কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন :

Aiidesh News  : 29 July - 2025  :

আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ দিনাই আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ সংৰক্ষিত বনাঞ্চলৰ ২০২৪ চনৰ ঢেকীয়াপতীয়া বাঘৰ পৰিসংখ্য প্ৰকাশ কৰে উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক তথা অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ড৹ সোনালী ঘোষে দিয়া তথ্য মতে ১৩০৭.৪৯ বৰ্গ কিলোমিটাৰ পৰিষৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলোৱা বাঘৰ বিভাগীয় সমীক্ষা মতে কাজিৰঙাত ঢেকীয়পতীয়া বাঘৰ সংখ্য হ’ল ১৪৮ ৷ ইয়াৰে ৫৫ টা মতা, ৮৩ জনী মাইকী আৰু ১০ টা অকলশৰীয়া বাঘ পোৱা গৈছে বুলি ড৹ সোনালী ঘোষে জনায় ৷ এই তথ্যই ঢেকীয়াপতীয়া বাৰ বসতিৰ ঘনত্ব দিশৰ পৰা কাজিৰঙাক বিশ্বৰ ভিতৰতে তৃতীয় বনাঞ্চল হিচাবে প্ৰতিষ্ঠিত কৰালে বুলিও তেওঁ মন্তব্য কৰে ৷

উত্তৰ পুৰ্বাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ অন্যতম উৎস হিচাবে চিহ্নিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো উদ্যানখনৰ কৰ্তপক্ষৰ উদ্যাগত আৰু বিভিন্ন সংগঠনৰ সহযোগত আজি আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় ৷ বোকাখাতৰ জে ডি এছ জি মহাহিদ্যালয় আৰু কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদালয়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত বিভিন্ন কাৰ্যসুচীৰে আন্তৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন কৰা হয় ৷ বোকাখাতৰ জে এছ জি মহাবিদ্যালয়ত মহাবিদ্যালয় খনৰ ৰাষ্ট্ৰীয় সেৱা যোজনা আৰু কাজিৰঙা অধ্যয়ন কেন্দ্ৰৰ সহযোগত আয়োজিত আজিৰ অনুষ্ঠানত পৰিবেশ কৰ্মী উত্তম শইকীয়া আৰু বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ত্ৰিদিপ শৰ্মাই কাৰ্যসুচী পৰিচালনা কৰে ৷ মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সমন্বয়ক অধ্যাপক মতিৰাম দাসৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা আন্তৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ আজি কাৰ্যসুচীত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি জেষ্ঠ সাংবাদিক বুবুল দত্ত, বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল , উপ বনাঞ্চলিক বিষয়া প্ৰভুত শইকীয়া, জে ডি এছ জি মহাবিদ্যালয়ৰ কাজিৰঙা অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক অধ্যাপক শশাংক ধৱল শইকীয়াৰ লগতে বোকাখাত বনাঞ্চলৰ বিষয়া কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ৷ 

অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকি পৰিৱেশ মিত্ৰ উত্তম শইকীয়াই সচিত্ৰ উপস্থাপনেৰে বিশ্বত বাঘৰ জনসংখ্যাৰ বিস্তৃতি, ঢেকীয়াপতীয়া বাঘ, বিশ্বত ইয়াৰ সংৰক্ষণ স্থিতি, আৱাস, খাদ্য, আচৰণ, বিশ্বত বাঘ সংৰক্ষণৰ আন্তৰাষ্ট্ৰীয় পদক্ষেপ, ব্যাঘ্ৰ প্ৰকল্প আদিৰ ওপৰত ছাত্ৰ ছাত্ৰীৰে মত বিনিময় কৰে ৷ সমল ব্যক্তি হিচাবে বিশ্ব প্ৰকৃতি নিধিৰ ত্ৰিদীপ শৰ্মাই বাঘ গননা, ইয়াৰ কৌশল আৰু প্ৰয়োজনীয়তা, কেমেৰা ট্ৰেপেৰে সংগৃহীত ফটোৰ বিশ্লষণ কৌশল, বাঘৰ তথ্য আদিৰ ওপৰত সচিত্ৰ উপস্থাপন দাঙি ধৰে ৷ 

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আৰু কাজিৰঙা গ'ল্ডেন চিল্ক ক'অপাৰেটিভ লিমিটেডৰ সহযোগত কাজিৰঙা আদৰ্শ মহাবিদ্যালয় প্ৰাংগনত বিশ্ব ব্যাঘ্ৰ দিৱস আন এক কাৰ্যসূচীও উদযাপন কৰা হয়। বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে আদৰণি ভাষণে আৰম্ভ হোৱা অনুষ্ঠানত স্থানী জেষ্ঠ নাগৰিক চুচেন দুৱৰা, বহুমাত্ৰিক নমনীয় পৰিশীলন কৰ্মশালা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল বৰুৱা, সম্পাদক প্ৰাঞ্জল ডেকা, কাজিৰঙা গ'ল্ডেন চিল্ক ক'অপাৰেটিভ লিমিটেডৰ সম্পাদক অঞ্জন বৰুৱা আদি ব্যক্তিসকলক আদৰণি জনোৱা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড° সোনালী ঘোষে আন্তৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি বক্তব্য আগবঢ়ায় । সভাত ছাত্ৰ-ছাত্ৰী সকলক বন্যপ্ৰাণী বিষয়ক তথ্য চিত্ৰ দেখুওৱা হয় । বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ পৰিচালনাত ছাত্ৰ ছাত্ৰী সকলৰ মাজত কুইজ অনুষ্ঠিত কৰা হয় । অনুষ্ঠানৰ আঁত ধৰে সঞ্চালকৰ কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতাই । 

************