মিলিন্দ সুমন আৰু অংকিতাৰ বিহু

মিলিন্দ সুমন আৰু অংকিতাৰ বিহু
মিলিন্দ সুমন আৰু অংকিতাৰ বিহু

বলিউডৰ জনপ্ৰিয় তাৰকা দম্পতি মিলিন্দ সুমন আৰু পত্নী তথা অসমৰ জীয়ৰি অংকিতা কোঁৱৰৰ বিহু উদযাপনৰ ফটো দেশত ভাইৰেল হৈছে। মিলিন্দে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ফটো শ্বেয়াৰ কৰিছে য’ত তেওঁ অংকিতাৰ সৈতে ‘কণী যুঁজ’ কৰা দেখা গৈছে। মুগাৰ সাজত অংকিতা আৰু ডিঙিত গামোচা লৈ মিলিন্দে এই ফটো শ্বেয়াৰ কৰিছে।

ফটো শ্বেয়াৰ কৰি মিলিন্দে লিখিছে, ‘আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা, অংকিতাৰ পৰিয়াল গুৱাহাটীত আৰু সেই কাৰণে তেওঁ এইবাৰ সকলোকে মনত পেলাই আছে। মই সেইকাৰণে ভাবিলো বিহু পাতো আৰু ঘৰতে সৰুকৈ এগ ফাইট কৰো। এই সময়ত পৰিয়াল আৰু বন্ধুবৰ্গৰ পৰা দূৰৈত থাকক। সকলোৱে ইজনে সিজনক মনত পেলাওক আৰু আনন্দ কৰক। আপোনালোকৰ সৈতে আকৌ সোনকালেই লগ হ’ম, সুৰক্ষিত থাকক।’