সম্ভাব্য বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত বনকৰ্মী সহায় কৰিব পৰাকৈ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীৰ তৃতীয়টো প্ৰশিক্ষণ :
Aiidesh News : 30 June - 2025 :
বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ৩০ জুনৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত স্বেচ্ছাসেৱকৰ তৃতীয়টো প্ৰাৰম্ভিক প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায় ৷ এই প্ৰশিক্ষনত বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা বিজ্ঞান মহাবিদ্যালয়ৰ ১৫ জন আৰু কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ৫ জন ৰাষ্ট্ৰীয় সেৱা যোজনাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে ৷ প্ৰশিক্ষণ কালত পানবাৰীৰ বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক আৰু মুখ্য পৰিচালক ডা৹ ভাস্কৰ চৌধুৰীয়ে বন্যপ্ৰাণীৰ সুৰক্ষা, সংৰক্ষণ আৰু বিশেষ পৰিস্থিতিত কৰিব লগীয়া উদ্ধাৰৰ কাৰ্যত পালন কৰিব লগীয়া নীতি নিৰ্দেশনা সম্পৰ্কত ছাত্ৰ ছাত্ৰী সকলক প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান কৰে ৷ বন্যপ্ৰাণী উদ্ধাৰৰ পৰিস্থিতিৰ প্ৰয়োজনীয়তাৰ বাখ্যাৰে ল'ব লগা সাৱধানতা আৰু এনে কাৰ্যৰ প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱহাৰৰো এক বিশেষ প্ৰশিক্ষণো প্ৰদান কৰে ৷ অনুষ্ঠানত পৰিৱেশ কৰ্মী উত্তম শইকীয়াই বানপানীৰ সময়ত নিৰ্বাচিত আৰু প্ৰশিক্ষিত এই ছাত্ৰ ছাত্ৰী সকলে কাজিৰঙাৰ এনিমেল কৰিডৰ বোৰত স্বেচ্ছাসেৱক হিচাবে বনকৰ্মী সকলক যান বাহনৰ গতি নিয়ন্ত্ৰন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কেনেদৰে সহায় কৰিব তাৰ বিষয়ে সবিস্তাৰে অৱগত কৰে ৷
পৰিৱেশকৰ্মী উত্তম শইকীয়াই পৰিচালনা কৰা এই প্ৰশিক্ষণ কাৰ্যসুচীত ডা৹ ভাস্কৰ চৌধুৰীৰ উপৰিও বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ অনান্য কৰ্মচাৰী আৰু স্বেচ্ছাসেকৰ উপৰিও বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত দত্ত আৰু ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সমন্বয়ক অধ্যাপক বিদ্যুত বৰুৱাও অংশ গ্ৰহন কৰে ৷ উল্লেখ্য যে আজিৰ তৃতীয় প্ৰশিক্ষণৰ শেষত আগন্তুক বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত বনকৰ্মীক সহায় কৰিব পৰাকৈ স্থানীয় মুঠ তিনিখন মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ মুঠ ৫০ গৰাকী স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীক প্ৰাৰম্ভিক প্ৰশিক্ষনেৰে সাজু কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷
************