বোকাখাতত অসম চাহ জনজাতি মহিলা সমিতি গোলাঘাট জিলাৰ তদৰ্থ সমিতিৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা : জিলা সমিতি গঠন :
Aiidrsh News : 26 August - 2025 :
অসম চাহ জনজাতি মহিলা সমিতি (আটুৱা) গোলাঘাট জিলাৰ তদৰ্থ সমিতিৰ উদ্যোগত আৰু আটছা গোলাঘাট জিলাৰ সমুহ শাখা গোটৰ সহযোগত বোকাখাতত মহিলা সংগঠনটোৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা ও মুকলি সভা ২৪ আগষ্টত অনুষ্ঠিত হৈ যায় । এই উপলক্ষে বোকাখাতৰ বাৰোৱাৰী পূজা মণ্ডপৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাৰ পতাকা উত্তোলন কৰে আটুৱাৰ গোলাঘাট জিলাৰ তদৰ্থ সমিতিৰ সভপতি মমিতা বেহেৰাই, স্মৃতি তৰ্পণ কৰে তদৰ্থ সমিতিৰ সম্পাদিকা ডামিনী কালিন্দীয়ে।
পৰৱৰ্তী সময়ত মমিতা বেহেৰাৰ পৌৰহিত্য অনুষ্ঠিত মুকলি সভাৰ আদৰণী ভাষণ প্ৰদান কৰে সম্পাদক দামিনী কালিন্দীয়ে । মুকলি সভাত আটছা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা আটুৱা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা জগদীশ বৰাইক, আটুৱা কেন্দ্ৰীয় সমিতিৰ সভপতি মিচিমি ধান, আটুৱাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী মামণি গাজলু, সম্পাদিকা চম্পা মাঝি, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, আটছা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ৰঞ্জন কালিন্দী, আটুৱাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা জিনু প্ৰভা লোধি, ক্ৰীড়া সম্পাদিকা লেখামনি কালিন্দী, সাংগঠনিক সম্পাদিকা প্ৰিয়ংকা প্ৰজা, চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক পংকজ কালিন্দী, আটছাৰ গোলাঘাট জিলাৰ সন্মানীয় সভাপতি সুশীল কালিন্দী আৰু সম্পাদক মনোজ মহানন্দ, চাহ জনগোষ্ঠী সাহিত্য সভাৰ বিত্ত সম্পাদক হৰিবোলা কালিন্দী, আটছা বোকাখাত শাখাৰ প্ৰাক্তন সভাপতি ভৰত ৰবিদাস, আটছা বোকাখাত শাখাৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক ৰামচন্দ্ৰ দৰা, আটছা বোকাখাত শাখাৰ প্ৰাক্তন সভাপতি বীৰ কুমাৰ চেত্ৰী, প্ৰাক্তন আটছা কৰ্মী নুমলী কুৰ্মী , বিশিষ্ট চিকিৎসক পংকজ খেৰীয়া, গোলাঘাট জিলাৰ অন্তৰ্গত আটছা আৰু আটুৱা শাখা সভাপতি/ সম্পাদককে প্ৰমুখ্যে কৰি বিষয় ববিয়া সকল উপস্থিত থাকে ৷
মুকলি সভাৰ পিচতে আটুৱাৰ গোলাঘাট জিলাৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা ও বিষয় বাছনি সভা অনুষ্ঠিত হয় ৷ প্ৰতিনিধি সভাত আটুৱা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰিয়ংকা প্ৰজা আৰু আটছা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা উপদেষ্টা জগদীশ বৰাইক, আটুৱা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জিনু প্ৰভা লোধি, আটুৱাৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদিকা লেখামণি কালিন্দী, আটছা গোলাঘাট জিলাৰ সভপতি সুশীল কালিন্দী আৰু সম্পাদক মনোজ মহানন্দ পৰ্য্যবেক্ষক হিছাপে উপস্থিত থাকে ৷ প্ৰতিনিধি সভাত গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাত , দেৰগাঁও, খুমটাই, গোলাঘাট, বৰপথাৰ আৰু সৰুপথাৰ শাখাৰ পৰা অহা প্ৰতিনিধি তথা আটছা সভাপতি সম্পাদক তথা আটুৱা সভাপতি সম্পাদক আৰু বিষয় ববীয়া সকল উপস্থিত থাকে ৷ প্ৰতিনিধি সভাতে আটুৱাৰ গোলাঘাট জিলাৰ তদর্থ সমিতিখন ভঙ্গ কৰি এখন পূৰ্ণাংগ সমিতি খন গঠন কৰা হয় I এই সভাতে মমিতা বেহেৰাক সভাপতি আৰু দামিনী কালিন্দী সম্পাদিক হিচাবে লৈ মুঠ ৩১ জনীয়া নিৰ্বাচিত প্ৰতিনিধিৰে আটুৱাৰ গোলাঘাট জিলাৰ পূৰ্ণাঙ্গ সমিতি খন গঠন হয় যায় I
**********







