বোকাখাতৰ বংকোৱালত পহু উদ্ধাৰ : বন বিভাগক অৰ্পণ :

বোকাখাতৰ বংকোৱালত পহু উদ্ধাৰ : বন বিভাগক অৰ্পণ :
পহু উদ্ধাৰ

 

বোকাখাত মহকুমাৰ বংকোৱালৰ সমীপৰ নামটেমেৰা গাওঁত স্থানীয় লোকে আজি বিয়লি এজনী পহু কৰায়ত্ব কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ পৰা ওলায় অহা এই পহুজনীয়ে ব্ৰহ্মপুত্ৰৰ চাপৰিৰে আহি বংকোৱালত ওলায় । পহুজনীক ব্ৰহ্মপুত্ৰ নদীৰ দিশৰ পৰা কোনো লোকে খেদি অনা প্ৰত্যক্ষ কৰি গাওঁৰ যুৱক গৌৰীশংকৰ বৰিয়ে অতি কৌশলেৰে পহুজনীক কৰায়ত্ব কৰে । কৰায়ত্ব কৰা পহুজনীৰ চকু বান্ধি তেওঁ বন বিভাগক অৱগত কৰে । পাচত বোকাখাত বন সংমণ্ডলৰ বনকৰ্মীয়ে পহু জনীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰলৈ প্ৰেৰণ কৰে । পহুজনী সম্প্ৰতি সুস্থ অৱস্থাতে আছে বুলি জানিব পৰা গৈছে আৰু অচিৰে বনত মুকলি কৰি দিব পৰা যাব বুলি বন বিভাগৰ সুত্ৰত প্ৰকাশ । উল্লেখ্য যে কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ পৰা বিভিন্ন সময়ত পহু ব্ৰহ্মপুত্ৰৰ চাপৰিবোৰলৈ সময়ে সময়ে ওলায় যায় । পহুৰ উপৰিও কাজিৰঙাৰ ঢেকীয়াপতীয়া বাঘ , বনৰীয়া মহ আৰু গঁড়ো এই চাপৰি বোৰলৈ ওলায় য়ায ।সম্প্ৰতি দুটাকৈ গঁড় কাজিৰঙাৰ পৰা ওলায় গৈ চাপৰিত বিচৰণ কৰি ফুৰিছে গৈ । লক ডাউনৰ মাজতো বন কৰ্মী সকলে দিনে ৰাতিয়ে পহৰা দিছে এই গঁড় দুটাক ।