কর্ম মর্য্যদা আৰু কিছু কথা
সমাজ এখনত শিক্ষক ,ডাক্তৰ ,খেতিয়ক,নার্চ,চালক ,বেপাৰী,দোকানী,ৰাজনীতি বিদ ,দিনহাজিৰা কৰা ব্যক্তি সকলোৰে প্রয়োজন ।অকল এজন ডাঙৰ চাকৰীয়ালে এখন সমাজ চলাব নোৱাৰে। সকলোৰে সু সমন্বয়তে সমাজখন সুচাৰু ৰূপে পৰিচালিত হয় ।আৰু সমাজ এখনৰ বাবে সকলো শ্রেণীৰ ব্যক্তি লাগে।ৰিস্কাচালকৰ পৰা প্রশাসকলৈ সকলোৰে আমাক প্রয়োজন হয়।অলপ উদাহৰণলৈ যাও আহক ।এজন চিকিৎসকে অকলে চিকিৎসা কৰিব নোৱাৰে তেঁও নার্চ লাগিব,ৱার্ড বয় লাগিব।যদি ডাক্তৰজনে নিজৰ পদমর্যদাক লৈ গপতে গঙ্গাটোপ হৈ নার্চক সহযোগ নকৰে,নার্চে যদি ৱার্ড বয়ৰ ব্যক্তিত্বক অসন্মান কৰে তাত অৰাজকতা নহ'বনে ? অকলে সম্পাদকজনে এখন বাতৰি কাকত চলাব নোৱাৰে।সাংবাদিক লাগিব,কর্মচাৰী লাগিব ।পঢ়ুৱৈ লাগিব ।অকল বিজ্ঞান হ'লেই নহ'ব,কলাও লাগিব,কর্মাচও লাগিব,কাৰিকৰী জ্ঞানো লাগিব।মেট্রিকত প্রথম বিভাগ পোৱাজনক আমি যিদৰে আদৰো সেইদৰে আমি ফেইল কৰা জনকো দলিয়াই দিব নোৱাৰো।সিয়ো কিবা এটা কৰি অন্তত জীয়াই থাকিব লাগিব।তাক কি আমি কেটেৰা-জেঙেৰা কৰিম নেকি ? সি হয়তু ভাল নম্বৰ পোৱা কেইজনকে সৎ হব পাৰে।এজন ঘোচখোৰ ইঞ্জিয়াৰতকৈ এজন বনুৱাৰ মর্যদা ওপৰত।কোনো ক্ষেত্রত এখন কলেজৰ অধ্যক্ষতকৈ এজন চতুর্থ শ্রেণীৰ কর্মচাৰীৰ অৱদান বেছি হ'ব পাৰে।বিজ্ঞানৰ কথা কাহানিও হৃদয়ংগম নকৰি পৰীক্ষাত হাইফাই নম্বৰ লাভ কৰি দামী চাকৰি কৰা ব্যক্তিজনতকৈ বাতৰি কাকতৰ এজন হকাৰৰ মন অধিক সংস্কাৰ মুখী হ'ব পাৰে।ৰাইজৰ ধন চান কাঢ়ি খোৱা ৰাজনীতিবিদজনতকৈ গাঁৱৰ পানীপৰা জুপুৰীত থকা প্রাথমিক বিদ্যালয়ৰ শিক্ষকজনৰ অৱদান বহুত বেছি।সমাজৰ প্রতি দায়বদ্ধ নোহোৱা অকল ল'ৰা-মাইকীতে ব্যস্ত প্রশাসনিক এজন বিষয়াতকৈ এজন বনুৱাৰ শ্রম ওপৰত।কোন কিমান পঢ়া ,কি পঢ়া তাতকৈ সমাজৰ বাবে কি কৰিলে সেয়াহে ডাঙৰ কথা।পঢ়াবোৰ কামত লগালে নাই সেয়াহে ডাঙৰ কথা।কোনে কিমান ডাঙৰ চাকৰি কৰে সেয়া ডাঙৰ কথা নহয় ।কিমান নিখুটকৈ নিজ নিজ কর্ম সম্পাদন কৰিছে সেয়া ডাঙৰ কথা।এজন কোটিপতি অসৎ বিষয়াতকৈ এজন সাধাৰন সৎ মানুহ আমাৰ বেছি প্রয়োজনীয়।সকলো মানুহ সকলো হ'ব নোৱাৰে।কিন্তু নিজ যোগ্যতাৰে কিবা এটা কৰিব পাৰে।আৰু সেই কিবাবো কিমান সততাৰে কৰিছে সেইটোহে আচল কথা।প্রত্যেক ব্যক্তিৰে আত্মমর্যদা আছে।আৰু এই মর্যদাক সকলোৱে সন্মান কৰাটো বাঞ্ছনীয়।আনৰ কর্মৰ মর্যদাক স্বীকৃতি দিব লাগে ।তেহে এখন সমাজ উন্নতিৰ জখলাত সফল আৰোহণ কৰিব পাৰিব
মন্তু বৰুৱা, যোৰহাট