শিৱসাগৰ জিলাত শগুন সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত আৰণ্যকৰ সজাগতা অভিযান :

শিৱসাগৰ জিলাত শগুন সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত আৰণ্যকৰ সজাগতা অভিযান  :
Aiidesh Photo
শিৱসাগৰ জিলাত শগুন সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত আৰণ্যকৰ সজাগতা অভিযান  :
শিৱসাগৰ জিলাত শগুন সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত আৰণ্যকৰ সজাগতা অভিযান  :

Aiidesh News  : 8 February 2024  : 

দেশৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শেহতীয়াকৈ বিভিন্ন কাৰণত  হ্ৰাস পোৱা শগুনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাক লৈ শিৱসাগৰ জিলাৰ হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ  মাজত এক বিশেষ সজাগতা সভা অনুষ্ঠিত কৰে । হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা এই সজাগতা সভাত স্থানীয় পৰিৱেশ কৰ্মী বিজিত দত্ত আৰু আৰণ্যকৰ পূৱ অসম মণ্ডলৰ সমন্বয়ক হীৰেন দত্তৰ জৰিয়তে শগুনৰ গুৰুত্ব আৰু সংৰক্ষণৰ বিভিন্ন দিশৰ বিষয়ে ছাত্ৰ ছাত্ৰীক অৱগত কৰে ৷ 

অনুষ্ঠানত অংশ গ্ৰহন কৰি আৰণ্যকৰ সমন্বয়ক হীৰেন দত্তই ছাত্ৰ ছাত্ৰীক অৱগত কৰে যে এসময়ত শিৱসাগৰ জিলা এখন শগুন সমৃদ্ধ অঞ্চল আছিল যদিও জিলাখনত এই চৰাইবিধৰ বৰ্তমানৰ অৱস্থা সন্তোষজনক নহয় । যোৱা কেইবছৰমানৰ পৰা জিলাখনত অতি দ্ৰুত গতিত শগুনৰ সংখ্যা হ্ৰাস পোৱাতো অতিকে চিন্তনীয় ৷ সমন্বয়ক গৰাকীৰ মতে শিৱসাগৰ জিলাৰ পানীদিহিঙত ২০২১ চনৰ মাৰ্চ মাহত মানুহৰ অপকৰ্মৰ ফলত ৩৯ টা শগুনৰ মৃত্যু হৈছিল । বাকী ৩০ টা শগুনক বন বিভাগে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছিল । ২০২১ চনৰ এপ্ৰিল মাহত পুনৰ শিৱসাগৰ জিলাৰ লেপাই গাঁৱৰ মুকলি পথাৰত বিহ দিয়া পোহনীয়া জন্তুৰ মৃতদেহ খাই ঊনৈশটা শগুনৰ মৃত্যু হৈছিল । অসমত বাসস্থানৰ হানি, গাঁৱত পশুধনৰ চিকাৰ কৰা অঘৰী কুকুৰ মাৰিবলৈ ব্যৱহাৰ কৰা ঔষধ ফুৰাডনৰ বিষক্ৰিয়া আৰু ৰোগ আদি বিভিন্ন কাৰকে শগুনৰ মৃত্যুত অৰিহণা যোগায় । এই বিষয়সমূহে শগুনৰ সংখ্যা আৰু সামগ্ৰিক পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পেলায় । শগুনৰ সংখ্যা হ্ৰাসৰ আন এটা প্ৰধান কাৰণ হ’ল শগুনৰ বাহ সজাৰ বাবে উপযুক্ত গছৰ অভাৱ । শগুনে কেৱল ওখ, পূৰ্ণবয়স্ক আৰু শক্তিশালী গছতহে বাহ সাঁজে । আগতে শিৱসাগৰ জিলাৰ গাঁৱে-ভূঞৰ লগতে চহৰতো এনে গছ প্ৰচুৰ পৰিমাণে আছিল । কিন্তু বৰ্তমান এনে গছ খুব কমেইহে দেখা যায় । জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে এনে গছৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে । ফলত শগুনৰ বংশবৃদ্ধিত বিৰূপ প্ৰভাৱ পৰিছে আৰু শগুনৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস পাইছে । শিৱসাগৰ জিলাত এতিয়া ডিমৌৰ কাষৰীয়  অঞ্চলতহে শগুণৰ বাসস্থান দেখা যায় বুলি হীৰেণ দত্তই মত প্ৰকাশ কৰে ।

উল্লেখ্য যে, আৰণ্যকৰ পূব অসম মণ্ডলে বিভিন্ন কাৰণত সঘনাই শগুনৰ মৃত্যু হোৱা শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত চিত্ৰসগহ সজাগতাৰ পোষ্টাৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰণ্যকৰ মত্ পাৰিপাৰ্শ্চিক ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত শগুণৰ গুৰুত্ব আৰু ইহঁতে সন্মুখীন হোৱা ভাবুকিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিয়ে সংৰক্ষণ প্ৰচেষ্টাক ফলপ্ৰসু হোৱাত সহায় কৰিব । যাৰ বাবে এনেধৰণৰ সজাগতাই নৱ প্ৰজন্মক শগুনৰ বাসস্থান সুৰক্ষা আৰু সংৰক্ষণৰ বাবে উদগনি যোগাব ৷ 

*******