কাজিৰঙাত বছৰৰ প্ৰথমটো গঁড় হত্যা : খৰ্গ লৈ উধাও চোৰাংচিকাৰীৰ দল :

কাজিৰঙাত বছৰৰ প্ৰথমটো গঁড় হত্যা :  খৰ্গ লৈ উধাও চোৰাংচিকাৰীৰ দল  :
Aiidesh Photo

 

Aiidesh News  :  22 January 2024 :

কাজিৰঙাত পুনৰ গঁড় হত্যা ৷ দীৰ্ঘ সময়ৰ পিচত যোৱা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ মাকলুং নামৰ বনশিৱিৰ এলেকাত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হয় ৷ আজি পুৱা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ প্ৰত্যক্ষ কৰে বনকৰ্মীয়ে ৷ ২০২৪ চনৰ এইটো প্ৰথম গঁড় হত্যাৰ ঘটনা ৷ মৃতদেহ উদ্ধাৰৰ পিচত ঘটনাস্থলীত উপস্থিত হৈ বন বিষয়াৰ দলে ঘটনাৰ তদন্ত কৰাৰ উপৰিও স্নিফীৰ ডগৰ সহায়তো চোৰাং চিকাৰীৰ সন্ধানৰ চেষ্টা চলায় ৷ ঘটনাৰ পিচতেই বন বিভাগৰ বন্যপ্ৰাণী শাখাৰ প্ৰধান মুখ্য বন সংৰক্ষক সঞ্জীৱ কুমাৰ আহি কাজিৰঙাত উপস্থিত হৈ ঘটনাৰ সৱিশেষ বুজ লৈ তদন্তৰ  লগতে চোৰাংচিকাৰীৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়ে ৷

*********