নাজিৰা ৰ গেলেকীত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা ৰ ধন বিতৰণত দুৰ্নীতি, এজন গ্ৰেপ্তাৰ , ৱাৰ্ড সদস্যা আৰিফা বেগম পলাতক

নাজিৰা ৰ গেলেকীত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা ৰ ধন বিতৰণত দুৰ্নীতি, এজন গ্ৰেপ্তাৰ , ৱাৰ্ড সদস্যা আৰিফা বেগম পলাতক
ধন বিতৰণত দুৰ্নীতি

এইদেশ,নাজিৰাঃ লকডাউনৰ সময়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত কাৰ্ড নথকা লোকৰ বাবে অহা ১০০০ টকাকৈ বিতৰণত দুনীতিৰ আশ্ৰয়  লোৱা এজন ৱাৰ্ড সদস্যক আটক কৰিছে নাজিৰা মহকুমাৰ গেলেকী আৰক্ষীয়ে৷ নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানা অন্তৰ্গত দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ অধীনৰ ১০নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য চেহিদুল হুছেইনে লকডাউনৰ সময়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত কাৰ্ড নথকা লোকৰ বাবে অহা ১০০০  টকা হিতাধিকাৰীক বিলাওতে দুৰ্নীতিৰ আশ্ৰয় লৈছিল৷ লগতে দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা আৰিফা বেগমেও হিতাধিকাৰীক ১০০০ টকাকৈ বিলাওতে সংঘটিত কৰিছিল দুৰ্নীতি৷অভিযোগ অনুসৰি, প্ৰতিজন হিতাধিকাৰীক ১০০০ টকাকৈ দি ফটো তোলাৰ পিছত পুনৰ ৫০০ টকাকৈ ওভতাই লৈছিল৷ আৰু এই অভিযোগ পোৱাৰ পিছতে নাজিৰা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে তাৎক্ষণিকভাৱে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰে আৰু তদন্তকালত দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ ৯নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা আৰিফা বেগম আৰু ১০নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য চেহিদুল হুছেইনে দুৰ্নীতিৰ আশ্ৰয় লোৱা প্ৰমাণিত হয়৷ইয়াৰ পিছতে মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ নিৰ্দেশমৰ্মে নাজিৰা খণ্ড উন্নয় বিষয়া অজয় গগৈয়ে দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে গেলেকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ গেলেকী আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ১০নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য চেহিদুল হুছেইনক অসম–নগালেণ্ড সীমান্তৰ এক দুৰ্গম অঞ্চলৰ পৰা আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।গেলেকী আৰক্ষীয়ে আনগৰাকী অভিযুক্ত আৰিফা বেগমক বিচাৰি ফুৰিছে যদিও অভিযুক্ত ৱাৰ্ড সদস্যা আৰিফা বেগম বৰ্তমান পলাতক অৱস্থাত আছে৷ নাজিৰা মহকুমাধিপতিয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱা কোনো লোক সাৰি যাব নোৱাৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷