ভাঙি দিয়া হ'ব বোকাখাতৰ এক লোক নিৰ্মান বিভাগৰ ঐতিহ্য মণ্ডিত চাং বাংলো : সংৰক্ষণৰ দাবী :

ভাঙি দিয়া হ'ব বোকাখাতৰ এক লোক নিৰ্মান বিভাগৰ ঐতিহ্য মণ্ডিত চাং বাংলো  : সংৰক্ষণৰ দাবী  :
Aiidesh Photo

ভাঙি দিয়া হ'ব বোকাখাতৰ এক লোক নিৰ্মান বিভাগৰ ঐতিহ্য মণ্ডিত চাং বাংলো  : সংৰক্ষণৰ দাবী  :

Aiidesh Bokakhat : 22nd February  :

আধুনিক বোকাখাতৰ বহু ইতিহাসৰ সাক্ষী চহৰ খনৰ মাজ মজিয়াতে অৱস্থিত লোক নিৰ্মান বিভাগৰ এটা ঐতিহ্য মণ্ডিত চাং বাংলো ভাঙি দিয়াৰ সিধান্ত গ্ৰহন কৰিছে বিভাগটোয়ে ৷ ১৯০৬ চনৰ আগতেই তেতিয়াৰ ইংৰাজে পৰিদৰ্শনৰ বাবে আহোতে বিশ্ৰাম ল'বৰ বাবে নিৰ্মান কৰিছিল এই পৰিদৰ্শন বাংলোটো ৷ বিগত সময়চোৱাত এই পৰিদৰ্শন বাংলোটোয়ে অকল বোকাখাতৰেই নহয় অসমৰো বহু ইতিহাসৰ সাক্ষী হৈ আছিল ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ উপৰিও অসমৰ বহুজন ৰাজনৈতিক নেতা মন্ত্ৰী বিষয়াই এই বাংলোতে জিৰণী লৈ বহু জনৰ সৈতে আলোচনাও কৰিছিল ৷ বহুজনে এই বাংলোতে বহি বোকাখাতৰ সুস্বাদো পেৰা আৰু পুৰিৰো সোৱাদ লৈছিল ৷ আলোচনা কৰিছিল অসমৰ ৰাজনীতি উত্থান পতনৰ ৷ বোকাখাত প্ৰাক্তন বিধায়ক মাল চন্দ্ৰ পেগু, তুলসী দাস, চত্ৰগোপাল কৰ্মকাৰ, বলোভদ্ৰ তামুলীৰ উপৰিও সৌ সিদিনাৰ ভুপেন্দ্ৰ নাথ ভুঞা,  জিতেন গগৈৰ অথবা অৰুন ফুকনলৈকে সকলোৰে ৰাজনৈতিক কাৰ্য ক্ৰমনিকাত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল বোকাখাতৰ এই ঐতিহাসিক চাং বাংলোটোয়ে ৷ ৰাজ্যৰ বহু সাংস্কৃতিক ইতিহাসৰো সাক্ষী বোকাখাতৰ লোক নিৰ্মান বিভাগৰ এই চাং বাংলো ৷ বহু মেৰামতি আৰু প্ৰতি পালনেৰে আজিও থিয় হৈ থকা এই ঐতিহ্য মণ্ডিত চাং বাংল'তো ধ্বংস কৰি তাৰ স্থানত এক অত্যাধুনিক ভৱন নিৰ্মানৰ পৰিকল্পনা কৰিছে প্ৰশাসনে ৷

নতুনকৈ নিৰ্মান হ'ব লগা ভৱনটোয়ে হয়টো বহু চাহিদাই পুৰণ কৰিব কিন্তু পুৰণি বাংলো টোৰ সৈতে হয়তো নি:শেষ  হৈ যাব অসমৰ লগতে বোকাখাতৰো বহু ইতিহাসৰ স্মৃতি ৷ বোকাখাতৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা এই বিশেষ পুৰণি চাং বাংলোতো ভাঙি দিয়াৰ কথা এতিয়া কিছু পৰিমানেৰে আৱেগিক কৰি তুলিছে বোকাখাতৰ বৌধিক সমাজক ৷ বহু জনে ঐতিহ্য মণ্ডিত এই চাং বাংলোটো ভাঙি দিয়াৰ পৰিবৰ্তে সংৰক্ষণৰ বাবেও দাবী তুলিছে ৷ 

*****