৪মে’ৰ পৰা ৰাজ্যত চলিব ৰঙা বাছ

৪মে’ৰ পৰা ৰাজ্যত চলিব  ৰঙা বাছ
ৰাজ্যত চলিব ৰঙা বাছ

৪ মে’ৰ পৰা সুচল হ’ব ASTC বাছ, খুলিব উদ্যোগমূহ। সংবাদমেলত এই  মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ছিকিমৰ বাদ দি উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যৰ বাবে অসম সীমান্ত খোলাৰ লগে লগে বহু পৰিমাণে শিথিল হৈছে লক ডাউনৰ নিয়ম। ইখন জিলাৰ পৰা সিখন জিলালৈ যাবলৈ হ’লে কোনো ধৰণৰ ই পাছৰ প্ৰয়োজন নহয়। দূৰণিবটীয়া যাত্ৰাও আৰম্ভ হ’ব ৪ মে’ৰ পৰা। আনহাতে গ্ৰীণ জ’ন আৰু অৰেঞ্জ জ’নলৈ যাব পাৰিব নে নাই সেই সন্দৰ্ভত দেওবাৰে নিৰ্দেশনা জাৰি কৰিব ৰাজ্য চৰকাৰে।