বোকাখাতৰ অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসুচীত মন্ত্ৰী অতুল বৰাৰ বৃক্ষ ৰোপণ : বোকাখাতৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নতুন ভৱনৰ শিলান্যাস সম্পাদন :

বোকাখাতৰ অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসুচীত মন্ত্ৰী অতুল বৰাৰ বৃক্ষ ৰোপণ : বোকাখাতৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নতুন ভৱনৰ শিলান্যাস সম্পাদন :
Aiidesh Photo

Aiidesh News : 17 September 2023  : 

অমৃত বৃক্ষ আন্দোলন - পৰিৱেশ সুৰক্ষা আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে ১৭ ছেপ্তেম্বৰত বোকাখাত মহকুমাৰ বিভিন্ন ঠাইত বৃক্ষ ৰোপণ কাৰ্যসুচী ৰূপায়ন কৰা হয় । বৃক্ষ ৰোপণ কাৰ্যসূচীত  অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কৃষি,পশুপালন আৰু পশু চিকিৎসা আদি দপ্তৰৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই । অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি ১৭ ছেপ্তেম্বৰত বোকাখাত মহকুমাৰ ৰজাবাৰী গাঁও পঞ্চায়তৰ চৌহদ আৰু ম'হমাইকী গাঁও পঞ্চায়তৰ চৌহদত কেইবাটাও মূল্যৱান বৃক্ষৰ পুলি ৰোপণ কৰা হয় । একেদৰে অমৃত বৃক্ষ আন্দোলনৰ অধীনতে বোকাখাত প্ৰশাসনৰ উদ্যোগত বোকাখাত নগৰৰ ইন্দিৰা গান্ধী শিশু উদ্যানৰ চৌহদতো মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত  মূল্যৱান বৃক্ষৰ পুলি ৰোপণ কৰা হয় । উল্লেখ্য যে, আজি এই অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰাজ্যজুৰি এক কোটি মূল্যৱান গছপুলি ৰোপণ কৰা হৈছে । তাৰে অংশ হিচাবে বোকাখাতত ৰূপায়ণ কৰা ইই বৃক্ষ ৰোপন কাৰ্যসুচীত মন্ত্ৰী অতুল বৰাৰ উপৰিও বোকাখাতৰ মহকুমাধিপতি চিমি কৰণ, বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া  চম্পক ডেকা, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈৰ লগতে ৰজাবাৰী আৰু ম'হমাইকী গাঁও পঞ্চায়তৰ সভাপতি তথা আঞ্চলিক পঞ্চায়তৰ সদস্য, অন্যান্য পঞ্চায়ত প্ৰতিনিধি সকল আৰু বোকাখাত পৌৰসভাৰ উদ্যোগত ইন্দিৰা গান্ধী শিশু উদ্যান চৌহদত আয়োজিত গছ পুলি ৰোপণ  কাৰ্যসূচীত বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা,, পৌৰসভাৰ সদস্য, বোকাখাতৰ নির্বাচনী বিষয়া পৰীস্মিতা দিহিঙীয়া, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' অৰুণ বিঘ্নেশৰ উপৰিও স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ৰ সমীপত স্থাপন হ'বলগীয়া  বোকাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নতুন ভৱনটোৰ আনুষ্ঠানিকভাৱে শিলান্যাসো কৰে মন্ত্ৰী অতুল বৰাই ।

**********