বোকাখাতৰ ৰাষ্ট্ৰীয় পথৰ কাষত মদৰ দোকান : পৌৰসভাৰ অনুমতি : সচেতন নাগৰিকৰ প্ৰতিক্ৰিয়া :

বোকাখাতৰ ৰাষ্ট্ৰীয় পথৰ কাষত মদৰ দোকান : পৌৰসভাৰ অনুমতি :  সচেতন নাগৰিকৰ প্ৰতিক্ৰিয়া :
Collected

Aiidesh News  : 2 December 2023 : 

পৰ্যটন নগৰীৰ পৰিৱৰ্তে এচাম অদুৰদৰ্শী লোকৰ চত্ৰ চায়াত মদৰ নগৰীলৈ ক্ৰমে ৰূপান্তৰিত হৈছে সাস্কৃতিক স্থান হিচাপে পৰিচয় থকা বোকাখাত নগৰ ৷ যাৰ বাবে উঠি অহা বহু তেজাল ডেকাক অকালতে হেৰুৱাব লগা হৈছে বোকাখাত বাসীয়ে শেষতীয়াকৈ বোকাখাতত মদ দোকানৰ পয়োভৰে শংকিত কৰি তুলিছে বোকাখাতৰ বৌধিক সমাজ আৰু ক্ৰিড়া সংগঠক ৷ কিয়নো উমা ছেত্ৰীৰ দৰে তাৰকাক জন্ম দিয়া বোকাখাতত এতিয়া বৰ বিহৰূপে গঢ়ি উঠা মদৰ দোকানে উঠি অহা প্ৰজন্মক বিপথে নিয়া বুলি অভিযোগ কৰিছে ক্ৰীড়া সংগঠকে ৷ তেওঁলোকৰ মতে আমি উঠি অহা প্ৰজন্মৰ ভৱিষ্যত নিৰ্মানৰ বাবে দিনে নিশাই কাম কৰিছো ৷ বোকাখাতত গঢ়ি তুলিছো এখন অত্যাধুনিক ক্ৰীড়াংগন ৷ বহু কষ্টৰে বোকাখাত এক ক্ৰীড়া আৰু প্ৰতিযোগিতাৰ লগতে বৌধিক পৰিৱেশো গঢ়ি তুলিছো ৷ ইয়াৰ বিপৰীতে এচাম লোকে বোকাখাতৰ সুৰা নগৰীলৈ ৰূপান্তৰ কৰাতো অতিশয় লজ্জাজনক বুলি মন্তব্য কৰে স্থানীয় ক্ৰীড়া সংগঠক সকলে ৷ বোকাখাতৰ এই মদৰ দোকান বোৰে সামাজিক সাংস্কৃতিক বা বৌধিক দিশত কেনেদৰে উপকৃত কৰিছে সি লক্ষনীয় ৷

বোকাখাতত আছে মাত্ৰধিক মদৰ দোকান ৷ নীতি বৰ্হিভুত ভাৱে বোকাখাতত পৌৰসভাৰ অনুমতিৰে মুকলি হোৱা এই মদৰ দোকানবোৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় নগৰিকে ৷  সৰু নগৰ খনত মাত্ৰাধিক মদৰ দোকান থকা পিচতো শেষতীয়াকৈ পুনৰ দুখনকৈ মদৰ দোকান খোলাৰ বাবে বোকাখাত পৌৰসভাই অনুমতি প্ৰদান কৰা কাৰ্যই ক্ষোভিত কৰিছে বোকাখাতৰ নাগৰিকক ৷ প্ৰাপ্য তথ্য মতে শেষতীয়াকৈ বোকাখাত নগৰৰ মাজ মজিয়াতে বিষ্ণুপুৰৰ জয়চন্দ্ৰ শইকীয়া পথৰ মুখত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত এন কে হাজৰিকা নামৰ ব্যক্তিজনৰ কমাৰ্চিয়েল কমপ্লেক্সত আৰু এই স্থানৰ ঠিক বিপৰীতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত পীয়ুষ দাস নামৰ লোকজনৰ ভুমিত বাৰসহ নতুনকৈ আৰু দুখন মদৰ দোকান খুলিবলৈ বোকাখাত পৌৰসভাই অনুমতি দিয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় নাগৰিকে ৷ স্থানীয় নাগৰিকে এই দুই মদৰ দোকানৰ অনুমতি বাতিল কৰি মদৰ দোকান খোলাৰ অনুমতি নিদিবৰ বাবে আজি বোকাখাতৰ মহকুমাধিপতি, বোকাখাত পৌৰসভা আৰু বোকাখাতত থকা উপ আৱকাৰী অধীক্ষকক লিখিত ভাৱে অৱগত কৰিছে ৷

দেশৰ ৰাষ্ট্ৰীয় পথৰ কাষত মদৰ দোকানৰ অনুমতি নিদিবৰ বাবে দেশৰ উচ্চতম ন্যায়লয়ে পুৰ্বতে দি থোৱা ৰায়ৰ উপৰিও অসমৰ আৱকাৰী আইনৰ মতে ৰাষ্ট্ৰীয় পথত কোনো মদৰ দোকানৰ থাকিব নোৱাৰিব বুলি থকা নিৰ্দেশনাক আগুষ্ঠ দেখুৱাই বোকাখাত পৌৰসভাই উল্লেখিত স্থানত মদৰ দোকানৰ অনুমতি প্ৰদানৰ কাৰ্যই বোকাখাতত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মন কৰিব লগীয়া যে বোকাখাতৰ পৌৰসভা মন্ত্ৰী অতুল বৰাৰ নেতৃত্বাধীন অসম গন পৰিষদ দলৰ পৌৰপতিৰ দ্বাৰা পৰিচালিত ৷ এনে অৱস্থাত বোকাখাত বিধায়ক কেবিনেট মন্ত্ৰী অতুল বৰাৰ পৰিচালনাৰ ডিচেম্বৰত বোকাখাতৰ পৌৰসভাৰ কাৰ্যালয়ত বহা পৰ্যালোচনা বৈঠকতো পৌৰসভাৰ সকলো সদস্যৰ উপস্থিতিত বোকাখাতৰ মদ দোকানৰ বিষয়তোও আলোচনা হয় ৷ বৈঠকত মদৰ দোকান সম্পৰ্কত স্থানীয় লোকৰ আপত্তিৰ পটভুমিত চৰ জমিন তদন্ত আৰু স্থানীয় লোকৰ মতামত নোলোৱাকৈ অনুমতি দিয়াৰ প্ৰসংগত সঠিক ভাৱে তদন্ত কৰিবৰ বাবে মন্ত্ৰী অতুল বৰাই পৌৰসভাক নিৰ্দেশ দিয়ে ৷ সামাজিৰ পৰিৱেশ আৰু পথ দুৰ্ঘটনাৰ ৰোধ আৰু নাগৰিকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উল্লেখিত মদৰ দোকান দুখন খুলিবৰ বাবে অনুমতি নিদিবলৈ স্থানীয় লোকে জনোৱা আবেদনৰ পিচত বোকাখাতৰ মহকুমাধিপতি আৰু আৱকাৰী বিভাগে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহনৰ আশ্বাস প্ৰদান কৰিছে ৷ ইফালে কোনো কাৰণতে ৰাষ্ট্ৰীয় পথৰ কাষত উল্লেখিত মদৰ দোকান খুলিবলৈ দিয়া ন’হব বুলি জনাইছে স্থানীয় বাসিন্দাই ৷ মদৰ দোকান প্ৰসংগত ৰাজহুৱা অভিযোগৰ পিচত নিজৰ সমষ্টিত কেবিনেট মন্ত্ৰী অতুল বৰাই কি ভুমিকা গ্ৰহন কৰে সি লক্ষনীয় হ'ব বুলি মন্তব্য কৰিছে বোকাখাত বাসীয়ে ৷

*******