মফচলীয় চহৰ বোকাখাততো চিলনী চোৰৰ সন্ত্ৰাস : থপিয়াই নিলে যুৱতীৰ হাতৰ মোবাইল ফোন :

মফচলীয় চহৰ বোকাখাততো চিলনী চোৰৰ সন্ত্ৰাস  : থপিয়াই নিলে যুৱতীৰ হাতৰ মোবাইল ফোন  :
Collected

Aiidesh News  : 23 May - 2024 : 

বোকাখাতৰ দৰে মফচলীয় নগৰতো আৰম্ভ হৈছে চিলনী চোৰৰ সন্ত্ৰাস ৷ ড্ৰাগচ, মটৰচাইকেল চোৰৰ পিচত এইবাৰ বোকাখাতত সক্ৰিয় হৈছে চিলনী চোৰ ৷ আজি বিয়লি নগৰখনৰ ষ্টেট বেংকৰ সমীপত দীপামনি শইকীয়া নামৰ এগৰাকী যুৱতীৰ হাতৰ পৰা মটৰ চাইকেলেৰে অহা এজন যুৱকে চিলনিয়ে থপিওৱাৰ দৰে থপিয়াই লৈ যায় এটা মোবাইল ফোন ৷  বোকাখাতত থকা নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকত কৰ্মৰত বৰপথাৰৰ দীপামনি শইকীয়াই জনোৱা মতে বোকাখাতৰ ৰাষ্ট্ৰীয় পথেৰে আহি থকা অৱস্থাত এখন কমলা বগা বৰণৰ কে টি এম বাইকত বগা চোলা পৰিহিত ক্ষীনাংগ যুৱকে আহি তেওঁ হাতৰ পৰা তেওঁৰ মোবাইলটো কাঢ়ি লৈ উধাও হয় ৷ ঘটনাৰ পিচতেই দীপামনি শইকীয়াই ঘটনাৰ বিষয়ে বোকাখাত আৰক্ষীক অৱগত কৰে যদিও কোনো ধৰণৰ ইতিবাচক সঁহাৰি পোৱা নাই ৷ দীপামনি শইকীয়াৰ মোবাইল ফোনেই নহয় অনাগত দিনত চিলনী চোৰৰ পৰা বোকাখাতৰ নাগৰিকক বোকাখাতৰ আৰক্ষীয়ে নিৰপত্তা প্ৰদান কৰিব পাৰিবনে বুলি সন্দেহ প্ৰকাশ কৰিছে বোকাখাতৰ নাগৰিকে ৷ উল্লেখ্য যে বোকাখাতত কে টি এম বাইকৰ সংখ্যা আঙুলিৰ মুৰত লিখিব পৰা ৷ এনে অৱস্থাত অলপ চেষ্টা কৰিলেই বোকাখাত আৰক্ষীয়ে চিলনী চোৰক কৰায়ত্ব কৰিব পাৰিব বুলিও আশাবাদী স্থানীয় লোক ৷

**********