সাম্ভাৱ্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ কৰ্তৃপক্ষৰ উদ্যোগত স্থানীয় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰীক স্বেচ্ছাসেৱকৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান :
Aiidesh News : 25 June - 2025 :
সাম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত বানপানীৰ বাবে নিৰ্বাচিত স্বেচ্ছাসেৱকৰ প্ৰাৰম্ভিক প্ৰশিক্ষন বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰত চলি আছে ৷ বিগত সময়চোৱাত বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰবোৰত যানবাহনৰ গতি নিয়ন্ত্ৰন আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদানৰ বাবে বনকৰ্মীক সহায় কৰিবৰ বাবে কাজিৰঙাৰ কৰ্তৃপক্ষই স্থানীয় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰীক পৰিকল্পিত ভাৱে নিয়োগ কৰি আহিছে ৷ উল্লেখ্য যে এই ক্ষেত্ৰত স্থানীয় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মহাবিদ্যালয় সমুহে নিৰ্বাচন কৰি দিয়া ছাত্ৰ ছাত্ৰী সকলকহে উপযুক্ত প্ৰশিক্ষণ দি বানপানীৰ সময়ত এনিমেল কৰিডৰ বোৰত বনকৰ্মীক সহায় কৰিবৰ বাবে নিয়োগ কৰা হয় ৷
বিগত বৰ্ষৰ দৰে এই বাৰো স্থানীয় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক সকলক নিৰ্বাচন কৰি প্ৰশিক্ষণ প্ৰদানৰ কাম আৰম্ভ কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷ ইয়াৰ বাবে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়, চি এন বি মহাবিদ্যালয়, কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয় আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ ৬৫ গৰাকী ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কেডাৰক মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত নিৰ্বাচন কৰি প্ৰযায় ক্ৰমে বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত প্ৰাৰম্ভিক প্ৰশিক্ষন প্ৰদান কৰিছে ৷ ২৪ জুনৰ পুৱা পৰিৱেশ কৰ্মী উত্তম শইকীয়াৰ নেতৃত্বত বনাঞ্চলিক বিষয়া সকলৰ বিশেষ সহযোগত বৰজুৰিৰ কেন্দ্ৰত জেষ্ঠ পশুচিকিৎসক আৰু কেন্দ্ৰটোৰ মুখ্য পৰিচালক ডা৹ ভাস্কৰ চৌধুৰীয়ে স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰী সকলক বানপানীৰ সময়ত কৰিব লগা কাম আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ল'ব লগা সাৱধানতাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে ৷ পৰিৱেশ কৰ্মী উত্তম শইকীয়াই বানপানীৰ সময়ত এনিমেল কৰিডৰত কৰিব লগা কামৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰে ৷ অনুষ্ঠানত দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত মঙলদৈৰ ৰিপুঞ্জয় ডেকাই বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত স্বেচ্ছাসেৱক হিচাবে কৰি থকা কামৰ অভিজ্ঞতাও বৰ্ণনা কৰে ৷
৪ জুনত আয়োজিত প্ৰথমটো প্ৰশিক্ষণৰ শেষত আজি দ্বিতীয়টো দলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ প্ৰশিক্ষণৰ প্ৰথমটো কাৰ্যসুচীত বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল আৰু কেন্দ্ৰৰ পশুচিকিৎসক, স্বেচ্ছাসেৱক আৰু বনকৰ্মী সকলেও অংশগ্ৰহন কৰে ৷ পৰৱৰ্তী সময়ত অহা ৩০ জুনত স্বেচ্ছাসেৱকৰ তৃতীয় আৰু চতুৰ্থ গোটৰ প্ৰশিক্ষণ বৰজুৰিৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত অনুষ্ঠিত হ'ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ প্ৰশিক্ষণৰ শেষত বানপানীৰ সময়ত এই ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰী সকলে স্বেচ্ছাসেৱক হিচাবে কাজিৰঙাৰ বিভিন্ন এনিমেল কৰিডৰত বনকৰ্মীক সহায় কৰিব ৷
************