কাজিৰঙাত বন্যপ্ৰাণী সপ্তাহৰ উদ্বোধনী অনুষ্ঠান : হস্তী দিৱস পালন : মানাহলৈ বাঘ ৰথৰ যাত্ৰা :

কাজিৰঙাত বন্যপ্ৰাণী সপ্তাহৰ উদ্বোধনী অনুষ্ঠান  : হস্তী দিৱস পালন :  মানাহলৈ বাঘ ৰথৰ যাত্ৰা  :
Aiidesh Photo
কাজিৰঙাত বন্যপ্ৰাণী সপ্তাহৰ উদ্বোধনী অনুষ্ঠান  : হস্তী দিৱস পালন :  মানাহলৈ বাঘ ৰথৰ যাত্ৰা  :
কাজিৰঙাত বন্যপ্ৰাণী সপ্তাহৰ উদ্বোধনী অনুষ্ঠান  : হস্তী দিৱস পালন :  মানাহলৈ বাঘ ৰথৰ যাত্ৰা  :

কাজিৰঙাত বন্যপ্ৰাণী সপ্তাহৰ উদ্বোধনী অনুষ্ঠান  : হস্তী দিৱস পালন :  মানাহলৈ বাঘ ৰথৰ যাত্ৰা 


Aiidesh News : 2 October  :


দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে শনিবাৰৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ উদ্বোধনী আৰু হস্তী দিৱসৰ বিশেষ অনুষ্ঠান অনুস্থিত হয় ৷ কহঁৰাৰ মিহিমুখত আয়োজিত এই অনুষ্ঠানত কাজিৰঙাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া , ভুমি আৰু কৰবেট ফাউণ্ডেচনৰৰ তৰফৰ পৰাও বিশেষ সহযোগিতা আগবঢ়োৱা হয় ৷ 


মনোজ্ঞ এই অনুষ্ঠানত মাউট সহ বন বিভাগৰ পাচটা হাতীয়েও অংশগ্ৰহন কৰে ৷ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হস্তী দিৱসৰ কাৰ্যসুচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা,  বন্যপ্ৰানী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰী আৰু কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি হাতীৰ বিষয়ে বিভিন্ন তথ্যৰে আলোচনা কৰে ৷ বন বিভাগৰ প্ৰধান হাতী মাউট কিৰণ ৰাভাৰ নেতৃত্বত মাউট সকলেও ছাত্ৰ ছাত্ৰীৰ সৈতে হাতীৰ পৰিচালনা, হাতীৰ প্ৰতি পালন আদি বিষয়ত মত বিনিময় কৰে ৷


এই অনুষ্ঠানত ডি এফ অ' ৰমেশ গগৈৰ উপৰিও কাজিৰঙাৰ উপ বন সংৰক্ষক খৰ্গ সিং ডেকা ৰজা,  সহকাৰী বন সংৰক্ষক পিৰাই সোদন , নয়নজ্যোতি ৰাজবংশী,  বনাঞ্চলিক বিষয়া বিভুতি কলিতা আৰু বিদ্যুত বিকাশ বৰা উপস্থিত থাকে ৷ হস্তী দিৱসৰ সামৰণিৰ পিচতেই কেন্দ্ৰীয় চৰকাৰৰ আজাদি কি অমৃত মহোৎসৱৰ অংশ হিচাবে কাজিৰঙাৰ পৰা ওৰাং হৈ মানাহলৈ যাত্ৰা কৰা বাঘ ৰথ যাত্ৰাৰ শুভাৰম্ভ কৰা হয় ৷ বাঘ ৰথৰ এই যাত্ৰাই মানাহলৈকে কৰিব লগীয়া যাত্ৰাত ভাৰতত ঢেকীয়াপতীয়া বাঘৰ গৌৰৱোজ্বল সংৰক্ষণৰ বিষয়ে জন সচেতনতা সৃষ্টি কৰিব ৷ 

*********