ইতিহাসৰ পাতত আজিৰ দিনটো-১০মে

ইতিহাসৰ পাতত আজিৰ দিনটো-১০মে

১০ মে গ্রেগৰীয় বর্ষপঞ্জী অনুসৰি বছৰৰ ১৩০ সংখ্যক দিন (অধিবৰ্যত ১৩১তম) দিন। বছৰ শেষ হবলৈ আৰু ২৩৫ দিন বাকি আছে

  • -আজি বিশ্ব মাতৃ দিৱস
  • অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিৰিধৰ শৰ্মাই মৃত্যুৰ শীতল কোলাত শুই পৰে ১৯৭৭ চনৰ আজিৰ দিনটোতে।

-১৯৯৮ আজিৰ দিনটোতে পৰলোক প্ৰাপ্তি ঘটে যশস্বী ঔপন্যসিক কাঞ্চন বৰুৱাৰ। তেখেতৰ প্ৰকৃত নাম আছিল ভূবনমোহন বৰুৱা ৷ অসীমত যাৰ হেৰাল সীমা আৰু পুৱতি তৰা তেখেতৰ দুখন বহুপঠিত, জনপ্ৰিয় উপন্যাস ৷

- আজিৰ দিনটোতে হৰিদেউ যোশীয়ে অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে (১৯৯৮ চন)।

- সংসদ চেণ্টেল হলত আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা যুদ্ধৰ প্ৰথম বিদ্ৰোহ চিপাহী বিদ্ৰোহৰ ১৫০ বছৰীয়া জয়ন্ত উদযাপন কৰে ২০০৭ চনৰ আজিৰ দিনটোতে ।

আজিৰ দিনটোত ১৯৮১ চনত মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয় ।

-বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে ১৯০১ চনৰ আজিৰ দিনটোতে ৷

-বিশ্ব পৰিভ্ৰমী তথা প্ৰৱজনকাৰী পক্ষী দিৱস