বোকাখাত চাহ বাগিচাৰ খেল পথাৰত মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা আৰম্ভ : মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰে এই প্ৰতিযোগিতা :

বোকাখাত চাহ বাগিচাৰ খেল পথাৰত মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা আৰম্ভ  :  মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰে এই প্ৰতিযোগিতা  :

Aiidesh News :  17 July 2023  :

১৬ জুলাই পৰা সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা । বোকাখাত সমষ্টিতো ২০২২-২৩ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ ১৬ জুলাইত বোকাখাত চাহ বাগিচাৰ খেলপথাৰত এই প্ৰতিযোগিতা আৰম্ভ হয় ৷ এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ফিটা কাটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে এই ফুটবল প্ৰতিযোগিতাৰ । 

অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান বিভাগ আৰু ক্ৰীড়া ও যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত এই ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰাৰ লগতে বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা আৰু বোকাখাত মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডা৹ নেহা যাদৱো উপস্থিত থাকে ৷

চাহ বাগিচাৰ ফুটবল দলৰ মাজত আয়োজিত এই প্ৰতিযোগিতাত বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত ১৩ খন চাহ বাগিচাৰ ১৩ টা দলে অংশ গ্ৰহন কৰিব ৷ ১৬ জুলাইৰ পৰা  ২০ জুলাই লৈকে অনুষ্ঠিত হ'ব এই ফুটবল প্ৰতিযোগিতা । ১৬ জুলাইত সমষ্টিটোৰ হাতীখুলি চাহ বাগিচা আৰু বৰচাপৰি চাহ বাগিচাৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হয় ৷ প্ৰথম খন খেলত বৰচাপৰি চাহ বাগিচাই ৩-০ গলৰ ব্যৱধানত জয়লাভ কৰে ।

************