বোকাখাতত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন : স্বাধীনতাৰ ৰ'দ কাঁচলিত বোকাখাত নামৰ গ্ৰন্থৰ উন্মোচন :

বোকাখাতত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন  : স্বাধীনতাৰ ৰ'দ কাঁচলিত বোকাখাত নামৰ গ্ৰন্থৰ উন্মোচন  :
Aiidesh Photo

Aiidesh News :15 August :

সমগ্ৰ দেশৰ লগতে বোকাখাততো উদযাপিত হয় দেশ ৭৬ সংখ্যক স্বাধীনতা দিৱস ৷ এই উপলক্ষে  বোকাখাতৰ ৰাজহুৱা খেল পথাৰত মহকুমা প্ৰশাসনৰ দ্বাৰা কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসুচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি ডা৹ নেহা যাদৱে ৷ পতাকা উত্তোলনৰ পুৰ্বেই তেওঁ আৰক্ষীৰ অভিৱাদনো গ্ৰহন কৰে ৷ পতাকা উত্তোলন কৰি মহকুমাধিপতি গৰাকীয়ে দিয়া ভাষণৰ পিচতেই আৰক্ষী, কাজিৰঙাৰ গঁড়ৰ সুৰক্ষা বাহিনী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে  কুছ কাৱাছ প্ৰদৰ্শন কৰে ৷ ইফালে বোকাখাতৰ স্বাধীনতা দিৱস উদযাপন ইতিহাসত প্ৰথম বাৰৰ বাবে এখন গ্ৰন্থ উন্মোচিত কৰা হয় ৷ স্বাধীনতা দিৱসৰ এই বিশেষ অনুষ্ঠানতে বোকাখাতৰ প্ৰবীন সাংবাদিক,  সাহিত্যিক পেঞ্চনাৰ ভৱেশ শইকীয়াৰ স্বাধীনতাৰ ৰ'দ কাঁচলিত বোকাখাত নামৰ গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৷ উন্মোচন কৰে মহকুমাধিপতি ডা৹ নেহা যাদৱে ৷

বোকাখাত পৌৰসভাৰ দ্বাৰা আয়োজিত প্রভাত ফেৰি আৰু দেশপ্রেমমূলক গীত-মাত পৰিৱেশনেৰে আৰম্ভ হোৱা আজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসুচীত বিভিন্ন ক্ৰীড়া কৌশল আৰু সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰা হয় ৷ অনুষ্ঠানত ৰাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও বাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ' ৰমেশ কুমাৰ গগৈ, পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ উপৰিও স্থানীয় জেষ্ঠ নাগৰিক সকলো উপস্থিত থাকে ৷ উল্লেখ্য যে ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা জনাব লগা বোকাখাতৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ব্যক্তি সকলৰ নামো আজিৰ অনুষ্ঠানতে ঘোষণা কৰা হয় ৷ এই বিশিষ্ট ব্যক্তি সকলক অহা ১৭ আগষ্টত সম্বৰ্ধনা জনোৱা হ'ব বুলিও ঘোষণা কৰে মহকুমা প্ৰশাসনে ৷

অনুষ্ঠানৰ শেষত বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিৰ চিকিৎসালয়ৰ ৰোগী, অনাথ আশ্রমৰ উপৰিও উজনি অসম বিকলাঙ্গ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ফলমূল বিতৰণ কৰা হয় ৷ বিয়লিলৈ স্বাধীনতা দিৱস উপলক্ষে স্থানীয়  সাংবাদিক আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ মাজত এক প্রীতি ফুটবল খেলো অনুষ্ঠিত হয় ।

*******