জিলা প্ৰশাসনৰ উদ্যোগত বোকাখাতত প্ৰস্তাৱিত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মানক লৈ ৰাজহুৱা সভা : লোক নিৰ্মান বিভাগৰ আৰ্হিৰ উপস্থাপন : চাৰিলেন যুক্ত পথ বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰে যোৱাতো বিচাৰে জনসাধাৰণে :

Aiidesh Photo

Aiidesh News:  23 June 2023  :

কাজিৰঙাৰ এনিমেল কৰিডৰৰ উৰণীয়া সেঁতুৰ পিচতেই আজি বোকাখাতৰ প্ৰস্তাৱিত চাৰিলেন যুক্ত পথ নিৰ্মানৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত এই ৰাজহুৱা সভাত বোকাখাতৰ পৰা নুমলীগড়লৈকে হ'ব লগা প্ৰস্তাৱিত চাৰিলেন যুক্ত পথৰ তিনিটা আৰ্হি বোকাখাতৰ জনসাধাৰণৰ আগত উপস্থাপন কৰে অসম চৰকাৰৰ  লোক নিৰ্মান বিভাগে ৷ সভাত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা, গোলাঘাট জিলাৰ আয়ুক্ত ডা৹,  বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত জিলা আয়ুক্ত ডা৹ নেহা যাদৱ, লোক নিৰ্মান বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভাত বোকাখাতৰ বিভিন্ন দল সংগঠনৰ উপৰিও প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহন কৰে ৷ 

ৰাজহুৱা সভাখনতেই লোক নিৰ্মান বিভাগৰ অৱসৰ প্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা শান্তনু ভট্টচাৰ্যই বোকাখাতৰ প্ৰস্তাৱিত চাৰিলেনযুক্ত পথৰ প্ৰস্তাৱিত তিনিটা আৰ্হিৰ সচিত্ৰ উপস্থাপন দাঙি ধৰে ৷ বিষয়া গৰাকীৰ সচিত্ৰ উপস্থাপনৰ পিচতেই ৰীতা হাজৰিকা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয়  সমিতিৰ বিপুল বৰা, চুজা আহমেদ, অভিজিত নাথ, অসম চাহ জন জাতি ছাত্ৰ সন্থাৰ অনিত গড়,  বিজু পেগু , প্ৰনৱ দলে আদি ব্যক্তি সকলে নিজৰ নিজৰ বক্তব্য দাঙি ধৰে ৷ বক্তব্যত সকলোয়ে বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে যোৱাটোকে বিচাৰে ৷ সভাত বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ উপৰিও বোকাখাতৰ উত্তৰ আৰু দক্ষিণ দিশৰ দুটা পথৰো আৰ্হি প্ৰদৰ্শন কৰা হৈছিল ৷ বাকী দুটা আৰ্হি অগ্ৰাৰ্য কৰি উপস্থিত সকলোয়ে ৰাষ্ট্ৰীয় পথৰ ওপৰেদিয়েই চাৰিলেন যুক্ত পথ যোৱাতো বিচাৰে ৷ এই আৰ্হি মতে বোকাখাতৰ ডি এফ অ' কাৰ্যলয়ৰ কিছু পশ্চিমৰ পৰা উৰণীয়া সেঁতুৰে বোকাখাত নগৰৰ ওপৰেদি চাৰিলেন যুক্ত পথ পাৰহৈ গৈ পুৱৰ গড়মুৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰ্যন্ত প্ৰসাৰিত হ'ব ৷ উৰণীয়া সেঁতুৰ দুয়োকাষে বোকাখাত নগৰৰ বাবে ৬ মিটাৰ বহল চাৰ্ভিচ ৰোড নিৰ্মান কৰা হ'ব  বুলি আজিৰ সভাত প্ৰদৰ্শিত আৰ্হিত লোক নিৰ্মান বিভাগে অৱগত কৰে ৷

মত বিনিময়ৰ শেষত মন্ত্ৰী অতুল বৰাই সভালৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনোৱাৰ লগতে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় পথ নিৰ্মানত বোকাখাতৰ জনসাধাৰণ সহযোগিতা কামনা কৰে ৷ আজিৰ সভাৰ পিচত বোকাখাতৰ চাৰিযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মানৰ বাবে কাৰোবাৰ কিবা পৰামৰ্শ থাকিলে লিখিত জিলা আয়ুক্ত দিব পাৰিব বুলিও অৱগত কৰে ৷ উল্লেখ্য যে আজি প্ৰদৰ্শিত আৰ্হিৰ সবিশেষ প্ৰতিবেদন লোক নিৰ্মান বিভাগে অহা আগষ্টৰ ভিতৰত চৰকাৰ হাতত অৰ্পণ কৰিব আৰু চৰকাৰৰ অনুমোদনেৰে এই প্ৰস্তাৱ ৰূপায়ণৰ বাবে আনুষ্ঠানিক ৰাষ্ট্ৰীয় পথ প্ৰধিকৰণক অৰ্পণ কৰিব বুলি জানিব পৰা গৈছে ৷

*********