বোকাখাতৰ প্ৰাংগনা বৰালৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ ২০২৩-২৪ ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান :

বোকাখাতৰ প্ৰাংগনা বৰালৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ ২০২৩-২৪ ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান  :
Aiidesh Photo

Azanta Talukdar : Aiidesh News : 2 February  2024 : 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৩-২৪ বৰ্ষৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে উদীয়মান যুৱ নাট্যকৰ্মী প্ৰাংগনা বৰাই । বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ে মহোৎসৱৰ একাংকিকা নাট প্ৰতিযোগিতাত  মহাবিদ্যালয় খনৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° ৰুবী বৰা ৰচিত আৰু যুৱ নাট পৰিচালক তৰুণ তীৰ্থ শইকীয়া পৰিচালিত একাংকিকা নাট "অন্য এক যমুনা"ত প্ৰদৰ্শন কৰা বলিষ্ঠ অভিনয়ৰ বাবে শ্ৰেষ্ঠা অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় প্ৰাংগনা বৰাই । নাটখনিত ৬৫ বৰ্ষৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধা "যমুনা"ৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰাংগনা বৰাই । বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী প্ৰাংগনা বৰা শৈশৱৰ পৰাই বিহু নৃত্যৰ সৈতে জড়িত হোৱাৰ লগতে অভিনয়ৰ সৈতেও জড়িত । প্ৰাংগনা বৰাই "ভূমিফুল", "বেহুৰ চাৰ্কাছ", "ভূমিকন্যা", "শেষ ভাওনাৰ ভাও", "মায়ংজকা"কে আদি কৰি কেইবাখনো একাংকিকা আৰু পূৰ্ণাংগ নাটক, দহখনৰো অধিক বাটৰ নাট, ৰাস আদিত বিভিন্ন চৰিত্ৰত অভিনয় কৰি বোকাখাত আৰু অসমৰ বিভিন্ন মঞ্চত বলিষ্ঠ অভিনয় প্ৰদৰ্শনেৰে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । উল্লেখ্য যে শেহতীয়াকৈ বোকাখাতৰ বিভিন্ন নাট কৰ্মশালাৰ নিয়মীয়া প্ৰশিক্ষক প্ৰাংগনা বৰা । বোকাখাতৰ কেইবাটাও নাট্য সংগঠনৰ সৈতে জড়িত প্ৰাংগনা বৰা বোকাখাতৰ ১০ নং ৱাৰ্ডৰ ৩ নং দ গাঁও নিবাসী বিশিষ্ট নাট্যকৰ্মী, নাট পৰিচালক,তথা শিক্ষক নিৰজমণি বৰা আৰু ববিতা বৰাৰ দুই কন্যা । প্ৰাংগনা বৰাৰ সফলতাই বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ লগতে বোকাখাতলৈ আনন্দৰ জোৱাৰ আনিলে । মহাবিদ্যালয়খনৰ লগতে বোকাখাতৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে যুৱ অভিনেত্ৰী গৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে ৷ 

**********