কাজিৰঙাৰ এনিমেল কৰিডৰত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ ছাত্ৰী ছাত্ৰীৰ আৱৰ্জনা পৰিস্কাৰ অভিযান  :

কাজিৰঙাৰ এনিমেল কৰিডৰত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ ছাত্ৰী ছাত্ৰীৰ আৱৰ্জনা পৰিস্কাৰ অভিযান  :
Aiidesh Photo

Aiidesh News : 27th January  : 

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ দুটা দলে যৌথ ভাৱে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ পানবাৰীৰ আৱৰ্জনা পৰিস্কাৰ কৰাৰ অভিযান সম্পন্ন কৰে ৷ জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰশান্ত শইকীয়া আৰু মতিৰাম দাসৰ নেতৃত্বত ২০ জন আৰু খুমটাই মহাবিদ্যালয়ৰ প্ৰবক্তা পৰেশ কুমাৰ কলিতাৰ নেতৃত্বত মহাবিদ্যালয় খনৰ ২০ গৰাকী ছাত্ৰ ছাত্ৰীক লৈ মুঠ ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই আৱৰ্জনা পৰিস্কাৰ অভিযানত অংশ গ্ৰহন কৰে ৷ 

আজি পুৱা পানবাৰী খণ্ড বন বিষয়াৰ কাৰ্যালয় প্ৰাংগনত আয়োজিত এক অনুষ্ঠানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰি আনুষ্ঠানিকভাৱে পৰিস্কাৰ অভিযান উদ্বোধন কৰে ৷ অনুষ্ঠানত বোকাখাত বনাঞ্চলৰ বিষয়া কৰ্মচাৰীৰ উপৰিও বিশিষ্ট দৌৰবিদ পদ্মজা খাউণ্ডো উপস্থিত থাকে ৷ 

উল্লেখ্য যে কাজিৰঙাৰ বাবে পানবাৰীৰ এনিমেল কৰিডৰটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত ৷ কৰিডৰটোৰ মাজোৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথ যান বাহনৰ পৰা যাত্ৰী আৰু চালকে পেলায় যোৱা আৱৰ্জনাই কৰিডত বিচৰণ কৰা বন্যপ্ৰাণীৰ বাবে ক্ৰমে বিপদজনক হৈ পৰিছে ৷ ৰাষ্ট্ৰীয় পথৰ কাষৰ পৰা আৱৰ্জনা ক্ৰমে বনাঞ্চলৈও সিঁচৰিত হৈ পৰিছে ৷ এনে পটভুমিত মহাবিদ্যালয় দুখনৰ ছাত্ৰ ছাত্ৰী সকলে আজি পানবাৰী এনিমেল কৰিডৰত অভিযান চলাই কৰিডৰটোৰ পৰা আৱৰ্জনা আঁতৰাই ৷ এই অভিযানৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলে কৰিডৰটো দুয়ো মুৰত অৱস্থান কৰি ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে যাতায়ত কৰা যান বাহনৰ চালকৰ মাজত কৰিডৰত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰন কৰিবৰ বাবে প্ৰচাৰ পত্ৰ প্ৰদান কৰি অনুৰোধ জনায় ৷ মনকৰিব লগীয়া যে জি ২০ গ্ৰুপৰ ৭০ জনীয়া এক সঁজাতি দল অহা ১ ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব ৷ ইয়াৰ বাবে যোৰহাটৰ কাকডোঙা কাজিৰঙালৈকে ৩৭ ৰাষ্ট্ৰীয় পথটো সজাই তোলাৰ  পৰিকল্পনা প্ৰশাসনৰ ৷ জি ২০ গ্ৰুপৰ সঁজাতি দলৰ কাজিৰঙা ভ্ৰমনৰ প্ৰাকক্ষণত জে ডি এছ জি মহাবিদ্যালয় আৰু জয়া গগৈ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী সকলে পানবাৰী এনিমেল কৰিডৰ পৰিস্কাৰ কৰা কাৰ্যৰ শলাগ লৈছে কাজিৰঙা কৰ্তৃপক্ষই  ৷

*******