কাজিৰঙাৰ পঞ্চম পক্ষী গণনা আৰু পক্ষী উৎসৱ : পক্ষী গণনাত কাজিৰঙাত বিৰল প্ৰজাতিৰ পক্ষী আৰু প্ৰাণীৰ উপস্থিতিৰ তথ্য লাভ গণনাকাৰী দলৰ :

কাজিৰঙাৰ পঞ্চম পক্ষী গণনা আৰু পক্ষী উৎসৱ : পক্ষী গণনাত কাজিৰঙাত বিৰল প্ৰজাতিৰ পক্ষী আৰু প্ৰাণীৰ উপস্থিতিৰ তথ্য লাভ গণনাকাৰী দলৰ  :
Aiidesh Photo
কাজিৰঙাৰ পঞ্চম পক্ষী গণনা আৰু পক্ষী উৎসৱ : পক্ষী গণনাত কাজিৰঙাত বিৰল প্ৰজাতিৰ পক্ষী আৰু প্ৰাণীৰ উপস্থিতিৰ তথ্য লাভ গণনাকাৰী দলৰ  :
কাজিৰঙাৰ পঞ্চম পক্ষী গণনা আৰু পক্ষী উৎসৱ : পক্ষী গণনাত কাজিৰঙাত বিৰল প্ৰজাতিৰ পক্ষী আৰু প্ৰাণীৰ উপস্থিতিৰ তথ্য লাভ গণনাকাৰী দলৰ  :

Aiidesh News  : 11 January 2024 :  

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চৰ ৯ আৰু ১০ জানুৱাৰীত অনুষ্ঠিত হৈ যায় পঞ্চম পক্ষী গণনা ৷ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাওঁ বন সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলৰ গুৰুত্বপুৰ্ণ সকলো জলাশয়তে পৰিভ্ৰমী জলাশয় আৰু জলাশয়বোৰত নিৰ্ভৰশীল সকলোবোৰ পক্ষীৰ গননা সম্পুৰ্ণ কৰা হয় ৷ এই গণনাৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাতৰ সমীপৰ অগৰাতলি বনাঞ্চলত আয়োজিত এক বিশেষ পক্ষী উৎসৱত বিভিন্ন সংগঠনত,  বিত্তীয় প্ৰতিষ্ঠান আৰু স্থানীয় শিক্ষানুষ্ঠানৰ ২৫ খন সজ্জিত বিপীয়ও মুকলি কৰা হয় ৷ 

নুমলীগড় শোধনাগাৰ, ষ্টেট বেংক অৱ ইণ্ডিয়া, বেংক অৱ বৰোদা আৰু বিভিন্ন প্ৰকৃতি সংগঠন আৰু শিক্ষানুষ্ঠানৰ সহযোগত আয়োজিত এই পক্ষী গণনা আৰু পক্ষী উৎসৱ ৯ জানুৱাৰীৰ বিয়লি অসমৰ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ফিটা কাটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৷ এই উপলক্ষে অগৰাতলিৰ পক্ষী উৎসৱথলিত নিৰ্মান কৰা সুন্দৰ এক মঞ্চত আয়োজিত উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপৰিও নুমলীগড় শেধনাগাৰৰ জেষ্ঠ প্ৰৱন্ধক মিন্টু সন্দিকৈ, বিশষ্ট পক্ষীবিদ তথা অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া ড৹ আনোৱাৰদ্দিন চৌধুৰী, বোকাখাতৰ উপ জিলা আয়ুক্ত চিমি কৰণ আৰু কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ বিশিষ্ট অতিথি হিচাবে উপষ্ঠিত থাকে ৷ 

বিশিষ্ট কণ্ঠ শিল্পী ৰূপা হাজৰিকাৰ বৰগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে ৷উদ্বোধনী অনুষ্ঠানতে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন কেলেণ্ডাৰ, পক্ষীৰ এখন সচিত্ৰ হাত পুথি আৰু ভাৰতৰ পক্ষীৰ এক পুথি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৷ অনুষ্ঠানত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰিচালক বিশ্বজিত নাথ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, বনসংমণ্ডল প্ৰধিকাৰী ক্ৰমে অৰুণ বিঘ্নেশ আৰু জয়ন্ত ডেকা , বোকাখাতৰ বিশিষ্ট সমাজ কৰ্মী ৰাজু নিমোদিয়া আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে ৷ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত কুলদীপ বনিয়া আৰু মৃদুস্মিতা গগৈয়ে গীত পৰিবেশন কৰে ৷ উপস্থিত অতিথি সকলক গামোছা, পক্ষী উৎসৱৰ স্মাৰক, প্ৰকাশিত পুথি আদিৰে আদৰণী জনোৱা হয় ৷ 

কাজিৰঙাৰ এই পঞ্চম পক্ষী গননাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা মুঠ ৮০ গৰাকী পক্ষীবিদ আৰু পক্ষী নিৰীক্ষনকাৰীয়ে গননাকাৰী হিচাবে, বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ২১৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্বেচ্ছাসেৱক হিচাবে অংশ গ্ৰহন কৰাৰ উপৰিও শতাধিক বনকৰ্মী আৰু বিষয়াই অংশগ্ৰহন কৰে ৷ ১০ জানুৱাৰী পুৱা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাওঁ বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বনসংমণ্ডলত পুৱাৰে পৰা আৰম্ভ হোৱা এই পক্ষী গণনা গননাকাৰীৰ দলে বিনটুৰুংৰ দৰে অতি বিৰল প্ৰজাতিৰ প্ৰাণীৰ লগতে গাল বিল টাৰ্ণ, বিয়েৰ প’চাৰ, হোৱাই ফ্ৰন্টেত গুল, বৈকাল টিলৰ দৰে অতি বিৰল প্ৰজাতিৰ পক্ষী প্ৰত্যক্ষ কৰি নথিভুক্ত কৰিবলৈ সক্ষম হয় ৷ এই প্ৰজাতি বোৰৰ ভিতৰত বিনটুৰুং নামৰ প্ৰাণী আৰু গালবিল টাৰ্ণক কাজিৰঙাত প্ৰথম বাবৰৰ বাবে প্ৰত্যক্ষ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে পঞ্চম পক্ষী গণনাত এই বাৰ কাজিৰঙাৰ ভিতৰৰ জলাশয় উপৰিও কাষৰীয় বিল আৰু জলাশয়তো পক্ষী গননা কৰা হয় ৷ ইয়াৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জন বিজ্ঞানৰ সহায়ত স্থানীয় শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষৰকো সহায় লয় ৷ পঞ্চম পক্ষী গননাত কাজিৰঙাত কৰ্মৰত বিভিন্ন প্ৰকৃতি সংগঠনৰ উপৰিও নুমলীগড় শোধনাগাৰ, ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু বেংক অৱ বৰোদাই বিশেষ সাহাৰ্য আগবঢ়োৱাৰ বিপৰীতে দেশৰ আগশাৰীৰ সংগঠন বোম্বাই নেচাৰেল হিষ্ট্ৰি চ'চাইটিয়ে কাৰিকৰী পৰামৰ্শ আৰু গণনাৰ পদ্ধতি আদি সাহাৰ্য প্ৰদান কৰে ৷

*********