বিহুৰ ১০১ বিধ শাকৰ পৰম্পৰা আৰু তাৎপৰ্য

বিহুৰ ১০১ বিধ শাকৰ পৰম্পৰা আৰু তাৎপৰ্য

 

-

ভাৰতৰ পূব প্ৰান্তৰ অসম ৰাজ্য ঐতিহ্য আৰু বৈচিত্ৰময় পৰম্পৰাৰে সমৃদ্ধ এখন দেশ। বুৰঞ্জিয়ে ঢুকিপোৱাৰ পূৰ্ব্বৰে পৰাই এই দেশে বৰ্নময় সংস্কৃতি আৰু পৰম্পৰা বহন কৰি আহিছে।

আৱহমান কালৰে পৰা চলি অহা পৰম্পৰা ৰীতি-নীতি আৰু লোক বিশ্বাস বোৰৰ প্ৰতিটোৱেই সৰ্বসাধাৰণ লোকৰ অজ্ঞাতে বৈজ্ঞানিক দৃষ্টি ভংগীৰে সমৃদ্ধ হৈ আছে।

পৃথিৱীৰ জৈৱ-বৈচিত্ৰৰে চহকী অঞ্চল সমূহৰ মাজত ভাৰত বৰ্ষৰ উত্তৰ পূৰ্ব্বাঞ্চল অন্যতম। ইয়াৰ পাহাৰে কণ্ডৰে শ শ প্ৰজাতিৰ লতা, গুল্ম উদ্ভিদেৰে পৰিপূৰ্ণ। এই উদ্ভিদবোৰ প্ৰত্যেকেই কিবা নহয় কিবা ঔষধী গুণেৰে পৰিপূৰ্ন।

বছৰৰ ৬ ঋতুত পাহাৰে ভৈয়ামে গজি উঠা এই উদ্ভিদবোৰ অতিজৰে পৰা মানুহে খাদ্য হিচাপে গ্ৰহন কৰি আহিছে।

ইয়াৰ বহুবিধ লতা, গুল্ম মানুহে যুগ যুগ ধৰি পৰম্পৰা গত ভাৱে বিভিন্ন দুৰাৰোগ্য ৰোগৰ জীৱন দায়ীনী ঔষধী স্বৰুপেও ব্যৱহাৰ কৰি প্ৰান ৰক্ষা কৰি আহিছে।

বছৰৰ ভিন্ন সময়ত খাদ্য ৰুপে গ্ৰহন কৰা এই উদ্ভিদ সমূহ অসমীয়া মানুহে বহাগ বিহুৰ গৰু বিহুৰ দিনা ১০১ বিধ সংগ্ৰহ কৰি খোৱাটো এটা কৌটি কলিয়া পৰম্পৰা ৰুপে পালন কৰি আহিছে।

কিন্তু এই ১০১ বিধ শাক-পাচলিয়ে কেৱল মনত তৃপ্তি, জিভাত সোৱাদ দিয়াই নহয় ইয়াতো আছে নিৰ্ভৰ যোগ্য বিজ্ঞান সন্মত যুক্তি।

এনে শাক-পাচলিয়ে মানুহৰ দেহক সতেজতা প্ৰদান কৰে, বল-শক্তি বৃদ্ধি কৰে আৰু কৰ্ম প্ৰেৰণা যোগায়।

মানুহৰ দেহত বিভিন্ন ধৰণৰ ৰোগৰ প্ৰতিসেধক ৰোপে কাম কৰে আৰু ৰোগ নিৰাময়তো সহায়ক হয় এই খাদ্য।

অসমৰ এই যি কৌটি কলিয়া পৰম্পৰা এনে পৰম্পৰা দেশৰ বেলেগ ৰাজ্যত দেখি্বলৈ পোৱা নাযায়। এনে বিৰল পৰম্পৰাক লৈ আমি অসমীয়াই নিশ্চিত ভাৱে গৌৰৱ কৰিব পাৰো।

এটা কথা লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া সংস্কৃতিৰ এই চহকী পৰম্পৰাৰ এই শাক-পাত বোৰৰ বিষয়ে এতিয়াও উপযুক্ত প্ৰণালিবদ্ধ অধ্যয়ন আৰু গৱেষণা হোৱা নাই। ইয়াৰ প্ৰণালীবদ্ধ গৱেষণা আৰু অধ্যয়নৰ যথেষ্ট স্থল আছে।

আজি এই লেখাটোত বহাগৰ গৰু বিহুৰ দিনা আমি খোৱা কেই বিধ মান উদ্ভিদৰ নাম আৰু ঔষধী গুণৰ থুলমুল আভাস দিবলৈ চোষ্টা কৰা হল।

১)কেৰেলা পাত:

English: Bitter gourd: Botanical: Momordica charantia:আইৰন, মেগনেচিয়াম, পতাচিয়াম, ভিটামিন C ৰ উৎস। মধুমেহ নিয়ন্ত্ৰনত সহায় কৰে, কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰে, চুলি আৰু চালৰ ৰোগ প্ৰতিৰোধ কৰে, লিভাৰৰ বিসংগতি দূৰ কৰে, শৰীৰৰ ছৰ্বি কমায়, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

২)চজিনা পাত:

English: Drum stick:Botanical:Moringa oleifera: অস্থি মজবুত কৰে, ৰক্তসংশোধন কৰে, ডায়বেটিছ নিয়ন্ত্ৰনত সহায় কৰে, হজমী শক্তি বৃদ্ধি কৰে আৰু যৌন দূৰ্বলতা নাশকৰে।

৩)ওলকচু:

English: Elephant Yam / Botanical: Amorpophyllus campanulatus, A.paeoniifolius,A. Bulbefer: কেঁচুমূৰীয়া ভালকৰাত সহায়ক আৰু গ্ৰহণী ৰোগ নাশক।

৪)কচুশাক:

English: Arum/Botanical: Colocasai esculenta L : পিত্ত আৰু শোথ ৰোগ নাশক।

৫)কঁঠালৰ মুচি:

English: Jack fruit: Botanical: Artocarpus heterophyllus : কেঁচুমূৰীয়া আৰু পোৰণী গ্ৰহণী নাশক।

৬)কলমৌ শাক:

English: Water spinach: Botanical: Ipomea aquatic Frosk: স্তনত গাখীৰ বৃদ্ধি কৰে, পুৰুষৰ শুক্ৰবৰ্দ্ধক ৰুপে কামকে।

৭)দুপৰ টেঙা:

English: Sprout leaf: Botanical: Bryophyllum pinnatum: প্ৰস্ৰাৱৰ ৰোগ নাশক, বৃক্কৰ পাথৰ নাশক, জণ্ডিচ ৰোগৰ সুপথ্য।

৮)কাঠআলুৰপাত:

English: White Yam : Botanical: Dioscornia alata: বলবৰ্ধক। ভিটামিন B6, B1, ফলিক এচিড আৰু c ভিটামিনৰু ভাল উৎস।

৯)কুকুৰাঠেঙীয়া:

English: Bandicotberry: Botanical:Leea indica: দাঁতৰ ৰোগ, কেন্সাৰ, ডায়বেটিছ, জ্বৰ, খৰ-খজুলি আদি ৰোগ নাশক।

১০)কেঞাবন:

English: Nut grass : Botanical : Kyllingamonocephala: চালৰ ৰোগ নাশক, ছৰ্বি নাশক,ডায়েৰীয়া নাশক, হজমী শক্তি বৰ্ধক।

১১)অমিতা ফুল:

English:papaya/Botanical: Carioca papaya: ই হজম শক্তি বৃদ্ধি কৰে, যকৃত সৱলকৰে, কৰ্কটৰোগ, কুকুৰীকণা নাশক, পেটৰ ঘাঁ শুকুৱাত সহায় কৰে।

১২)কোমোৰা পাত:

English: Ash gourd: Botanical: Benincasa hispida: ৰক্তক্ষৰণ বন্ধ কৰি ঘাঁ শুকোৱাত সহায় কৰে, হৰমনৰ বিসংগতি দূৰকৰাত সহায় কৰে, শৰীৰৰ উজন হ্ৰাস কৰাত সহায় কৰে।

১৩)খুতৰাশাক:

English:green amaranth(?) Botanical: Amaranthus viridis: হজম শক্তি বৃদ্ধি কৰে, ভোক বঢ়াই, পিত্ত, কফ, বিষ নাশক।

১৪)গাখীৰতী:

English: Milky herb: Botanical: Euphorbia hirta: স্নায়ু ৰোগ, দাঁতৰ ৰোগ, শ্বাস-প্ৰশ্বাস জনিত ৰোগ আৰু কোষ্ঠকাঠিন্য আাদি দূৰ কৰে।

১৫)গৰুখিচ:

English: Wild strawberry: Botanical: Fragaria indica: গাউত, আৰ্থাৰাইটিছ, ডায়েৰীয়া,ছালৰ ৰোগ নাশক আৰু দেহৰ ৰোগ প্ৰতিৰোধি ক্ষমতা বৃদ্ধি কাৰক।

১৬)আদা:

English:Ginge: Botanical: Zingiber officinale: হজমিশক্তি বৃদ্ধি কৰে, কাহ, বমি, বীজাণু নাশক।

১৭)চালকুঁৱৰী আগ:

English: Aloe: Botanical: Aloe vera: চালৰ ৰোগ নাশক, পৰিপাক ক্ৰীয়া মজবুত কৰে, ডায়বেটিচ নিয়ন্ত্ৰনত সহায় কৰে, কোষ্ঠকাঠিন্য দূৰকৰাত সহায় কৰে।

১৮)চিৰতা পাত:

English:? Botanacal: Swertia chirata: মেলেৰিয়া, বহুমূত্ৰ ৰোগ দূৰ কৰে, তেজৰ পৰিস্কাৰ কৰে, চালৰ ৰোগ দুৰ কৰে।

১৯)চুকাশাক:

English: Sorrel: Botanical: Rumex vesicarius: বায়ু ৰোগ নাশক।

২০)চেংমৰা/চেঙামু:

English: Spiny arum: Botanical: Lasia spinosa: হাপানী, ব্ৰংকাইটিছ, বাট বিষ, পেটৰ বিষ নাশক।

২১)জবাফুল:

English:China rose: Botanical: Hibiscus rosa-sinensis : চুলিৰ সমস্যা দুৰ কৰে, ৰক্ত শোধন কৰে, ৰক্তস্ৰাৱ আৰু কলেষ্ট্ৰৰেল নিয়ন্ত্ৰন কৰে।

২২)জলকীয়া পাত:

English: Chilli:Botanical: Capsicum annum: দৃষ্টিশক্তি বৃদ্ধিৰ কাৰক, চাল আৰু চুলি মজবুত কৰে, সংক্ৰমন ৰোধকৰে, ৰক্তস্ৰাব কমাত সহায় কৰে, শ্বেতৰক্তকনিকা বৃদ্ধিৰ কাৰক।

২৩)জাতিলাউ পাত:

English: gourd Bottle: Botanical: Lagenaria siceraria: পুষ্টিকৰ, শীত বীৰ্য, শুক্ৰবৰ্দ্ধক।

২৪)জালুকপাত:

English:Black pepper: Botanical: Pepper nigrum: বীজাণু নাশক, গা বিষ নাশক।

২৫)জিকা পাত:

English: Ridge gourd: Botanical: Luffa acutangula: পুষ্টিবৰ্ধক, ইয়াৰ গুটি চাইনাচাইটিচ নাশক।

২৬)জিলমিল:

English: Pigweed: Botanical: Chenopodium album: ভোক বৃদ্ধিৰ কাৰক, বায়ু, পিত্ত, ক্ৰিমি নাশক।

২৭)জেটুলীপকা পাত:

English: Wild raspberry: Botanical: Rubus moluccanus: ৰক্তবৰ্দ্ধক।

২৮)জ্যেষ্ঠমধু পাত:

English: Licorice: Botanical: Glycyrhiza glabra: অন্তৰ ঘাঁ-শুকোৱাত সহায়ক,হৃদ ৰোগ, কফ, পিত্ত নাশক।

২৯)টিকনি বৰুৱা:

English: Pickly ivys: Botanical: Similex perfoliata: শক্তিদায়ক।

৩০)টুবুকী লতা/ টুপুৰী লতা:

English: Botanical: Stephania elegans: S. Hernaudifolia: কেন্সাৰ নাশক, মহিলাৰ বগাস্ৰাৱত ভাল কামকৰে, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ কাৰক।

৩১)টেঙামৰা:

English: Rozella: Botanical: Hibiscus subdariffa: গ্ৰহণী নাশক।

৩২)টেঙেচি টেঙা:

English: Wood sorrel: Botanical: Oxalis repens: স্মৰণ শক্তি বৃদ্ধিকাৰক, গ্ৰহণী নাশক।

৩৩)ঢেঁকীয়া:

English: Fern: Botanical: Polypodium spp : পেট পৰিষ্কাৰক, ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক।

৩৪)ঢেঁকীয়ালতি:

English: Maidenhair creeper: Botanical: Lygodium flexunsum: বাট বিষ নাশক।

৩৫)তৰা গজালি:

English: ? Botanical: পেলুৰ প্ৰতিষেধক।

৩৬)তিতাফুল/ৰামবাহক/ৰঙা বাহক:

English: Botanical: Phlogacanthus curviflorus: কিমি নাশক, ৰক্তশোধক।

৩৭)তিতাবাহক/ তিতাকুচি/বগা বাহক:

English:Malbar nut. Botanical: Justicia adhatoda syn Adatoda vasica: হাঁপানী, ব্ৰংকাইটিছ, ডিঙিৰ বিষ, কাঁফ নাশক।

৩৮)তিঁয়হ পাত:

English: Cucumber: Botanical: Cucumis sativus : পিত্ত পাথৰি ৰোগ নাশক, চকু উজ্জ্বলতা বৃদ্ধি কৰে।

৩৯)তুলসী পাত:

English: Basil: Botanical: Ocimum sanctum: কাঁহ, হাঁপানী, কফ নাশক।

৪০)দহি কচু:

English: Botanical: Alocasia odora: ফিটাপেলু নাশক, কোষ্ঠকাঠিন্য নাশক।

৪১)দাংবদি/লেছেৰা মাহ:

English:Cowpea :Botanical: Vigna sinensis: পুষ্টি বৰ্ধক।

৪২)দুপৰটেঙা:

English: Sproutleaf: Botanical: Bryophyllum pinnatum: পাথৰী নাশক, প্ৰস্বাৱৰ ৰোগ নাশক।

৪৩)দূবৰি বন:

English: Dog grass:Botanical: Cynodon dactylon: মাহেকীয়াৰ সমস্যা দুৰ কৰা, শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। কোষ্ঠবদ্ধতা নাশক।

৪৪)দোৰোণশাক/দুৰুম/ দ্রুণ:

English: Botanical: Leucas aspera: বাতশ্লেষ্মা নাশক, হজমী কাৰক, অৰ্শ, শোথৰ সুপথ্য।

৪৫)ধতুৰা:

English: Thronapple: Botanicatl: Datura stramonium: ঘাঁ শুকোৱাত সহায় কৰে, হাঁপানী আৰু স্নায়ু ৰোগনাশক।

৪৬)ধনিয়া/মেমেধু:

English: Coriander Botanical: Coriandrum sativum: ৰক্তহীনতা, চালৰ ৰোগনাশক, হৃদৰোগ নশক, বেক্টেৰিয়া বিজানু নাশক, হজম শক্তি বৰ্ধক।

৪৭)নৰসিংহ:

English: Curry leaf: Botanical: Murraya koenigii: চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, পেটৰ বিষ নাশক।

৪৮)নহৰু :

English: Garlic Botanical: Allium sativum: হজমী শক্তি বৰ্ধক, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰক, হৃদৰোগ নাশক, জীৱনী শক্তি বৰ্ধক।

৪৯)নিলাজী বন:

English: Sensitive plant: Botanical: Mimosa pudica: ডায়েৰীয়া প্ৰতিৰোধ কৰে, ডাইবেটিছ নিয়ন্ত্ৰন কৰাত সহায় কৰে, অৰ্শ ৰোগ নাশক, এন্টি ফাংগেল।

৫০)নীলকণ্ঠ:

English: Blue fox tail: Botanical: Ecbolium linneanum: মাহেকীয়াৰ সমস্যা, বাট বিষ আৰু প্ৰাস্বাৰ সমস্যা দুৰীকাৰক।

৫১)নেওঠনীয়া/নেওঠনী:

English(?)Botanical: Portulaca grandiflora: এজমা, ডাইবেটিছ, কন্সাৰ নাশক।

৫২)নেফাফু:

English:Botanical: Clerodendrum colebrookianum: উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত।

৫৩)নুনি পাত:

English: Mulberry:Botanical: Morus alba: ব্লাডচুগাৰ নিয়ন্ত্ৰন কৰে, জাৱনীশক্তি বঢ়ায়।

৫৪)পচতীয়া:
English: (?) Botanical: Vitex pentaphylla: চালৰ ৰোগ নাশক, কঁফ নাশক।

৫৫)পদিনা:

English: Mint: Botanical: Mentha viridis: গাৰ দুৰ্গন্ধ নাশক, ৰক্ত বৃদ্ধি কাৰক, পেটৰ বিষ নাশক, বাধক বেদনা নাশক।

৫৬)পনৌনৌৱা/পূর্ণনৱা:

English: Hog weed : Botanical: Peperomia pellucid: ৰক্তবৃদ্ধি কাৰক, শোথনাশক, ঘাঁ শুকুৱা সহায়ক।

৫৭)পালেং:

English: Spinach: Botanical: Spinacea oleracia: ৰক্ত, পিত্ত, বিষ দোষ নাশক, শিশুৰ পয়াঁলগা ৰোগ ভাল কৰে, ছাল নিমজ কৰে।

৫৮)পিৰালি পালেং:

English: Garden spinach: Botanical: Talinum triangulare: প্ৰচুৰ ভিটামিনৰ উ ৎস, বল বৰ্ধক।

৫৯)পিঁয়াজপাত:

English: Onion: Botanical: Allium cepa: মুখৰ আৰু খাদ্যনলীৰ বীজাণুনাশক, ৰক্তবৰ্দ্ধক, যক্ষ্মাৰোগৰ বীজাণু নাশক, শুক্ৰবৰ্দ্ধক।

৬০)পুৰৈশাক:

English: Malabar nightshade: Botanical: Basella rubra, Basella alba: পুষ্টিকাৰক, কুকুৰীকণা নাশক, এলাৰ্জিত উপকাৰী, স্মৃতি শক্তি বৰ্দ্ধক।

৬১)বন জলকীয়া:

English:Wild chilli: Botanical: Clematis cadmia: এন্টিচেপ্তিক।

৬২)বন জালুক:

English:Wildpepper:Botanical: Oldenlandia diffusa, O. Corymbosa : ছালৰ ৰোগ, পেটৰ ৰোগ নাশক।

৬৩)বন ধনিয়া:

English:Sweetleaf: Botanical: Scopuria dulcis : হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ।

৬৪)বৰটেঙেচি:

English: Irish shamrock: Botanical: Oxalis corymbosa: স্মৰণ শক্তি বৃদ্ধিত সহয় কাৰক, গ্ৰহণী নাশক।

৬৫)বৰালি বুকুৱা:

English: Botanical: Pouzolzia zeylanica, P. Indica: ডিচেন্ট্ৰি, ঘাঁ, ফুঁড়া, প্ৰস্বাৱৰ সমস্যাত সহায়ক।

৬৬)বৰিয়াল/বৰবৰিয়াল/সোণবৰিয়াল:

English: Broom jute Botanical: Sida cordifolia:মূত্ৰাশয় আৰু কিডনীৰ সমস্যা নাশক।

৬৭)বর্হমথুৰি/বৰমথুৰি:

English: Lipstick champa: Botanical: Magnolia hodgsonii, Talauma hodgsonii: বেক্টেৰিয়া নাশক।

৬৮)বাবৰি/বালি বাবৰি:

English: (?) Botanical: Myriactis javanica: ক্ৰিমি নাশক, ছালৰ কমনীয়তা বৰ্দ্ধক, বীৰ্যবৰ্দ্ধক, চকুৰ বাবে উপকাৰী।

৬৯)বিলাহী পাত:

English: Tomato: Botanical:Lycopersicon esculentum: তেজবৰ্দ্ধক, ছাল নিমজ কাৰক।

৭০)বিশল্যকৰণি/তিতাবাহক/তিতাখাৰি

English(?): Botanical: Jasticia gendarussa SynGendarussa vulgaris: বিষ নাশক।

৭১)বিহলঙনি:

English: Botanical:Polygonum glabrum , P. Orientale: বিষ, বাত বিষ নাশক।

৭২)বেঙেনা(খৰুৱা):

English: Brinjal: Botanical: Solanum melongena: ৰক্তবৰ্দ্ধক।

৭৩)বেতগাজৰ পাত:

English: Slender Rattan Cane :Botanical: Calamus viminalis, V. Rotang: ক্ৰিমি নাশক, ৰক্তবৰ্দ্ধক।

৭৪)ব্ৰাহ্মীশাক:

English: Brahmi: Botanical: Bacopa monnieri: স্মৰণ শক্তি বৃদ্ধিকাৰক, মৃগী ৰোগ নাশক, মাত পৰিষ্কাৰ কৰে, বায়ু সবল কৰে।

৭৫)ভাঙৰ আগ:

English: Hemp : Botanical: Cannabis sativa: ভোক লগায়, কামভাৱ জাগৃত কৰে, নিদ্ৰাজনক।

৭৬)ভাতকেৰেলা:

English: Spine gourd :Botanical:Momordica dioica : পুষ্টিকাৰক।

৭৭)ভীমৰাজ বন/ভৃগৰাজ:

English:Botanical: Wedelia chinensis: হৃদয় টনিক, বেক্টেৰিয়া বিজানু নাশক, চুলিৰ সমস্যা নাশক, হজমী শক্তি বৰ্ধক।

৭৮)ভেঁকুৰি তিতা/তিতা ভেঁকুৰি:

English: Pickly night shade: Botanical:Solanum indicum: ক্ৰিমি নাশক, তেজ পৰিষ্কাৰক, হাঁইফাই নাশক।

৭৯)ভেদাইলতা/ভাদুলিলতা/ভাদুলতা/মুকুন্দলতা/পাদুৰি লতা:

English: Skunk vine: Botanical: Paederia foetida: শক্তিদায়ক, বাত, গ্ৰহণী নাশক।

৮০)মচন্দৰী/মুচন্দৰী/মচুন্দৰী:

English: Heart leaf: Botanical:Houttuynia cordata: গ্ৰহণী নাশক, জ্বৰ, নিউমোনিয়া ৰোগত উপকাৰী।

৮১)মজাঠি/মজেঠি:

English: Indian madder: Botanical: Rubia cordifolia: বেক্টেৰীয়া প্ৰতিৰোধী, ডাইবেটিচ, কিডনী পাথৰ নাশক, ডিচেন্ট্ৰী প্ৰতিৰোধক।

৮২)মধুৰীআমৰ পাত:

English: Guava: Botanical: Psidium guyava: ডায়েৰীয়া, গ্ৰহনী নাশক।

৮৩)মধুসোলেং:

English: (?) Botanical:Polygonum caespitosum, P. Chinensis: গ্ৰহণী আৰু পেটৰ ৰোগ নাশক।

৮৪)মৰলীয়া পাত/ফুটুকী বন/ঠোঁটনী শাক/ঠোঠনী শাক:

English: Chick’s wort: Botanical: Stellaria media: পেট পৰিষ্কাৰক, পেটৰ ঘা, বদহজম, গ্ৰহণী, অনিদ্ৰা নাশক, বুদ্ধিকাৰক, মেদ নিবাৰিত কৰে।

৮৫)মৰিচা:

English: Amarntha: Botanical: Amaranthus gangeticus: স্মৰণ শক্তি বৰ্দ্ধক, শৌচ স্বাভাৱিক কৰে, কৰ্কট ৰোগৰ পথ্য।

৮৬)মহানিমৰ পাত:

English: Neem: Botanical: Azadirachta indica: তেজ পৰিষ্কাৰক, মেলেৰীয়া, বহুমূত্ৰ ৰোগ নাশক, বীজাণু আৰু কীটাণু নাশ কৰিব পাৰে।

৮৭)মাটি কাঁদুৰি:

English: Sessile joyweed: Botanical: Alteranthera sessile: পেটৰ ৰোগৰ কাৰণে উপকাৰী।

৮৮)মানধনিয়া/নগা ধনিয়া:

Englisndh: Long coriander: Botanical: Eryngium foetidum: হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ।

৮৯)মানিমুনি(বৰ):

English: Asiatic pennywort: Botanical: Centella asiatica: পেটৰ ৰোগ নাশক, স্নায়ুসবল কাৰক।

৯০)মানিমুনি(সৰু):

English: Andem:Botanical: Hydrocotyl sibthorpiodes: স্মৰণ শক্তি বৰ্দ্ধক, গ্ৰহণী নাশক।

৯১)মূলাশাক:

English: Radish : Botanical: Raphanus sativus: কোষ্ঠকাঠিন্য, ৰক্তচাপ নিয়ন্ত্ৰনৰ কাৰক, কিডনী ৰোগ নাশক, হাঁপানী নাশক।

৯২)ৰঙালাউ আগ:

English: Pumpkin: Botanical: Cucurbita moschata: চকুৰ দৃষ্টি শক্তি বৰ্দ্ধক, পাতে হাড়, দাঁত মজবুত কৰে, গুটিয়ে শুক্ৰ বৃদ্ধি কৰে।

৯৩)লফা শাক:

English: Cluster mallow Botanical: Malva verticillata: কিডনীষ্টন, হাঁপানী, বংকাইটিচ নাশক, নিদ্ৰাহীনতা, শানমইনা নাশক।

৯৪)লাই শাক:

English: Napa cabbage/Chinese Cabbage? Botanical: Brassica rapa var pekinensis: ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে, কেন্সাৰৰ প্ৰতিৰোধক, হৃদ যন্ত্ৰ শক্তিশালী কৰে, নিম্ন ৰক্তচাপৰ বাবে ভাল।

৯৫)হাতীখুতৰা/ হাতী চৰিলি/ কাঁটা খুতৰা:

English: Botanical: Amaranthus spinosu: গ্ৰহণী আৰু বিষ নাশক।

৯৬)মেথিশাক:

English: Fenugreek: Botanical: Trigonella foenum-graecum: বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰক, মাজু আইত উপকাৰী।

৯৭)শেৱালি ফুল:

English: Night jasmine Botanical: Nyctanthes arbor-tristis: ক্ৰিমি নাশক, জ্বৰ নাশক।

৯৮)উৰহী:

English: Dolichs bean: Botanical: Dolichos lablab: শুক্ৰকাৰক, বলকাৰক।

৯৯)লাইজাবৰী:

English:Tropical chickweed: Botanical: Drymaria cordata: কফ নাশক, চাইনাচাইটিচত উপকাৰী।

১০০)শুকলতি:

English: Patchouli: Botanical: Pogostemon benghalensis: গ্ৰহণী, প্ৰসূতি ৰোগ নাশক, গাঁঠিৰ বিষ উপশম কৰে।

১০১)কালমেঘ:

English: Kalmegh or Kalamegha: Botanical: Andrographis paniculata: যকৃত শক্তি দায়ক, মেলেৰীয়া, বহুমূত্ৰ নাশক, ৰক্ত পৰিষ্কাৰক।(সংগ্ৰহ)