মুখ্যমন্ত্ৰীৰ আহ্বানত ৰাজ্যবাসীয়ে জ্বলালে মংগল বন্তি

মুখ্যমন্ত্ৰীৰ আহ্বানত ৰাজ্যবাসীয়ে জ্বলালে মংগল বন্তি

 অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুক আদৰাৰসময়েত  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ সকলোৱে এতিয়া সামাজিক দুৰত্ব বজাই ৰাখি অসমবাসীৰ মংগলৰ বাবে আজি অথাত্‍ মানুহৰ বিহুৰ দিনা সন্ধিয়া ৬ বজাত সকলোকে এগছি বন্তি জ্বলাবলৈ  কৰা আহ্বানৰ প্ৰতি ৰাজ্যবাসীয়ে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়।  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰৰ জেৰাই গাঁৱৰ নিজা বাসভৱনত বিন্ত প্ৰজ্বলন কৰি নিজা  বাসভৱনতে সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘ আমি সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ লগতে অসমতো ঐক্যবদ্ধ যুঁজ দিবলগীয়া হৈছে কোৰোণাৰ বিৰুদ্ধে। প্ৰতিটো অঞ্চলত ৰাইজে প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাইছে। এই সময়চোৱাত ৰাইজৰ বহু কষ্ট হৈছে, কিন্তু এই দায়িত্ব আমি পালন কৰিবই লাগিব। আমি নিজ নিজ পদ্ধতিৰে এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলো, যাতে নতুন বছৰ ভাল দৰে পাৰ হয়।’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘সামাজিক দূৰত্ব বজাই ৰখাত ৰাইজে যেনেদৰে ভূমিকা লৈছে সেয়া অত্যন্তই জৰুৰী। অসম চৰকাৰৰ যিসকল কৰ্মকৰ্তাই কোৰোণাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিছে ধন্যবাদ জনাইছো।