কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ আগতীয়া জাননী দিব পৰাকৈ কেন্দ্ৰীয় জল আয়োগৰ অনুমোদিত লেভেল ষ্টেচনৰ প্ৰয়োজন :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ আগতীয়া জাননী দিব পৰাকৈ কেন্দ্ৰীয় জল আয়োগৰ অনুমোদিত লেভেল ষ্টেচনৰ প্ৰয়োজন :
Aiidesh Photo

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ আগতীয়া জননী দিব পৰাকৈ কেন্দ্ৰীয় জল আয়োগৰ অনুমোদিত লেভেল ষ্টেচনৰ প্ৰয়োজন :

Aiidesh News : 19 July 2023 : 

বিশ্বৰ ঐতিহ্য ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ জোখিব পৰাকৈ নাই কেন্দ্ৰীয় জল আয়োগৰ অনুমোদিত লেভেল ষ্টেচন আৰু জলপৃষ্ঠ জোখিব পৰা স্কেল ৷ যাৰ বাবে উদ্যানখনৰ পুৱ সীমাৰ ধনশিৰিমুখত থকা জল সম্পদ বিভাগৰ জলপৃষ্ঠ জোখাৰ স্কেল ডালৰ ওপৰতেই নিৰ্ভৰ কৰিব লাগে উদ্যানখনৰ কৰ্তৃপক্ষই ৷ 

বানপানীৰ আগতীয়া জাননীৰ বাবে কেন্দ্ৰীয় জল আয়োগে দেশৰ প্ৰায়বোৰ নদীতে স্থাপন কৰা লেভেল ষ্টেচন বোৰৰ ভুমিকা গুৰুত্বপুৰ্ণ ৷ উজনি অসমৰ চিয়াং নদীৰ পিচতেই ডিব্ৰুগড় আৰু নিমাতীঘাটৰ আছে কেন্দ্ৰীয় জল আয়োগৰ লেভেল ষ্টেচন ৷ নিমাতীঘাটৰ পিচত তেজপুৰতহে আছে কেন্দ্ৰীয় জল আয়োগৰ পৰৱৰ্তী লেভেল ষ্টেচন ৷ ইয়াৰ মাজতে ধনশিৰিমুখত জল সম্পদ বিভাগৰ এডাল বিভাগীয় স্কেল আছে যদিও এই স্কেল কেন্দ্ৰীয় জল আয়োগৰ দ্বাৰা অনুমোদিত নহয় ৷ যাৰ বাবে কাজিৰঙাৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি বিবেচিত হ'লেও ধনশিৰিমুখত জলপৃষ্ঠৰ জল সম্পদ বিভাগে জোখা জলপৃষ্ঠৰ পৰিসংখ্যা কেন্দ্ৰীয় জল আয়োগৰ দ্বাৰা গ্ৰহন যোগ্য নহয় ৷ 

সাধাৰণতে কেন্দ্ৰীয় জল আয়োগে তেওঁলোকৰ ৱেব চাইটৰ জড়িয়তে সমগ্ৰ দেশৰ নদী আৰু জল বিদ্যুত প্ৰকল্পৰ জলপৃষ্ঠৰ উচ্চতাৰ উপৰিও হ'ব পাৰ উচ্চতা বৃদ্ধি আৰু হ্ৰাসৰ তথ্যও প্ৰকাশ কৰে ৷ নদীবোৰত স্থাপন কৰা লেভেল ষ্টেচনৰ পৰা সংগৃহীত তথ্যৰে হ'ব পৰা বানপানীৰ সম্পৰ্কত আগতীয়াকৈ এই ৱেবচাইটত অৱগতো কৰে  কেন্দ্ৰীয় জল আয়োগে ৷ অনুমোদিত লেভেল ষ্টেচন নথকাৰ বাবে কেন্দ্ৰীয় জল আয়োগৰ এই ৱেব চাইটত ধনশিৰিমুখ বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিও অন্তৰ্ভুক্ত হোৱা নাই ৷ যাৰ বাবে যোৰহাটৰ নিমাতীঘাটৰ পৰা তেজপুৰলৈকে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰসাৰিত অংশ সঠিক আৰু বিজ্ঞান সন্মত তথ্য আৰু বিশ্লেষণ আজিও হোৱা নাই ৷ 

জলসম্পদ বিভাগে নিজৰ বিভাগীয় তথ্যৰ বাবে সংগৃহীত কৰা বা ব্যক্তি বিশেষে সংগ্ৰহ কৰা তথ্যৰ ওপৰতে ভিত্তি কৰিয়েই কাজিৰঙাত হোৱা বানপানীৰ স্থিতি আৰু পুৰ্বানুমান কৰা হয় ৷ এই বিশ্লেষণ কিমানদুৰ বিজ্ঞান সন্মত কোৱা কঠিন ৷ সেয়েহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয় স্থানত কেন্দ্ৰীয় জল আয়োগৰ অনুমোদিত লেভেল ষ্টেচনৰ অতি প্ৰয়োজন ৷ অথবা ধনশিৰিমুখত থকা জল সম্পদ বিভাগৰ জলপৃষ্ঠৰ উচ্চতা নিৰূপন কৰা স্কেলডাল কেন্দ্ৰীয় জল আয়োগৰ দ্বাৰা অনুমোদন কৰাৰো থল আছে ৷

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বোকাখাত মহকুমাৰ ধনশিৰিমুখত ১৫ জুলাইৰ পুৱা বিপদ সীমাৰ ১.২৯ মিটাৰ উচ্চতালৈ উঠাৰ পিচতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন নদীপৰীয়া অঞ্চল ব্ৰহ্মপুত্ৰৰ পানীৰে জলমগ্ন হয় ৷ উল্লেখ্য যে ধনশিৰিমুখত জল সম্পদ বিভাগৰ স্কেল মতে বিপদ সীমাৰ উচ্চতা ৭৫ মিটাৰ ৷ ১৫ জুলাইত ধনশিৰিমুখত জলপৃষ্ঠৰ উচ্চতা হৈছিল ৭৬.২৯ মিটাৰ ৷ ১৫ জুলাইৰ বিয়লিলৈ নিম্নগামী হৈছিল জলপৃষ্ঠ ৷ সম্প্ৰতি ১৯ জুলাইৰ দুপৰীয়া ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ প্ৰবাহিত হৈ আছে ৷ কেন্দ্ৰীয় জল আয়োগে দিয়া আগতীয়া জাননী মতে অহা ২৫ জুলাইলৈকে ডিব্ৰুগড় আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ঈৰ্ষৎ উঠা নমা কৰিলেও বানপানী হোৱাৰ আশংকা নাই ৷

************