বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অগৰাতলি বনাঞ্চলত জীপ চাফাৰীৰ শুভাৰম্ভ :

বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অগৰাতলি বনাঞ্চলত জীপ চাফাৰীৰ শুভাৰম্ভ  : 

Aiidesh News  : 2nd November : 

বোকাখাত নগৰৰ সমীপতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৱ বনাঞ্চল অগৰাতলিত আজি বিশ্বৰ পৰ্যটকৰ বাবে জীপ চাফাৰী আৰম্ভ কৰা হয় ৷ আজি পুৱা বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰৰ ২২ গৰাকী বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অগৰাতলি বনাঞ্চলত এই চাফাৰী উন্মোচন কৰা হয় ৷ পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ, অগৰাতলিৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা আৰু কঁহৰাৰ বনাঞ্চলিক বিষয়া ড৹ বিভূতি ৰঞ্জন গগৈৰ উপস্থিতিত উজনি অসম বিকলাংগ কেন্দ্ৰৰ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীৰ দলে কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত জীপেৰ পৰিভ্ৰমন কৰে ৷ পৰ্যটন বৰ্ষৰ আৰম্ভনিতেই বিশেষভাৱে সক্ষম ছাত্ৰী ছাত্ৰীক কাজিৰঙা দৰ্শনৰ সুবিধা প্ৰদান কৰাৰ বাবে উজনি অসম বিকলাংগ কেন্দ্ৰৰ তৰফৰ পৰা ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক উজনি অসম বিকলাংগ কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে অক্টোবৰ মাহতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে জীপ চাফাৰী মুকলি কৰাৰ পিচত আজি আগৰাতলি বনাঞ্চলত জীপ চাফাৰী আৰু কঁহৰা বনাঞ্চলত হাতী চাফাৰী পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷

********