দিল্লীত কভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু বোকাখাতৰ অজিত শইকীয়াৰ :

দিল্লীত কভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু বোকাখাতৰ অজিত শইকীয়াৰ  :

দিল্লীত কভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু বোকাখাতৰ অজিত শইকীয়াৰ  : 
 

AIIDESH NEWS : 17 May : পৰিবাৰক কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে দিল্লীলৈ নি নিজেই কভিড ১৯ ত আক্ৰান্ত হোৱা বোকাখাতৰ অজিত শইকীয়াৰ শনিবাৰৰ বিয়লি দিল্লীতে  মৃত্যু হয়  ৷  পত্নী বন্তি শইকীয়াৰ কেঞ্চাৰ চিকিৎসা কৰিবলৈ মাৰ্চ মাহতেই দিল্লীলৈ গৈছিল অজিত শইকীয়া ৷ দিল্লীত সহায় হব বুলি লগত লৈ গৈছিল প্ৰতিবেশী যুৱক কঙ্কনজ্যোতি বৰাক ৷ দিল্লীত পৰিবাৰৰ চিকিৎসাৰ সময়তে শইকীয়া দম্পতি আৰু তেওঁলোকৰ লগত যোৱা কঙ্কনজ্যোতি বৰা দিল্লীতেই কভিদ ১৯ ত আক্ৰান্ত হৈছিল ৷ তিনিওকে ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি চিকিৎসালয়ত কভিড ১৯ চিকিৎসা কৰা হৈছিল ৷ কভিড ১৯ ৰ বাবে চিকিৎসাধীন হৈ থকা অৱস্থাতে  অজিত শইকীয়াৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি চিকিৎসালয়ৰ পৰা দিল্লীৰ লোক নায়ক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও কভিড ১৯ ৰ ওচৰত হাৰ মানি  দিল্লীৰ লোক নায়ক চিকিৎসালয়তে শনিবাৰৰ বিয়লি অজিত শইকীয়াই মৃত্যুক আকোৱালি  লয় ৷ ইফালে কভিড ১৯ ত আক্ৰান্ত হোৱা অজিত শইকীয়াৰ পৰিবাৰ বন্তি শইকীয়া আৰু তেওঁলোকৰ লগত দিল্লীলৈ যোৱা কঙ্কনজ্যোতি বৰা বৰ্তমান কভিড ১৯ ৰ পৰা মুক্ত হৈছে বুলি চিকিৎসকে জনাইছে  ৷ কৃষি বিভাগৰ অৱসৰ প্ৰাপ্ত চাকৰিয়াল নি:সন্তান প্ৰয়াত অজিত শইকীয়াৰ ঘৰ বোকাখাতৰ ম'হমাইকী গাওঁত ৷