কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষলৈ চেঞ্চুৰী দেশৰ আগশাৰীৰ অনুষ্ঠান এচিয়াৰ বন্যপ্ৰাণী সেৱা বঁটা ২০২৫ :

কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষলৈ চেঞ্চুৰী দেশৰ আগশাৰীৰ অনুষ্ঠান এচিয়াৰ বন্যপ্ৰাণী সেৱা বঁটা ২০২৫ :
Aiidesh photo

Aiidesh News : 6 December - 2025 :

ভাৰতৰ আগশাৰীৰ অনুষ্ঠান চেঞ্চুৰী এচিয়াই আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সহায়ক ড০ সোণালী ঘোষলৈ বন্যপ্ৰাণী সেৱা বঁটা ২০২৫ আগবঢ়ায় । মুম্বাইৰ নেচনেল চেন্টাৰ ফৰ দ্যা পাৰফৰ্মিং আৰ্টচৰ প্ৰেক্ষাগৃহত আয়োজিত চেঞ্চুৰী এচিয়াৰ বঁটা প্ৰদান অনুষ্ঠানত ড০ সোনালী ঘোষৰ লগতে ভাৰতৰ প্ৰখ্যাত জল বিশেষজ্ঞ ড০ ৰাজেন্দ্ৰ সিং, জলচৰ পক্ষী বিশেষজ্ঞ প্ৰবীন শেখ, বন বিশেষজ্ঞ বাবন, জলবায়ু বিশেষজ্ঞ সিদ্ধাৰ্থ আগ্ৰৱাল, বন বিষয়া সৰুজ কুমাৰ পাণ্ডাকো চেঞ্চুৰী এচিয়াৰ বন্যপ্ৰাণী সেৱা বঁটা ২০২৫ প্ৰদান কৰা হয় ।

কাজিৰঙাৰ বানপানীৰ পানীৰ সময়ত যোগাযোগ বিচ্ছিন্ন হৈ থকা ২০০ ৰো অধিক বন শিবিৰৰ বনকৰ্মীৰ সকলৰ মনোবল আৰু কৰ্ম দক্ষতা অটুত ৰখাৰ বাবে ড০ সোনালী ঘোষে কৰা যথোচিত পদক্ষেপৰ উপৰিও ২০২৩ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ প্ৰথম গৰাকী মহিলা ক্ষেত্ৰ সঞ্চালিকা হিচাপে দায়ীত্ব গ্ৰহন কৰি সাহসিকতাৰে ইতিহাস ৰচনা কৰাৰ আৰু ভাৰতীয় বন সেৱাত দুটা দশকৰো অধিক সময় কাম কৰি  এগৰাকী দূৰদৰ্শী আৰু কৰ্মদক্ষ প্ৰশাসক হিচাপে নিজকে পৃথক কৰি ২০২৫ চনত আন্ত:ৰাষ্ট্ৰীয় সংগঠন আই ইউ চি এনৰ ৰ পৰা সন্মানীয় কেণ্টন আৰ মিলাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হোৱাৰ পটভুমিতেই ড০ সোনালী ঘোষক চেঞ্চুৰী এচিয়াৰ বন্যপ্ৰাণী সেৱা বঁটা ২০২৫ প্ৰদান কৰা বুলি  চেঞ্চুৰী এচিয়াৰ তৰফৰ পৰা জনোৱা হৈছে । লগতে কাজিৰঙা, চক্ৰশিলা, আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰা কৰ্মৰাজিৰে গোধা নাহৰফুটুকীৰ পুনৰসংস্থাপনৰ দৰে প্ৰভাৱশালী বৈজ্ঞানিক কাম, ক'ভিড-১৯ৰ সময়ত বন বিভাগত দিয়া নেতৃত্ব আৰু বন সেৱাত যোগদান কৰা যুৱ বিষয়া আৰু মহিলাসকলক পথ প্ৰদৰ্শন কৰাৰ উপৰিও ড০ সোনালী ঘোষৰ সাহস, সহানুভূতি, আৰু উৎকৃষ্টতাকো প্ৰশংসা কৰে চেঞ্চুৰী এচিয়া নামৰ সংগঠনটোৱে । মুম্বাইত চেঞ্চুৰী এচিয়াৰ বন্যপ্ৰাণী সেৱা বঁটা ২০২৫ গ্ৰহন কৰি কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষে কয় যে এগৰাকী বন বিষয়া হিচাবে আমি আমাৰ জোতাৰ বোকা, হাতৰ নোট বুক আৰু আমাৰ কৰ্মক্ষেত্ৰক পাহৰি যোৱা উচিত নহয়, য’ত বিবৰ্তনৰ শিপা বিয়পি আছে । 

************