বোকাখাত মহকুমা প্ৰশাসনৰ দ্বাৰা কভিড-১৯ প্ৰতিৰোধত ব্যস্ত মহকুমাটোৰ চিকিৎসা কৰ্মী সকলক সম্বৰ্ধনা :

বোকাখাত মহকুমা প্ৰশাসনৰ দ্বাৰা কভিড-১৯ প্ৰতিৰোধত ব্যস্ত মহকুমাটোৰ  চিকিৎসা কৰ্মী সকলক সম্বৰ্ধনা :
Photo by Uttam Saikia
বোকাখাত মহকুমা প্ৰশাসনৰ দ্বাৰা কভিড-১৯ প্ৰতিৰোধত ব্যস্ত মহকুমাটোৰ  চিকিৎসা কৰ্মী সকলক সম্বৰ্ধনা :

বোকাখাত মহকুমা প্ৰশাসনৰ দ্বাৰা কভিড-১৯ প্ৰতিৰোধত ব্যস্ত মহকুমাটোৰ  চিকিৎসা কৰ্মী সকলক সম্বৰ্ধনা :


AIIDESH.NEWS : May.5 :


বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত ৪ মে'ৰ দিনা  মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত কোভিড-১৯ মহামাৰী প্ৰতিৰোধত  অতন্দ্ৰ  সেনানীৰ ভূমিকা পালন কৰা বোকাখাত মহকুমাৰ চিকিৎসক,নাৰ্চ তথা চিকিৎসা কৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয় ৷  একোখনকৈ গামোছাৰ লগতে মাস্ক , হেণ্ড  চেনিটাইজাৰ আৰু কলম- পেড প্ৰতিগৰাকীলৈ উপহাৰ স্বৰূপে প্ৰদান কৰে মহকুমাধিপতি বিবেক শ্যামে । এই সম্বৰ্ধনা কাৰ্য্যসূচীত মহকুমাধিপতি গৰাকীয়ে  কভিড ১৯ মহামাৰীৰ এই সময়ছোৱাত অৱিৰতভাৱে সেৱা আগবঢ়োৱা বোকাখাত মহকুমাৰ সকলো চিকিৎসক, নাৰ্চ, চিকিৎসাকৰ্মী , প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু সাংবাদিকক আন্তৰিকতাৰে ধন্যবাদ জনায় । কাৰ্যসুচীত অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ সৱল নেতৃত্বত ৰাজ্যখনে মহামাৰীৰ কোভিড-১৯  প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব বুলিও তেওঁ  উল্লেখ কৰে । মহকুমাৰ চিকিৎসক, নাৰ্চ তথা  চিকিৎসা কৰ্মী সকলক সম্বৰ্ধনা জনোৱাৰ পাচতেই  মহকুমাধিপতি গৰাকীয়ে কাৰৰ্মক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন  অসুবিধা সমূহৰো বুজ লয় আৰু প্ৰশাসন  তেওঁলোকৰ  সহায়ৰ বাবে সদায় প্ৰস্তুত বুলিও জানিবলৈ দিয়ে ।