হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে উজনি অসমত আৰণ্যকৰ বহুমুখী প্ৰকল্পৰ আৰম্ভনি :

হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে উজনি অসমত আৰণ্যকৰ বহুমুখী প্ৰকল্পৰ  আৰম্ভনি  :
Aiidesh Photo
হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে উজনি অসমত আৰণ্যকৰ বহুমুখী প্ৰকল্পৰ  আৰম্ভনি  :

হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে উজনি অসমত আৰণ্যকৰ বহুমুখী প্ৰকল্পৰ  আৰম্ভনি :

Aiidesh News  : 26 August  :

ৰাজ্যৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ৫ আগষ্টত অসমৰ পূব প্ৰান্তৰ জিলাসমূহত হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰণ কৰিবলৈ তিনি বছৰীয়া এক বহুমুখী প্ৰকল্পৰ আৰম্ভনি কৰে । অভিলাষী এই প্ৰকল্পৰ বাবে আৰণ্যকে ব্ৰিটিছ এছিয়ান ট্রাষ্ট আৰু ডাৰউইন উদ্যোগৰ পৰা বিশেষ সহযোগিতা লাভ কৰিছে ৷ ৫ আগষ্টত ডিব্ৰুগড়ত এই প্ৰকল্পটোৰ শুভাৰম্ভ কৰা হয় ৷ শুভাৰম্ভনীৰ অনুষ্ঠানত কালিবিভিন্ন বন বিভাগ, কৃষি বিভাগ, স্থানীয় বেচৰকাৰী সংগঠন, কৃষি বিজ্ঞান কেন্দ্র, জ্ঞান বানী আকাশবানী ডিব্ৰুগড় কেন্দ্ৰ, আৰ এছ ই টি আই,এপার্ট, ডিব্রুগড় বিশ্ববিদ্যালয়, ডিগবৈ মহাবিদ্যালয়, ডিব্ৰু মহাবিদ্যালয়,গড়গাওঁ মহাবিদ্যালয়ৰ শিক্ষক আৰু শিক্ষার্থীৰ লগতে সাংবাদিক আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷

উদ্বোধনী অনুষ্ঠানৰ লগতে আয়োজিত আলোচনাত ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আৰু মাজুলী জিলাৰ পৰা অহা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰাই নহয়, হাতী মানুহৰ সংঘাতৰ সমাধান কল্পে গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিশৰ ওপৰতো  আলোচনা কৰে |

উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ক্ৰমান্বয়ে হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাই নহয়, ইয়াৰ জৰিয়তে অনেক সামাজিক সমস্যাৰো সৃষ্টি হৈছে । এনেবোৰ সমস্যা সমাধান তথা নোহোৱা কৰিবৰ বাবে আগশাৰীৰ গৱেষণা আধাৰিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে সমগ্র অসমতে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আহিছে ৷

আৰণ্যকৰ প্ৰকৃতি সংৰক্ষক ড. আললিকা সিনহাই আদৰণি জনোৱা এই আলোচনা চক্ৰত উপস্থিত থাকি ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ অৰু শশান্তে সংস্থাটোৰ কামকাজৰ বিষয়ে আলোকপাত কৰে । আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড. বিভূতি প্ৰসাদ লহকৰে হাতী মানুহৰ সংঘাত আৰু উত্তৰ-পূৱ ভাৰতৰ হটস্পট শীর্ষক এখন তথ্য চিত্ৰ প্ৰদৰ্শন কৰি সমস্যাসমূহ সমাধান কল্পে গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ৷ আৰণ্যকৰ উপ সভাপতি ড০ দিলীপ ছেত্ৰীয়েও আলোচনাত অংশ গ্ৰহন কৰে ৷ 

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংস্থা আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগে হাতীৰ সৈতে মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে বহুমুখী পদ্ধতি গ্ৰহণ কৰি আহিছে ৷ যোৱা কেইবছৰ মানত সংস্থাটোৱে অসমৰ হাতী মানুহৰ সংঘাতৰ  কেন্দ্ৰ স্থানবোৰত সৌৰশক্তিচালিত বেৰাও  স্থাপন কৰিছে ৷

হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে গুৰুত্বপুৰ্ণ বুলি বিবেচিত এই অনুষ্ঠানত আৰণ্যকৰ জাকিৰ ইছলাম বৰা, অভিজিত বৰুৱা, ৰুবুল তাঁতী আৰু নিৰঞ্জন ভূঞাও উপস্থিত আছিল ৷ 

*******