বোকাখাত সমজিলাৰ ডিফলু নদীৰ পানীত নিখোজ ১৪ বছৰীয়া কিশোৰ : ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ অভিযান :

Aiidesh News  :  30 July - 2025  :

সমনীয়াৰে সৈতে নদীত গা ধুবলৈ গৈ আজি বিয়লি নদীৰ পানীত সন্ধাহীন হয় বোকাখাতৰ এজন ১৪ বছৰীয়া কিশোৰ ৷ বোকাখাত সমজিলা আৰু কাৰ্বি আংলং জিলাৰ সীমাতে থকা ডিফলু নদীৰ পাৰলৈ লগৰ চাৰি গৰাকী বন্ধু বান্ধবীৰে ফুৰিবলৈ গৈছিল বোকাখাতৰ শান্তিপুৰৰ কিশোৰ সংকল্প শৰ্মা ৷ সমনীয়াই দিয়া বাধা নামানি গা ধুবলৈ বুলি নদীৰ পানীত নমাৰ পিচতেই খৰস্ৰোতা পানীত নিৰুদ্দেশ হয় সংকল্প শৰ্মা নামৰ কিশোৰ গৰাকী ৷ বোকাখাতৰ ডিফলু চাহ বাগিছাৰ কলঘৰৰ নাতিদুৰতে থকা খৰস্ৰোতা ডিফলু নদীত নিৰুদ্দেশ হোৱা সংকল্প শৰ্মা নামৰ কিশোৰ জন বোকাখাত পৌৰসভাৰ ২ নং ৱাৰ্ডৰ জ্যোতিনগৰৰ নিৱাসী ৰঞ্জন শৰ্মাৰ জেষ্ঠ পুত্ৰ আৰু বোকাখাতৰ খ্ৰীষ্টজ্যোতি স্কুলৰ নৱম মান শ্ৰেনীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ পিচতেই আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগিতাৰে ডিফলু নদীত নিৰুদ্দেশ হোৱা কিশোৰ গৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ যোৱা নিশা হোৱা বৰষুণৰ বাবে আজি পুৱাৰে পৰা পাহাৰীয়া ডিফলু নদীখন ফেনেফোটোকাৰে বাঢ়ি অহাৰ বাবেই সংকল্প শৰ্মা নামৰ কিশোৰ জনক নদীৰ সোঁতে উটুৱাই নিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷এই প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে নিৰূদ্দিষ্ট কোশোৰ গৰাকীৰ সন্ধান ওলোৱা নাই ৷

**********