বোকাখাতত ৰঙৰ পৃথিবী নামক চিত্ৰাংকন প্ৰতিযোগিতা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দুই সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহন :

বোকাখাতত ৰঙৰ পৃথিবী নামক চিত্ৰাংকন প্ৰতিযোগিতা  : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দুই সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহন  :
Aiidesh Photo
বোকাখাতত ৰঙৰ পৃথিবী নামক চিত্ৰাংকন প্ৰতিযোগিতা  : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দুই সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহন  :

বোকাখাতত ৰঙৰ পৃথিবী নামক চিত্ৰাংকন প্ৰতিযোগিতা  : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দুই সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহন  :

Aiidesh News : 8th January  : 

বোকাখাতৰ অভিলাষ প্রকাশন নামৰ গোটৰ উদ্যোগত আৰু ‘আসাম ফাইন আর্টচ একাডেমী'ৰ সহযোগত আজি বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অসম ভিত্তিত ‘ৰঙৰ পৃথিৱী’ শীৰ্ষক এক চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয় ৷ আজিৰ এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷

এই উপলক্ষে বোকাখাত ৰাজহুৱা খেল পথাৰত আয়োজিত বিশেষ অনুষ্ঠানৰ পুৱা বন্তি প্রজ্বলন কৰে  বোকাখাতৰ অভিলাষ প্রকাশনৰ স্বত্বাধিকাৰ ড৹ ৰুবী বৰাৰ মাতৃ মাকন বৰাই ৷ পৰৱৰ্তী সময়ত প্ৰতিযোগিৰ নাম পঞ্জীয়নৰ পিচতেই ৰঙৰ পৃথিবী নামৰ চিত্ৰাংকন প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷ 

উদ্বোধন কৰে  বিশিষ্ট চিত্রশিল্পী, কবি, আবৃত্তিকাৰ মুনীন্দ্ৰ নাৰায়ণ ভট্টাচার্যই ৷ উদ্বোধনী অনুষ্ঠানত চিত্রশিল্পী জ্যোতির্ময় ভূঞা আৰু বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ৷  বিশিষ্ট অতিথি সকলক ফুলাম গামোছা আৰু সঁফুৰাৰে আদৰণি জনোৱা হয় ৷ অনুষ্ঠানত বোকাখাতৰ উদীয়মান শিল্পী বৰ্ষাগ্নি ডেকাই বাঁহীবাদন আৰু হিমাংশু বৰুৱাই গীত পৰিবেশন কৰে ৷ অনুষ্ঠানত 'ৰঙৰ পৃথিৱী' চিত্ৰাংকন প্ৰতিযোগিতাৰ সভাপতি দিবাকৰ শৰ্মা আৰু প্ৰচাৰৰ মুখ্য আহ্বায়ক অজন্তা তালুকদাৰ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে বুবুল দত্ত আৰু নীলু আচাৰ্য, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যাপক ড° শশাংক ধৱল শইকীয়া, বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা, বিশিষ্ট কবি-নাট্যকাৰ-সাংবাদিক অমৰ শৰ্মা, সাংবাদিক তথা অসম সাংস্কৃতিক মহাসভাৰ প্ৰাক্তন সম্পাদক অচ্যুত হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ড° বাবুলাল মোৰ, বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক তথা সাংবাদিক প্ৰাঞ্জল হাজৰিকা আজি বিশিষ্ট লোক সকল উপস্থিত থাকে ৷

প্ৰায় দুই সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা আজিৰ প্ৰতিযোগিতা ক্ৰমে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ 'ক শাখা', ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 'খ শাখা', নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ 'গ শাখা' আৰু 'ঘ শাখা'ত স্নাতক পৰ্যায়ত অনুষ্ঠিত হয় ।

উল্লেখ যে বিগত সময়চোৱাতো অভিলাষ প্ৰকাশনে ‘আসাম ফাইন আর্টচ একাডেমীৰ সহযোগত ৰঙৰ পৃথিবী নামক এই চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে ৷ বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যাপিকা তথা অভিলাষ প্ৰসাশনৰ স্বত্বাধিকাৰ ড৹ ৰুবী বৰাৰ একমাত্ৰ পুত্ৰ অভিলাষৰ অকাল মৃত্যুৰ পিচৰ পৰাই তেওঁ স্মৃতিতেই ড৹ ৰুবী বৰাই এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল ৷ পৰৱৰ্তী সময়ত আসাম ফাইন আৰ্টত একাডেমিয়েও এই প্ৰতিযোগিতালৈ সহযোগিতা আগবঢ়ায় ৷ অনুষ্ঠানৰ শেষত ৰঙৰ পৃথিবী নামৰ চিত্ৰাংকন প্ৰতিযোগিতাক সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰাৰ বাবে  সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে অহা ১৫ জুনত এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে প্ৰতিযোগিতাৰ মুখ্য সম্পাদক ৰূপজ্যোতি ভড়ালীয়ে ৷

********