বিভাগীয় হাতী আৰু জীপচিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ :

Aiidesh News  : 9 March 2024 : 

বিভাগীয় হাতীত উঠি পুৱাতেই বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা দৰ্শন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ যোৱা নিশা কঁহৰাৰ আৰক্ষীৰ অতিথিশালাত নিশাটো কটায় আজি পুৱাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কঁহৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰত বিভাগীয় হাতীত উঠি কাজিৰঙাৰ বন্যপ্ৰাণী আৰু নৈশৰ্গিক দৃশ্য উপভোগ কৰে ৷ প্ৰধানমন্ত্ৰীৰ বাবে বিশেষভাৱে সাজু কৰি ৰখা বন বিভাগৰ দক্ষ মাউত ৰাজু গোৱালা সৈতে প্ৰদ্যুন্ম নামৰ বন বিভাগৰ হাতীৰ পিঠিত উঠি তেওঁ কাজিৰঙা দৰ্শন কৰে ৷ হাতী চাফাৰীৰ পিচত প্ৰধানমন্ত্ৰী গৰাকীয়ে বনবিভাগৰে এখন জীপচিত উঠি কাজিৰঙা দৰ্শন কৰে ৷ জিপচীৰ চালকৰ অসনত থাকে কাজিৰঙাৰ জেষ্ঠ আৰু দক্ষ গাড়ী চালক ইবচা সিং ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষে এই যাত্ৰাত প্ৰধানমন্ত্ৰী গৰাকীৰ লগত যায় ৷ কাজিৰঙাৰ বন্যপ্ৰাণী আৰু নৈশৰ্গিক শোভাত অভিভূত হৈ পৰে নৰেন্দ্ৰ মোডী ৷ মাত্ৰ ক্ষনিক সময়ৰ ব্যৱধানত ঢেকীয়াপতীয়া বাঘ দেখাৰ পৰা বঞ্চিত হয় প্ৰধান মন্ত্ৰী ৷ চালক ইবচা সিঙে জনোৱা মতে তেওঁলোকৰ জীপচিৰ যোৱা পথেৰেই ক্ষনিক আগতেই পাৰ হৈ যায় এটা ঢেকীয়াপতীয়া বাঘ ৷ 

জীপ চাফাৰীৰ পিচতেই কিছু সময়ৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত মহিলা বনকৰ্মীৰ সৈতে মত বিনিময় কৰে ৷ পৰৱৰ্তী সময়ত কাজিৰঙাৰ এই সকল মহিলা বনকৰ্মীৰ সৈতে কৰা মতবিনিময়ৰ ফটো নিজৰ টুইটাৰত প্ৰকাশ কৰি মহিলা বনকৰ্মী সকলক বনদূৰ্গা বুলি অভিহিত কৰে নৰেন্দ্ৰ মোডীয়ে ৷  জিপচী চাফাৰীৰ পৰা আহি কঁহৰাৰ মিহিমুখত থকা হাতীৰ পিলখানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় হাতী প্ৰদ্যুন্ম, লক্ষীমাই আৰু ফুলমাই নিজ হাতে কুঁহিয়াৰ খোৱায় ৷ কাজিৰঙাত এশিঙীয়া গঁড়ৰ উপৰিও বহু সংখ্যক হাতী থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ আহিবৰ বাবে সকলোকে আহ্বান জনায় ৷ কেম'ফ্লেজ পোচাক পিন্ধি হাতত কেমেৰা লৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে হাতী আৰু জীপচিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৷ জীপচিৰে তেওঁ কঁহৰা বনাঞ্চলৰ ডাফলাং বিলৰ পাৰত থকা ডাফলাং দৰ্শনচূড়ালৈ যায় ৷ দৰ্শনচূড়াত উঠি বায়ন'কুলাৰেৰে তেওঁ কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে ৷ প্ৰায় দুঘন্টা ধৰি কাজিৰঙাত কটায় নৰেন্দ্ৰ মোডী কঁহৰাৰ আৰক্ষী অতিথিশালালৈ ওভতি যায় ৷ অতিথিশালা কিছুসময় বিশ্ৰাম লোৱাৰ পিচত বোকাখাতৰ পানবাৰীত নিৰ্মিত অস্থায়ী হেলিপেডৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হেলিকপ্তাৰেৰে অৰুণাচললৈ উৰামাৰে ৷ নৰেন্দ্ৰ মোডীৰ এই ভ্ৰমনেৰে কাজিৰঙাক অন্য এক মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ  ৷

*************