঁগ, বৰ্ণালী শৰ্মা, মিনাক্ষী বুঢ়াগোহাঁই, প্ৰান্তি খাউণ্ড ৰহমান, জ্যোতি বৰা, সংগীতা শইকীয়া আৰু সুৰ্যকান্তি দেৱীৰ নেতৃত্বত অহা এই শিক্ষক প্ৰশিক্ষাৰ্থীৰ দলে উজনি অসম বিকলাংগ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ উপৰিও পৰিচালনা সমিতিৰ বিষয় ববীয়াৰে মত বিনিময় কৰে ৷ দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে শিক্ষণ সম্পৰ্কীয় তথ্য সংগ্ৰহৰ লগতে গীতে মাতে এক আকৰ্ষণীয় শৈক্ষিক অনুষ্ঠানো পৰিৱেশন কৰে ৷ উজনি অসম বিকলাংগ কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সম্পাদক উত্তম শইকীয়াই শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীৰ দলটোক কেন্দ্ৰলৈ আদৰণী জনোৱাৰ লগতে সভাপতি জিতু শৰ্মা ৰাজখোৱাই কেন্দ্ৰ কাৰ্যাৱলী আৰু পৰিকল্পনাৰ বিষয়ে সকলোকে অৱগত কৰে ৷ অনুষ্ঠানত উজনি অসম বিকলাংগ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত স্পিচিয়েল হেণ্ডিকেপড স্কুল পৰিচালনা সমিতিৰ সভাপতি ফনীধৰ হাজৰিকা, প্ৰধান শিক্ষয়ত্ৰী কুঞ্জলতা দাস আৰু উপ সভাপতি দুলাল ডেকাও উপস্থিত থাকে ৷ অনুষ্ঠানতে গোলাঘাটৰ শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ তৰফৰ পৰা কেন্দ্ৰলৈ এটা বুক চেল্ফ, কেতবোৰ শৈক্ষিক সামগ্ৰীৰ লগতে আৰ্থিক সাহাৰ্যও আগবঢ়ায় ৷

*******