আছুৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি ছাত্ৰ নেতা দাদুল বৰাৰ দেহাৱসান :

আছুৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি ছাত্ৰ নেতা দাদুল বৰাৰ দেহাৱসান  :
Aiidesh Photo

আছুৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি ছাত্ৰ নেতা দাদুল বৰাৰ দেহাৱসান  : 

Aiidesh News  12 October  :

 

বোকাখাতৰ এজন জনপ্ৰিয় ছাত্ৰ নেতা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি দাদুল বৰাৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়  ৷


বোকাখাত কৰৈআটি গাওঁৰ নিৱাসী দাদুল বৰা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি থকাৰ উপৰিও সন্মুখৰ পৰা ছাত্ৰ সংগঠনৰ নেতৃত্ব দিছিল  ৷ নিজকে সদায় আছুৰ কৰ্মী বুলি চিনাকী দি ভালপোৱা দাদুল বৰা কিছু দিনৰ পূৰ্বে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি হৈছিল ৷ যোৱা নিশা চিকিৎসাধীন অৱস্থাতে ছাত্ৰ নেতাজনে শেষ নিঃশ্বাস ত্যাগ কৰে ৷ 


সাংগঠনিক নেতৃত্ব দিব পৰা দাদুল বৰাই নতুন প্ৰজন্মক ছাত্ৰ সন্থাৰ মজিয়ালৈ উলিয়াই আনিছিল ৷ ছাত্ৰ সংগঠনৰ উপৰিও বোকাখাতৰ সামাজিক জীৱনতো দাদুল বৰা ওতঃপোত ভাৱে জড়িত আছিল ৷


দাদুল বৰাৰ মৃত্যুত বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইমজাৰ লগতে বহু দল সংগঠনেৰ গভীৰ শোক প্ৰকাশ কৰিছে  ৷ 

**********