কাজিৰঙাত অসম গেছ কোম্পানীৰ প্ৰথমটো প্ৰাকৃতি গেছ ইন্ধন কেন্দ্ৰ উদ্বোধন : অনুষ্ঠানত অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলীন চতিয়া আৰু পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী :

কাজিৰঙাত অসম গেছ কোম্পানীৰ প্ৰথমটো প্ৰাকৃতি গেছ ইন্ধন কেন্দ্ৰ উদ্বোধন  :  অনুষ্ঠানত অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলীন চতিয়া আৰু পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী  :
Aiidesh Photo

Aiidesh News  : 10 March - 2024 : 

দুলীয়াজান থকা অসম গেছ কোম্পানীৰ উদ্যোগত আজি গোলাঘাট জিলাৰ পৰ্যটন স্থলী কাজিৰঙাত প্ৰথমটো প্ৰাকৃতিক গেছ (চি এন জি ) ষ্টেচন মুকলি কৰা হয় । ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেডৰ সহযোগত কাজিৰঙাৰ শিলজুৰিত থকা ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেডৰ  এন ই এছ কাজিৰঙা তেল ডিপোত  প্ৰাকৃতিক গেছ ষ্টেচনটো আজি ফিটা কাটি মুকলি কৰে অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলীন চতিয়াই । অধ্যক্ষ গৰাকীয়ে কাজিৰঙাত প্ৰতিষ্ঠা কৰা গোলাঘাট জিলাৰ প্ৰথমটো  প্ৰাকৃতিক গেছ ইন্ধন কেন্দ্ৰ মুকলি কৰি কয় যে এই কেন্দ্ৰটো এতিয়া কাজিৰঙাৰ বাবে এক আশীৰ্বাদ স্বৰূপ হ’ল । কিয়নো  ৯ মাৰ্চত ভাৰতবর্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপচিৰে বন্যপ্ৰাণী দৰ্শন কৰিছিল তেতিয়া তেওঁ বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে কাজিৰঙা অঞ্চলটো সকলো ফালৰ পৰা প্ৰদূষণ মুক্ত হৈ থকাটো কামনা কৰিছিল । প্ৰধানমন্ত্ৰী গৰাকীয়ে অসম ভ্ৰমণ কৰি যোৱা এদিনৰ পিছতেই কাজিৰঙাত অসম গেছ কোম্পানীৰ উদ্যোগত প্ৰদূষণ মুক্ত প্ৰকৃতিক গেছৰ কেন্দ্ৰ মুকলি কৰিব পৰাটো সঁচাই অসম চৰকাৰৰ লগতে গেছ কোম্পানীৰ এক ডাঙৰ সফলতা বুলি অধ্যক্ষ গৰাকীয়ে মন্তব্য কৰে । বলীন চেতিয়াৰ মতে  কাজিৰঙাত পৰ্যটক কঢ়িয়াবৰ বাবে কমেও পাঁচ শতাধিক জীপচি গাড়ী ব্যৱহাৰ কৰা হয় ৷ যদি অসম চৰকাৰৰ বন বিভাগ আৰু কাজিৰঙাৰ সচেতন নাগৰিকে অচিৰেই এই জীপচি সমূহ প্ৰাকৃতিক গেছেৰে চলোৱাৰ ব্যৱস্থা কৰে তেতিয়া হলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ কাৰণে এক প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টি হ'ব ৷ লগতে এখন এখন জীপচি গাড়ীয়ে এক কেজি প্ৰাকৃতিক গেছৰ ইন্ধনত কমেও ৩৫ কিলোমিটাৰ পৰ্য্যন্ত মাইলেচ লাভ কৰি অৰ্থনৈতিক ভাৱে লাভৱান হ'ব ৷

অনুষ্ঠানত উপস্থিত থকা অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীয়ে   অসমৰ বিভিন্ন প্ৰান্তত অসম গেছ কোম্পানীয়ে প্ৰাকৃতি গেছৰ কেন্দ্ৰ বৃদ্ধি কৰিব পৰাটো কোম্পানীৰ এক বৃহৎ ব্যৱসায়ীক সফলতা বুলি মন্তব্য কৰে । লগতে অসম গেছ কোম্পানীৰ ভৌগোলিক এলেকাৰ ৬ খন জিলাত  আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত ২০ টা প্ৰকৃতিক গেছৰ কেন্দ্ৰ স্থাপন কৰা হ’ব আৰু পৰৱৰ্তী সময়ত এনে এটা  কেন্দ্ৰ পৰা আনটো কেন্দ্ৰলৈ যাতে দূৰত্ব ৫০ কিলোমিটাৰৰ ভিতৰত হয় তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব বুলিও জনায় । ৰাজ্যত প্ৰাকৃতিক গেছৰ বিপনন কেন্দ্ৰ স্থাপনৰ বাবে ইতিমধ্যে অসম গেছ কোম্পানীয়ে ইণ্ডিয়ান অইল ক'ৰপৰেচন লিমিটেড, হিন্দুস্থান পেট্ৰকেমিকেল লিমিটেড আৰু বঙাইগাওঁ পেট্ৰকেলিকেল লিমিটেডৰ লগত এক বুজাবুজি চুক্তিও স্বাক্ষৰ কৰিছে আৰু চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰত পেট্ৰল, ডিজেলৰ লগতে প্ৰাকৃতিক গেছৰ ইন্ধনৰ যোগানৰ কেইবাটাও ডিপো স্থাপন কৰিবলৈ ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পৰা অনুমতি লাভ কৰিছে বুলি পৰিচালন সঞ্চালক গৰাকীয়ে অনুষ্ঠানত অৱগত কৰে । 

অসম গেছ কোম্পানীৰ  পাইকাৰী নিৰ্মান বিপননৰ জ্যেষ্ঠ প্ৰৱন্ধক পৰমেশ দত্তই আদৰণী ভাষণ আগবঢ়োৱা আৰু গেছ কোম্পানীৰ জনসংযোগ বিভাগৰ সহকাৰী প্ৰৱন্ধক প্ৰেৰণা বৰদলৈয়ে আঁতধৰা অনুষ্ঠানত উপস্থিত বঙাইগাওঁ পেট্ৰকেমিকেল লিমিটেডৰ শীৰ্ষ বিষয়া পংকজ দাস, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, অসম গেছ কোম্পানীৰ বৰ্ড সঞ্চালক ধীৰেন সন্দিকৈ, পাইকাৰী বিপননৰ উপ মহা প্ৰৱন্ধক সমৰজিত নেওগ, বিপনন আৰু ব্যৱসায়ৰ জ্যেষ্ঠ প্ৰৱন্ধক আদিত্য কুমাৰ, মুখ্য প্ৰৱন্ধক ৰিপুঞ্জয় ফুকন, বি বি অংশুমান ঠাকুৰ, সামগ্ৰি বিভাগৰ প্ৰৱন্ধক উৎপল কুমাৰ বৰগোঁহাই, বঙাইগাওঁ পেট্ৰকেমিকেল লিমিটেডৰ বিষয়া মৌচম খাউণ্ড, কাজিৰঙাৰ বনসংমণ্ডল প্ৰধিকাৰী অৰুণ বিঘ্নেশ , গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতি প্ৰেমী অপূৰ্ব বল্লভ গোস্বামী, অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ বাবুলাল মোৰৰ আদি উপস্থিত থাকে ৷ অনুষ্ঠানৰ শেষত কাজিৰঙাৰ প্ৰাকৃতিক গেছ কেন্দ্ৰৰ স্বত্বাধিকাৰী অনিমেষ শইকীয়াই কাজিৰঙাত এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম গেছ কোম্পানীক ধন্যবাদ জ্ঞাপন কৰে । 

*********