আৰণ্যকৰ উদ্যোগত বাক্সাত হাতী মানুহৰ সংঘাত নিৰাময়ত সংবাদ মাধ্যমৰ ভুমিকা শীৰ্ষক সাংবাদিকৰ কৰ্মশালা :

আৰণ্যকৰ উদ্যোগত বাক্সাত হাতী মানুহৰ সংঘাত নিৰাময়ত সংবাদ মাধ্যমৰ ভুমিকা শীৰ্ষক সাংবাদিকৰ কৰ্মশালা :
Aiidesh Photo

Aiidesh News  :  6 June 2023 : 

ৰাজ্যৰ অগ্ৰনী বেচৰকাৰী প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত আজি বাক্সা জিলাৰ হাতী মানুহৰ সংঘাত অধ্যুষিত আৰু ক্ষতিগ্ৰস্ত এলেকাৰ সাংবাদিক সকলৰ বাবে এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ বনৰীয়া হাতীৰ বিচৰনৰ এই অঞ্চলত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থান আৰু বাতৰি সংগ্ৰহ আৰু পৰিৱেশন কৰাৰ সময়ত সৃষ্টি হোৱা প্ৰতিকূলতা অতিক্ৰমী বাতৰিৰ দ্বাৰা অঞ্চলটোত বন্যপ্ৰাণীৰ সংৰক্ষণক কেনেদৰে সফল কৰিব পৰা যায় এই সম্পৰ্কত কৰ্মশালাত স্থানীয় সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰা হয় ৷ 

জৈৱ বৈচিত্ৰ্য সংৰক্ষণ অগ্ৰণী সংসগঠন আৰণ্যকে মুছলপুৰ প্ৰেছ ক্লাব আৰু বাক্সা প্ৰেছ ক্লাবৰ সহযোগত “এছ বি আই ফাউণ্ডেশ্যন” আৰু “ইউ এছ ফিচ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিচৰ সহায়ত দেওবাৰে সংবাদকৰ্মী সকলৰ বাবে এই সজাগতা কৰ্মশালাখন আয়োজন কৰে ।

কৰ্মশালাত বাক্সা বন সংমণ্ডলৰ ডি এফ অ’ পি কে ব্ৰক্ষ্মই সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰি হাতী মানুহৰ সংঘাতৰ কাৰণ বোৰৰ ওপৰত আলোকপাত কৰে আৰু আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে মানৱ আৰু বন্যপ্ৰাণী সংঘাতৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সহাৱস্থানক সহায় কৰা সম্ভাৱ্য ফলপ্ৰসূ ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ ব্যাখ্যা কৰে ।

আৰণ্যকৰ এগৰাকী পৰিৱেশ শিক্ষক জয়ন্ত পাঠকে বন্যপ্ৰাণী সংৰক্ষণৰ বাতৰি যুগুত কৰাৰ সময়ত সাংবাদিক সকলৰ সমালোচনাত্মক চিন্তা আৰু বৈজ্ঞানিক দৃষ্টিভংগীয়ে সহাৱস্থান আৰু সংঘাত প্ৰশমনত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়ে বক্তব্য আগবঢ়ায় । পাঠকে চক্ৰীয় অৰ্থনীতি আৰু মানৱ কল্যাণলৈ অৰিহণা যোগোৱাৰ বাবে প্ৰকৃতি ভিত্তিক সমাধান আৰু পৰম্পৰাগত জ্ঞানৰ যোগসূত্ৰ স্থাপনৰ ওপৰতো আলোকপাত কৰে । আৰণ্যকৰ বিষয়া অঞ্জন বৰুৱাই আঁত ধৰা কৰ্মশালাখনত আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী ড০ আলোলিকা সিনহায়ো সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰে ।

ছপা আৰু ডিজিটেল উভয় মাধ্যমৰ ২১ গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰা এই কৰ্মশালাত বেংগালুৰুৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ অধ্যাপক এখনি  বৰুৱা আৰু সমুদ্ৰ গগৈৰ লগতে বৰ্তমান আৰণ্যকত শিক্ষা নৱিচ হিচাপে কৰ্মৰত অজয় ছালভেও উপস্থিত থাকে । কৰ্মাশালাৰ শেষত আৰণ্যকৰ হৈ অলকাশ আলীয়ে শলাগৰ শৰাই আৰু সাংবাদিক দিলীপ কুমাৰ হালৈয়ে সামৰণি ভাষণ দিয়ে ।

*********