কাজিৰঙাত নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত নাৰিকল খেতিৰ কৰ্মশালা : কাজিৰঙাৰ কাষৰীয় কৃষকৰ অংশগ্ৰহন :

কাজিৰঙাত নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত নাৰিকল খেতিৰ কৰ্মশালা : কাজিৰঙাৰ কাষৰীয় কৃষকৰ অংশগ্ৰহন :
Aiidesh Photo
কাজিৰঙাত নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত নাৰিকল খেতিৰ কৰ্মশালা : কাজিৰঙাৰ কাষৰীয় কৃষকৰ অংশগ্ৰহন :
কাজিৰঙাত নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত নাৰিকল খেতিৰ কৰ্মশালা : কাজিৰঙাৰ কাষৰীয় কৃষকৰ অংশগ্ৰহন :

Aiidesh News  : 13 March - 2025 :

গুৱাহাটীত থকা নাৰিকল উন্নয়ন বৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহযোগত আজি কাজিৰঙাত নাৰিকলৰ খেতিৰ সম্পৰ্কত এক বিশেষ কৰ্মশালাৰ আয়োজন কৰে ৷ কঁহৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ শতাধিক কৃষকে অংশ গ্ৰহন কৰে ৷ কাজিৰঙাৰ সহকাৰী বনসংৰক্ষক জয়ন্ত দাসে সঞ্চালকৰহৈ আদৰণী ভাষন কৰে ৷ কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতা আৰু নাৰিকল উন্নয়ন বৰ্ডৰ বিপনন সমন্বয়ক কৌশিক দাসে আঁতধৰা কৰ্মশালাত কৃষি বিভাগৰ উপ সঞ্চালক অলকানন্দ কাকতি আৰু নাৰিকল উন্নয়ন ব’ৰ্ডৰ মাণ্ডলিক কাৰ্যালয়ৰ উন্নয়ন বিষয়া কমল লোচন পাণ্ডাই সমল ব্যক্তি হিচাপে উপস্থিত থাকি নাৰিকলৰ খেতি, প্ৰতিপালন আৰু ব্যৱসায়ক সামৰি সচিত্ৰ উপস্থাপনেৰে আলোচনা আগবঢ়ায় ৷ কৰ্মশালাত উপস্থিত থাকি বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি জেষ্ঠ সাংবাদিক স্বপন নাথ আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াই নিজৰ বক্তব্যৰে অংশগ্ৰহনকাৰী কৃষক সকলক উৎসাহিত কৰে ৷ কৰ্মশালাৰ আৰম্ভনীতে নাৰিকল উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা আমন্ত্ৰিত অতিথি আৰু সমল ব্যক্তি সকলক ফুলাম গামোছাৰে আদৰণী জনায় ৷ কৰ্মশালাৰ শেষত কৃষক সকলক নাৰিকলৰ পুলি ৰোপণো প্ৰদৰ্শন কৰা হয় ৷

***********