বোকাখাতৰ নুমলীগড়ত ড্ৰাগছ সহ সাতজনক আটক : আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱৰ দিনাই বোকাখাত আৰক্ষীৰ সাফল্য :

বোকাখাতৰ নুমলীগড়ত ড্ৰাগছ সহ সাতজনক আটক  : আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱৰ দিনাই বোকাখাত আৰক্ষীৰ সাফল্য  :
Aiidesh Photo

বোকাখাতৰ নুমলীগড়ত ড্ৰাগছ সহ সাতজনক আটক  : আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনাই বোকাখাত আৰক্ষীৰ সাফল্য  :

Aiidesh News : 27 June : 

দেশত আন্তৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস চলি থকাৰ সময়তেই ১৬ জুনৰ দিনা বোকাখাত আৰক্ষীয়ে হাতে লোটে আটক কৰে ড্ৰাগছ সহ ৭ জন লোকক । বোকাখাত মহকুমাৰ নুমলীগড়ত আৰক্ষীয়ে কৰায়ত্ব কৰে এই সাতজনীয় দলটোক ৷ এক বিশেষ সুত্ৰৰ আধাৰত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ অভিযানকাৰী  দলে অভিযান চলায় নুমলীগড়ত  এই আঠ ড্ৰাগছ মাফিয়াক আৰু ড্ৰাগচ সৰবৰাহকাৰীক  BR 06 D 5060 নম্বৰৰ ট্ৰাক খনৰ সৈতে কৰায়ত্ব কৰে ৷ 

এই সাত ড্ৰাগছ ব্যৱসায়ী কেইজন হ'ল নুমলীগড়ৰ আচিক আলি, দীপক ৰাজবংশী, নুমলীগড় ধোদাংৰ পবিত্ৰ হাজৰীকা, ৰৌদুৱাৰৰ বিপুল কছাৰী আৰু নুমলীগড় জমিৰ আলি আৰু গাড়ীখনৰ চালক আৰু হেণ্ডিমেন সোনাপুৰৰ আলম আলি আৰু আকবৰ আলী ৷ গাড়ীখনৰ চালকৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলে ৩ টা ড্ৰাগছৰ কন্টেনাৰ আৰু ১৮ টা ভাংৰ পেকেট জব্দ কৰে ৷

উল্লেখ্য যে এই দলটোৰ সৈতে ধৃত নুমলীগড়ৰ এটা চক্ৰই দীৰ্ঘদিনৰ পৰা নুমলীগড় অঞ্চলত ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগচৰ ব্যৱসায় চলাই আহিছিল । জানিব পৰা মতে কাষৰীয় ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এই চক্ৰটোৱে ড্ৰাগছ সৰবৰাহ কৰি দীৰ্ঘ দিনৰ পৰা নুমলীগড় , বোকাখাত,কহঁৰা আদি ঠাইৰ উঠি অহা প্ৰজন্মক প্ৰলোভিত কৰি ড্ৰাগছৰ ব্যৱসায়  চলাই আহিছিল । ঘটনা সম্পৰ্কত অধিক তথ্যৰ বাবে বোকাখাত আৰক্ষীয়ে অভিযান চলাই আছে আৰু শীঘ্ৰেই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আৰু বহু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ৷

*******