দীপাৱলীৰ দিনা বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত ইন্দো তিৰ্ব্বতীয়ান বৰ্ডাৰ পুলিচৰ মিঠাই বিতৰন :

দীপাৱলীৰ দিনা বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত ইন্দো তিৰ্ব্বতীয়ান বৰ্ডাৰ পুলিচৰ মিঠাই বিতৰন  :
Aiidesh Photo

দীপাৱলীৰ দিনা বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত ইন্দো তিৰ্ব্বতীয়ান বৰ্ডাৰ পুলিচৰ মিঠাই বিতৰন  :

Aiidesh News  : 24th October  :

আজি দীপাৱলীৰ দিনা বোকাখাতত স্থিত উজনি অসম বিকলাংগ কেন্দ্ৰত নুমলীগড়ত থকা গুৱাহাটীৰ ইন্দো তিৰ্ব্বতীয়ান বৰ্ডাৰ পুলিচৰ ৩৩ নং বেটেলিয়নৰ এটা দলে কেন্দ্ৰৰ আৱাসিক দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ মাজত মিঠাই বিতৰণ কৰে ৷ এচিষ্টেন্ট  কামাণ্ডেন্ট পগৰ জনাৰ্দ্ধন কালু আৰু ইনচপেক্টৰ প্ৰান্তোষ দত্তৰ নেতৃত্বত অহা দলটোয়ে দীপাৱলীৰ মিঠাই বিতৰণ কৰাৰ লগতে আৱাসিক দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে কেন্দ্ৰ শিক্ষক কৰ্মচাৰী আৰু পৰিচালনা সমিতিৰ বিষয় ববীয়াৰ সতেও আলোচনা কৰে ৷ দীপাৱলীৰ দিনা দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰি আপ্লুত হোৱা ইন্দো তিৰ্ব্বতীয়ান বৰ্ডাৰ পুলিচৰ ৩৩ নং বেটেলিয়নৰ দলটোয়ে ছাত্ৰ ছাত্ৰী সকলৰ কাষলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিও দিয়ে  ৷

 ******