বোকাখাতৰ বৰচাপৰি চাহ বাগিছাত 'এবিটা' আৰু 'ইউনিছেফ'ৰ উদ্যোগত যুৱ সাংবাদিক কৰ্মশালা সম্পন্ন :

বোকাখাতৰ বৰচাপৰি চাহ বাগিছাত  'এবিটা' আৰু 'ইউনিছেফ'ৰ উদ্যোগত যুৱ সাংবাদিক কৰ্মশালা সম্পন্ন :
Bubul Dutta

Aiidesh News : 25 December - 2024 : 

আসাম ব্ৰাঞ্চ অৱ ইণ্ডিয়ান টি এচ'চিয়েচন, চমুকৈ "এবিটা"ৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় সংগঠন ইউনিচেফৰ   সহযোগত বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত অনুষ্ঠিত হয় "ইয়ং ৰিপোৰ্টাৰ্ছ ৱৰ্কচপ" নামৰ দুদিনীয়া কাৰ্যসূচীৰ এক বিশেষ অনুষ্ঠান সম্পন্ন হয় । বৰচাপৰি চাহ বাগিছাৰ শ্ৰমিকৰ বিনোদন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠান উদ্বোধন কৰে বাগিছা কল্যাণ বিষয়া নৱীন তাঁতীয়ে । সন্থাৰ চক্ৰ সমন্বয়ক ৰিকুমণি দাস, চাহ বাগিছা সমন্বয়ক সুনিধি দুচাদ আৰু জগদীশ তাঁতীয়ে অনুষ্ঠানৰ আঁত ধৰে । ইয়ং ৰিপ’ৰ্টাৰ্চ ৱৰ্কচপত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে বোকাখাচৰ জ্যেষ্ঠ সাংবাদিক, মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই । হাতীখুলি চাহ বাগিছাৰ পৰা কমাৰগাঁৱলৈকে মুঠ ৪১ গৰাকী যুৱক যুৱতীয়ে প্ৰশিক্ষণত অংশ গ্ৰহন কৰে । ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম, অনাতাঁৰ মাধ্যম আৰু সম্প্ৰতি জনপ্ৰিয় সামাজিক মাধ্যম সম্পৰ্কে দৃশ্য শ্ৰাব্য মাধ্যমেৰে এই প্ৰশিক্ষণ প্ৰদান কৰা হয় । ইয়াৰোপৰি দ্বিতীয় দিনৰ কাৰ্যসূচীত ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ যোগেদি সংবাদ প্ৰস্তুত কৰাৰ বিষয়েও অৱগত কৰা হয় । অনুষ্ঠানত এবিটাৰ উদ্যোগত, ইউনিছেফৰ সহযোগত প্ৰকাশ পাই থকা "মুক্ত আকাশ" নামৰ "যুৱ সাংবাদিক"ৰ বাতৰি কাকত খনত সংবাদ পৰিৱেশন আৰু যিকোনো লেখা প্ৰকাশৰ বাবেও প্ৰশিক্ষাৰ্থী সকলক উদগণি জনোৱা হয় ।

********