কাজিৰঙাৰ এনিমেল কৰিডৰত গাড়ীৰ খুন্দাত আহত গঁড়

কাজিৰঙাৰ এনিমেল কৰিডৰত ট্ৰাকৰ খুন্দাত আহত গঁড়  :

Aiidesh News  : 9th October  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰত আজি তীব্ৰ বেগী এখন ট্ৰাকে এটা গঁড়ক মহতিয়াই নিয়ে ৷ ট্ৰাকৰ খুন্দাত গঁড়টো ৰাষ্ট্ৰীয় পথতে বাগৰি পৰে যদিও পিচত উঠি অৰণ্যত প্ৰৱেশ কৰে ৷ আহত গঁড়টোক লৈ এতিয়া চিন্তাত পৰিছে উদ্যান কৰ্তৃপক্ষ ৷ হাতীত উঠি বনকৰ্মীয়ে বনাঞ্চলৰ ভিতৰত গঁড়টো বিচাৰিছে যদিও এই প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে গঁড়টোৰ সন্ধান উলিয়াব পৰা নাই বনকৰ্মী সকলে ৷ ইফালে গঁড়ক টোক খুন্দা মৰা ট্ৰাকখনক আটক কৰি জৰিমনা বিহিছে বন বিভাগে ৷

*******