বোকাখাতত অসম কুৰ্মি সমাজৰ উদ্যোগত জনগোষ্ঠীটোৰ কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা :

বোকাখাতত অসম কুৰ্মি সমাজৰ উদ্যোগত জনগোষ্ঠীটোৰ কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা :

Aiidesh News : 23 July 2023 :

বিগত বৰ্ষৰ দৰে গোলাঘাট জিলা কুৰ্মি সমাজ, গোলাঘাট জিলা কুৰ্মি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত, গোলাঘাট জিলা মহিলা সমিতি, গোলাঘাট, ধনশিৰি আৰু বোকাখাত আঞ্চলিক সমিতিৰ সহযোগত গোলাঘাট জিলাৰ কুৰ্মি স্বজাতিৰ ২০২৩ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ দিয়াৰ উদ্দেশ্যেৰে ২৩ জুলাইত বোকাখাত নাট্য মন্দিৰ প্ৰাংগনত বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় । 

বিজয় শৰ্মাৰ পৰিচালনাত পৰিবেশন কৰা সমবেত গীতেৰে আৰম্ভ হোৱা এই অভিনন্দন অনুষ্ঠানত পৌৰহিত্য কৰে কুৰ্মি অসম কুৰ্মি সমাজৰ গোলাঘাট জিলাৰ সভাপতি পুষ্পকান্ত কুৰ্মিয়ে ৷ অনুষ্ঠানত অসম কুৰ্মি সমাজৰ কেন্দ্ৰীয় সভাপতি চহনলাল কুৰ্মি, বৰাইক সমাজৰ কেন্দ্ৰীয় সভাপতি লক্ষন বৰাইক, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড৹ বাবুলাল মোৰ, চি এন বি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শৰৎ দত্ত, সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সমাজ কৰ্মী লক্ষণ চন্দ্ৰ বৰাইক, বেজা বৈষ্ণৱ স্মৃতি ৰক্ষা সমিতিৰ চাকিৰাম মাহত্ব বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, অসম কুৰ্মি সমাজৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সম্পাদক প্ৰদীপ কুৰ্মি, সম্পাদক অজিত কুৰ্মি আৰু ৰাজু কুৰ্মি, কুৰ্মি ছাত্ৰ পৰিসদৰসভাপতি অভিষেক কুৰ্মি , সম্পাদক কিৰণ জ্যোতি কুৰ্মি, কুৰ্মি মহিলা সমিতিৰ জিলা সভাপতি মামনী কুৰ্মী আৰু সম্পাদিকা নন্দিতা কুৰ্মি, অৱসৰ প্ৰাপ্ত শিক্ষক ধনীৰাম কুৰ্মিৰ লগতে বিষয় ববীয়া সকল উপস্থিত থাকে ৷

অভিনন্দন অনুষ্ঠানতে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত গোলাঘাট জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা শশাংক কুৰ্মিক ক্ষীৰদা কুৰ্মি সোঁৱৰণী শৈক্ষিক বঁটা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত জিলা খনৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰা প্ৰতীক্ষা কুৰ্মিক ফাগু কুৰ্মি সোঁৱৰণী শৈক্ষিক বঁটা, বিজ্ঞান শাখাত সর্বোচ্চ নম্বৰ লাভ কৰা দুৱৰী কুৰ্মিক চাবুৱা কুৰ্মি সোঁৱৰণী শৈক্ষিক বঁটা" আৰু চি বি এছ ই পৰীক্ষাত দ্বাদশ শ্রেণীত সর্বোচ্চ নম্বৰ লাভ কৰা প্ৰিয়াংকু কুৰ্মিক দীননাথ চৌধুৰী সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰাৰ লগতে ১২০ গৰাকী কৃৰ্তিমান ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত বিভিন্ন স্থানৰ পৰা অহা কুৰ্মি সমাজৰ প্ৰধান ১৯ গৰাকী মাহাত্বকো সম্বৰ্ধনা জনায় ৷

********