আজি বিশ্ব মাতৃ দিৱস

আজি বিশ্ব মাতৃ দিৱস
বিশ্ব মাতৃ দিৱস

প্ৰথম মাতৃ দিৱস ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰে। ইয়াৰ পিছত মাতৃ দিৱসৰ স্বীকৃতি বিচাৰি আন্না জাৰভিছে সমগ্ৰ আমেৰিকাত প্ৰচাৰ চলায়। ১৯১৪ চনত আন্না কৃতকাৰ্য হ’লেও মাতৃ দিৱসৰ ব্যৱসায়ীকৰণ দেখি পিছলৈ তেখেত হতাশাত ভাগি পৰে। আন্নাই পালন কৰা মাতৃ দিৱসটি আন আন দেশেও পালন কৰিবলৈ লয়। মাতৃ দিৱসৰ দিনা পুত্ৰ-কন্যাই মাতৃলৈ উপকাৰ আদি আগবঢ়ায় আৰু বিশেষভাৱে মাতৃগৰাকীৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰাজি সমাধানৰ অৰ্থে বিশেষ গুৰুত্ব দিয়ে।

১৯১২ চনত আন্না জাৰভিচে ‘ছেকেণ্ড ছানডে ইন মে’ আৰু ‘মাডাৰ্ছ ডে’ ইন্টাৰনেচনেল এছোচিয়েছন’ গঠন কৰে। তেওঁ কৈছিল যে- “Mother’s should be singular possessive for each family to honour its mother, not a plural possessive commemorating all mothers of the world”.

ৰামায়ণত উল্লেখ, ‘জননী জন্মভূমিশ্চ স্বর্গাদপি গৰীয়সীঅর্থাৎ মাতৃ আৰু মাতৃভূমি স্বর্গতকৈও শ্রেষ্ঠ। মহাভাৰততো উল্লেখ যে মাতৃ-পিতৃ আৰু গুৰু জনাৰ সেৱা কৰায়ে মানুহৰ প্ৰধান কৰ্তব্য। অথৰ্ব বেদে কৈছে যে পুত্ৰ নিজ পিতৃভক্ত আৰু তেওঁৰ অন্তৰ মাতৃৰ দৰে হোৱা উচিত। কোৰানত উল্লেখ, ‘মই মানুহক তেওঁৰ পিতৃ-মাতৃৰ লগত সদ্ব্যব্যৱহাৰ কৰিবলৈ আদেশ দিছোঁ। হজৰত মহম্মদেও কৈছিল, ‘মাতৃৰ চৰণৰ তলত সন্তানৰ স্বৰ্গ। বুদ্ধদেৱে মাতৃৰ প্ৰেমৰ উদাহৰণ দি কৈছিল, ‘যেনেকৈ এগৰাকী মাতৃয়ে নিজৰ জীৱন হানি হলেও তেওঁৰ সন্তানক প্ৰেম কৰে আৰু ৰক্ষা কৰে তেনেকৈ প্ৰত্যেক মানুহে পৃথিৱীৰ সকলো লোককে ভাল পোৱা উচিত। বাইবেলে কৈছে, ‘পিতৃ-মাতৃক সন্মান কৰা, তেহে তোমাৰ কল্যাণ হব আৰু দেশত দীৰ্ঘায়ু হ। অসমীয়া সমাজতো মাতৃৰ বিশেষ স্থান আছে। জয়মতী, ফুলেশ্বৰী কুঁৱৰী, মূলা গাভৰু, কনকলতা আদিয়ে অসম বুৰঞ্জীৰ পাত জিলিকাই ৰাখিছে। কবি আনন্দচন্দ্ৰ আগৰৱালাই কবিতা লিখি গৈছে, ‘কোনে মোক তুলি-তালি কৰিলে ডাঙৰ, মৌ সনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ দুগালত চুমা খাই। তেওঁ মোৰ পূজনীয়া মৰমৰ আই। সেয়েহে অসমীয়া সমাজত মাতৃৰ বিশেষ মৰ্যাদা আছে আৰু কথাতে কোৱা হয়, ‘নৈৰ সমান বব কোন, আইৰ সমান হব কোন?’