বোকাখাতত অনুষ্ঠিত বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ ৰ সামৰণি : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন :

বোকাখাতত অনুষ্ঠিত বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ ৰ সামৰণি : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন  :
Aiidesh Photo
বোকাখাতত অনুষ্ঠিত বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ ৰ সামৰণি : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন  :
বোকাখাতত অনুষ্ঠিত বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ ৰ সামৰণি : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন  :
বোকাখাতত অনুষ্ঠিত বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ ৰ সামৰণি : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন  :

Aiidesh News  : 25 May - 2024 :

জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত যোৱা ২৩ মে'ৰ পৰা বোকাখাতৰ জাতীয় বিদ্যালয়ৰ বাকৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ ৰ আজি বিয়লি সামৰণি পৰে । প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বীৰুবালা ৰাভাৰ সোৱঁৰণত উৎসৰ্গিত সমাৰোহখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা চাৰি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ 

এই সমাৰোহৰ ২৩ মে'ৰ প্ৰথম দিনা পুৱা পৰা বিভিন্ন প্ৰান্তৰৰ পৰা অহা শিশু প্ৰতিনিধি সকলৰ পঞ্জীয়নৰ পিচত কেন্দ্রীয় সমিতিৰ পতাকা উত্তোলন কৰে জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি তপন কুমাৰ শৰ্মাই । অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি শৰৎ চন্দ্র দত্তই । প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু বীৰুবালা ৰাভাৰ সোঁৱৰণত দুয়োগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পল্লৱ বৰবৰাই । অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৪০০ শিশুয়ে অংশগ্রহণ কৰা এই সমাৰোহত অংক,  বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, পৰিবেশ অধ্যয়ন, অৰিগেমী, আৰু গীত-মাতৰ বাবে আয়োজন কৰা ছয়টাকৈ শিক্ষন কোণ উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° ভৱেশ চন্দ্র গোস্বামীয়ে ।  বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত উদ্বোধকৰ পৰিচয় প্ৰদান কৰে  বিদ্যুৎ বিকাশ শইকীয়াই । ড° বিদ্যুৎ বৰুৱা আৰু ড° হৰি প্ৰসাদ নাথে উদ্বোধক ড° ভৱেশ চন্দ্ৰ গোস্বামীক স্মাৰক আৰু গামোচাৰে সমাৰোহলৈ আদৰণি জনায় । অনপষ্ঠানত বোকাখাত জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিজৰা বৰঠাকুৰে আদৰনি ভাষন প্ৰদান কৰে । বিয়লিলৈ শিক্ষন কোণ সমূহ আৰম্ভ কৰা হয় । শিক্ষন কোণৰ সামৰণিৰ পিচতেই বোকাখাতৰ বাহিৰৰ শিশু সকলক কাজিৰঙা দৰ্শনৰ বাবে লৈ যোৱা হয় । 

২৪ মে’ৰ দ্বিতীয় দিনৰ কাৰ্য্যসূচী পুৱা  অসম সংগীতেৰে আৰম্ভ কৰা হয় । পৰৱৰ্তী সময়ত ছয়টা শিক্ষন কোণত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪ শ ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে । প্ৰচণ্ড গৰমকো নেওচি ছাত্র-ছাত্রীসকলৰ অংশগ্রহণে যথেষ্ট উৎসাহিত কৰে বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ অভ্যৰ্থনা সমিতিক ৷ শিক্ষন কোণৰ সমান্তৰাল কৈ বোকাখাত চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ দ্বাৰা " অন্ধবিশ্বাস দূৰীকৰণ আৰু আমাৰ কৰণীয়" বিষয়ক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । সমন্বয়ক ড° বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° সুৰজিৎ দত্তই । অনপষ্ঠানত বিশিষ্ট অতিথি, শিক্ষাবিদ ড° নয়নমনি মেধিয়ে তেখেতৰ বক্তব্যত অন্ধবিশ্বাসে আমাৰ সমাজখন কেনেকৈ শিপাইছে তাৰ ওপৰত ব্যাখ্যা দাঙি ধৰাৰ লগতে অন্ধবিশ্বাসক লৈ সমাজখন ভাগ ভাগ হোৱাৰ শংকা প্ৰকাশ কৰে । ইয়াৰ পিছতে আৰ্যভট্ট বিজ্ঞান কেন্দ্র, পশ্চিম গোলাঘাটৰ উদ্যোগত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি তপন কুমাৰ শৰ্মাই । ইয়াৰ পিছতেই অংক, বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, পৰিৱেশ অধ্যয়ন, অৰিগেমী, আৰু গীত-মাত আদিৰ ছয়টা শিক্ষন কোণ বিয়লিলৈকে অনুষ্ঠিত হয় । শেষত দিনটোৰ কাৰ্য্যসূচীৰ পৰ্যালোচনা কৰি ৰাষ্ট্ৰীয় সংগীতেৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সামৰণী মৰা হয় ।

আজি তৃতীয় তথা অন্তিম দিনৰ কাৰ্য্যসূচী পুৱা অসম সংগীতেৰে আৰম্ভ কৰা হয় । পৰৱৰ্তী সময় আয়োজিত শিক্ষন কোণত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰিশ ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে । ইয়াৰ পিচতেই পুৱা ১০.৩০ বজাৰ পৰা জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি শৰৎ চন্দ্র দত্তই। কাৰ্য্যকৰী সভাপতি ড° বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে এচটেকৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱা,শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ ২০২১ প্ৰাপ্ত যুৱ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াৰ লগতে নুমলীগড় তেলশোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক( মানৱ সম্পদ) ড° কাজল শইকীয়া । আমন্ত্ৰিত অতিথিসকলক পৰিচয় প্ৰদান কৰে সম্পাদক বিদ্যুৎ বিকাশ শইকীয়াই । ছাত্র-ছাত্রীসকলে ৫টা জনগোষ্ঠীয় ভাষাত পৰিৱেশন কৰা অসম সংগীতেৰে সভাখনৰ শুভাৰম্ভ কৰা হয়। লগতে সকলো ছাত্র-ছাত্রীয়ে গীত মাত আৰু শিক্ষন কোণৰ দুটি গীতত প্ৰাণঢালি সহযোগ কৰে।

অনুষ্ঠানতে বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ দ্বাৰা সম্পাদিত "চেতনা আৰু "এজাৰ" নামৰ দুখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ উপৰিও "মুক্তমন" নামেৰে এখন স্মৰণিকাও উন্মোচন কৰা হয় । স্মৰনিকাখন উন্মোচন কৰে এচটেকৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱাই । ৪০ গৰাকী লিখকৰ বিভিন্ন বিষয়ৰ লিখনি সন্নিবিষ্ট তথা ড° ফাল্গুন চেতিয়া আৰু ঈপ্সিতা দত্তৰ দ্বাৰা সম্পাদিত স্মৰনিকা খনৰ মানদণ্ড অতি উন্নত হোৱা বুলিও মন্তব্য কৰে উন্মোচক ড০ অশ্চিনী বৰুৱাই ।

শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ ২০২১ প্ৰাপ্ত যুৱ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াও সমাৰোহখনিত উপস্থিত থাকি ছাত্র ছাত্রীৰ লগত মত বিনিময় কৰাৰ লগতে নিজৰ গবেষণাৰ বিষয়ে সহজ ভাষাৰে বক্তব্য আগবঢ়াই। যুৱ বিজ্ঞানী গৰাকীয়ে প্ৰতিজন শিশুকে একোজন বিজ্ঞানী বুলি অভিহিত কৰে । আমন্ত্ৰিত অতিথি নুমলীগড় তেলশোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক( মানৱ সম্পদ) ড° কাজল শইকীয়াই  সমাৰোহখনিত উপস্থিত থাকি তেখেতৰ বক্তব্যত সমাৰোহ খনিৰ পৰিবেশ শান্তি নিকেতনৰ লগত তুলনা কৰি সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি অভিহিত কৰে । আনহাতে জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি আৰু সম্পাদকে সমাৰোহৰ তিনিদিনৰ অভিজ্ঞতাৰে বিশেষ বক্তব্য আগবঢ়াই অনুষ্ঠানটোত । অনুষ্ঠানত অধ্যক্ষ ড° দীপক কুমাৰ বৰা, ড° সুৰজিৎ দত্ত আৰু সমাজকৰ্মী নিজৰা বৰঠাকুৰো উপস্থিত থাকে । আহ্বায়ক সমিতিৰ সম্পাদিকা ইনজু আহমেদে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে সভাপতিয়ে মন্তব্য প্ৰদান কৰে আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণী পৰে । পৰৱৰ্তী সময়ত বোকাখাতৰ জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিশুসকলৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । বিয়লিলৈ পতাকা অৱনমনেৰে তিনিদিনীয়া সমাৰোহৰ সমাপ্তি ঘোষণা কৰা হয় ।

*********