কাজিৰঙাত সাপ উদ্ধাৰ কাৰ্যৰ সৈতে জড়িত লোকৰ মাজত সজাগতা আৰু প্ৰশিক্ষণ কৰ্মশালা :

কাজিৰঙাত সাপ উদ্ধাৰ কাৰ্যৰ সৈতে জড়িত লোকৰ মাজত সজাগতা আৰু প্ৰশিক্ষণ কৰ্মশালা  :
Aiidesh Photo

Aiidesh News  :  21 July  : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ২০ জুলাইত সাপ উদ্ধাৰ আৰু সংৰক্ষণ সম্পৰ্কত এক দিন জোৰা কৰ্মশালা অনুষ্ঠিত হয় ৷ বন বিভাগ, দেশৰ অগ্ৰনী প্ৰকৃতি সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, আন্ত:ৰাষ্ট্ৰীয় সংগঠন ইন্টাৰনেচনেল ফাণ্ড ফ'ৰ এনিমেল ৱেলফেয়াৰৰ যৌথ উদ্যোগত আয়োজিত এই কৰ্মশালাত নগাঁও, শোণিতপুৰ আৰু গোলাঘাট জিলাৰ সাপ উদ্ধাৰ কাৰ্যৰ সৈতে জড়িত বন বিভাগ আৰু স্থানীয় প্ৰকৃতি সংগঠনৰ মুঠ ২৬ জন লোকে অংশ গ্ৰহন কৰে ৷ কৰ্মশালত সাপ উদ্ধাৰৰ সঠিক ব্যৱস্থাপনা পদ্ধতি, সাপ উদ্ধাৰ আৰু সংৰক্ষনৰ প্ৰয়োজনীয়তা, সাপ কৰায়ত্ব কৰাৰ আন্ত:ৰাষ্ট্ৰীয় পট'কল আদিৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে বোকাখাতৰ বৰজুৰিত অৱস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে ৷ কৰ্মশালাত স্থানীয় আৰু এই বোৰৰ বিহ স্থিতি, সৰ্প দংশনৰ প্ৰাথমিক চিকিৎসাৰ সম্যক ধাৰণাৰ লগতে সাপ উদ্ধাৰৰ পটভুমিৰ ম'ক ড্ৰিলো কৰা হয় ৷ কৰ্মশালাৰ শেষত বিভিন্ন জিলাৰ পৰা অহা প্ৰশিক্ষাৰ্থীৰ মাজৰ ৭ টা গোটৰ মাজত স্নেক হুক আৰু বেগাৰো বিতৰণ কৰা হয় ৷

*******